ETV Bharat / sports

পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:10 PM IST

Paris Olympics 2024: ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগত ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছত প্ৰথমটো কান্ট্ৰী হাউছ – ইণ্ডিয়া হাউছ ঘোষণা কৰিছে । ইণ্ডিয়া হাউচত বিশ্বৰ প্ৰতিটো কোণৰ লোকে ভাৰতৰ প্ৰতিভা, সম্ভাৱনা আৰু উচ্চাকাংক্ষাৰ আভাস পাব ।

Paris Olympics 2024
২০২৪ চনৰ পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ২৬ জুন: পেৰিছ অলিম্পিক ২০২৪ লৈ মাজত মাত্ৰ এমাহ বাকী ৷ এইবাৰ অলিম্পিকত কেইবাটাও ঐতিহাসিক ঘটনা প্ৰথমবাৰলৈ দেখা যাব ৷ ইয়াৰ মাজত ভাৰতৰ বাবে অতি তাৎপৰ্য বহন কৰা এটা ঘটনা হ’ব অলিম্পিক গেমছৰ প্ৰথমটো দেশীয় ঘৰ – ইণ্ডিয়া হাউছ ।

ৰিলায়েন্স ফাইণ্ডেছনে ভাৰতীয় অলিম্পিক সংঘৰ (আই অ' চি) সহযোগত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ বাবে দেশৰ প্ৰথমটো কান্ট্ৰী হাউছ নিৰ্মাণ কৰিছে, যাৰ নাম হ’ব ইণ্ডিয়া হাউছ । ৰিলায়েন্স ফাউণ্ডেচনে নিৰ্মাণ কৰিবলগীয়া এই ইণ্ডিয়া হাউছটো পেৰিছৰ প্ৰতিষ্ঠিত পাৰ্ক ডি লা ভিলেটত নিৰ্মাণ কৰা হৈছে ।

ইণ্ডিয়া হাউছৰ উপৰিও পাৰ্ক ডি লা ভিলেটত নেদাৰলেণ্ড, কানাডা, ব্ৰাজিল আৰু আয়োজক ফ্ৰান্সকে ধৰি ১৪খন দেশৰ দেশীয় ঘৰ থাকিব । ইণ্ডিয়া হাউছ কেৱল ভাৰতীয়ৰ বাবেই নহয় ইয়াৰ দুৱাৰ মুকলি থাকিব সমগ্ৰ বিশ্বৰ খেলুৱৈ, গণ্যমান্য ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমীসকলৰ বাবে । ইণ্ডিয়া হাউচত বিশ্বৰ প্ৰতিটো কোণৰ লোকে ভাৰতৰ প্ৰতিভা, সম্ভাৱনা আৰু উচ্চাকাংক্ষাৰ আভাস পাব । ভাৰতৰ ভূমিক প্ৰতিভা আৰু বৈচিত্ৰ্যৰে চহকী বুলি গণ্য কৰা হয় । সংস্কৃতিৰ পৰা আৰম্ভ কৰি শিল্প আৰু ক্ৰীড়ালৈকে যোগ, হস্তশিল্প, সংগীত আৰু পৰম্পৰাগত ভাৰতীয় খাদ্য, ইণ্ডিয়া হাউছ এই ঘৰতে পৰিবেশন কৰা হ’ব ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকৰ বাবে ১৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা: দলৰ দায়িত্বত হৰমনপ্ৰীত সিং - Paris Olympics 2024

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য তথা ৰিলায়েন্স ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক নীতা আম্বানীয়ে সংবাদ মাধ্যমত কয়, “পেৰিছ অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে ইণ্ডিয়া হাউছৰ কথা ঘোষণা কৰি মই ৰোমাঞ্চিত হৈছো ।”

"যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা আই অ' চিৰ অধিবেশন, ৪০ বছৰৰ ভিতৰত প্ৰথমটো আমাৰ অলিম্পিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল আৰু আমি ইণ্ডিয়া হাউছ মুকলি কৰি এই গতি অব্যাহত ৰাখিবলৈ পাই আনন্দিত হৈছো ৷ এইটো এনেকুৱা এটা স্থান য’ত আমি আমাৰ খেলুৱৈসকলক সন্মান জনাম, আমাৰ জয়যাত্ৰা উদযাপন কৰিম, আমাৰ কাহিনীসমূহ শ্বেয়াৰ কৰিম আৰু বিশ্বক ভাৰতলৈ আদৰণি জনাম ।’-আম্বানীয়ে লগতে কয়।

ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পি টি উষাই কয় যে ৰিলায়েন্স ফাউণ্ডেছনৰ সহযোগত উদ্বোধন হ’বলগীয়া ইণ্ডিয়া হাউছ পেৰিছ অলিম্পিকত ভাৰতীয় অনুৰাগী আৰু খেলুৱৈসকলৰ বাবে অন্যতম মূল আকৰ্ষণ হ’ব ।

লগতে পঢ়ক: আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

“ইণ্ডিয়া হাউছ অন্য দেশৰ অনুৰাগী আৰু লোকসকলে ভাৰতৰ বিষয়ে জানিবলৈ এক উত্তম উপায় হ’ব আৰু ভাৰতে ইয়াক ইমান বিশেষ কৰি তোলাৰ কাৰণে ভাৰতে বৃহৎ অনুষ্ঠানৰ আয়োজন হিচাপে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে আৰু ইণ্ডিয়া হাউছ হৈছে আমাৰ ইচ্ছাই কৰা অগ্ৰগতি প্ৰতিফলিত কৰিছে ।” উষাই কয় যে এই পদক্ষেপ গ্ৰহণ কৰি ভাৰতৰ অলিম্পিক সংস্থাক আগুৱাই নিয়াৰ বাবে মই আই অ’ চিৰ সদস্য নীতা আম্বানীৰ লগতে ক্ৰীড়া ৰাষ্ট্ৰ আৰু অলিম্পিক সংস্থাক ধন্যবাদ জনাইছো ৷” উষাই লগতে কয় ।

ভাৰতৰ অলিম্পিক যাত্ৰা আৰু উচ্চাকাংক্ষা উদযাপন:

১৯২০ চনত আই অ’ এৰ তত্বাৱধানত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত প্ৰতিদ্বন্দ্বিতা কৰাৰ ১০০ বছৰ স্মৰণ কৰিব ইণ্ডিয়া হাউছে। ই ভাৰতৰ ক্ৰীড়া জগতত ভয়ংকৰ প্ৰতিদ্বন্দ্বী হিচাপে বিৱৰ্তনৰ প্ৰতীক আৰু অলিম্পিকৰ প্ৰতি ৰাষ্ট্ৰৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.