ETV Bharat / sports

বিমানবন্দৰত সংঘটিত এই কাৰ্যত দুখ প্ৰকাশ হাৰ্দিক সিঙৰ - INDIAN HOCKEY TEAM AT AIRPORT - INDIAN HOCKEY TEAM AT AIRPORT

Hardik Reveals Shocking Incident: ভাৰতীয় হকী দলৰ খেলুৱৈ হাৰ্দিক সিঙে শেহতীয়াকৈ ইউ টিউবৰ পডকাষ্টত প্ৰকাশ কৰিছে বিশেষ তথ্য ৷ বিমানবন্দৰত সংঘটিত এটি ঘটনাই খেলুৱৈগৰাকীক দুখ দিয়া বুলি প’ডকাষ্টত প্ৰকাশ ৷

INDIAN HOCKEY TEAM AT AIRPORT
ভাৰতীয় হকী দল আৰু ডলী চাইৱালা (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Sep 28, 2024, 4:08 PM IST

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক দখল কৰি দেশক গৌৰৱান্বিত কৰাৰ সুযোগ দিছে ভাৰতীয় হকী দলে ৷ পেৰিছত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দলটোক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰিছিল ৷

কিন্তু ইয়াৰ পিছতো দলটোৰ সৈতে সংঘটিত হৈছে এক দুখজনক ঘটনা ৷ ভাৰতৰ হকী মিডফিল্ডাৰ হাৰ্দিকে তেনে এটা ঘটনাকে শেহতীয়াকৈ প্ৰকাশ কৰিছে । যাক আচৰিত আৰু লজ্জাজনক বুলি গণ্য কৰিব পাৰি । তেওঁ কৈছিল যে, দেশলৈ সাফল্য কঢ়িওৱাৰ পিছতো সাধাৰণ জনতাই তেওঁলোকক চিনি নাপালে ৷

ইণ্টাৰনেটৰ ছেনচেশ্যন ডলী চাইৱালাৰ কাৰণে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতো খেলুৱৈসকলক উপেক্ষা কৰিছিল সাধাৰণ জনতাই ।

পেৰিছ অলিম্পিক আৰু পিছলৈ এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত দলটোৰ সফলতা স্বত্বেও বিমানবন্দৰত অনুৰাগীসকলে হকী তাৰকাসকলক উপেক্ষা কৰিছিল । তাৰসলনি অনুৰাগীসকলে সেই সময়ত বিমানবন্দৰত উপস্থিত থকা ডলী চাইৱালাৰ সৈতে ছেলফি তুলিছিল ৷

হাৰ্ডিকে ইউ টিউব পডকাষ্টত কৈছিল যে, "মই বিমানবন্দৰৰ পৰা নিজ চকুৰে এইটো দেখিছিলো । হৰমনপ্ৰীত (মই আৰু মনদীপ সিং) আমাৰ দলটো 5-6 জনীয়া আছিল । ডলী চাইৱালাও তাত আছিল ৷ সাধাৰণ লোকে আমাক চিনাক্ত কৰিব নোৱাৰিলে আৰু বিমানবন্দৰত উপস্থিত থকা ডলী চাইৱালাৰ সৈতে চেলফি লৈ আছিল । আমি আচৰিত হৈ ইজনে-সিজনৰ ফালে চাবলৈ আৰম্ভ কৰিলো" ।

উল্লেখ্য যে, হৰমনপ্ৰীতে বৰ্তমানলৈকে 150 টাতকৈ অধিক গ’ল কৰিছে আৰু মনদীপে কৰিছে 100 তকৈও অধিক ফিল্ড গ’ল ৷

হাৰ্দিকে কৈছিল যে, "অনুৰাগীসকলৰ পৰা পোৱা মৰমে খেলুৱৈসকলৰ উৎসাহ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এজন খেলুৱৈৰ বাবে খ্যাতি আৰু ধন দুটা ভিন্ন বিষয় ৷ কিন্তু যেতিয়া অনুৰাগীয়ে আপোনাৰ প্ৰশংসা কৰে, এজন খেলুৱৈৰ বাবে ইয়াতকৈ ডাঙৰ সন্তুষ্টি একো থাকিব নোৱাৰে" ৷

লগতে পঢ়ক: এছিয়াৰ শ্ৰেষ্ঠ ভাৰত; এছিয়ান হকী চেম্পিয়নছৰ খিতাপ দখল ভাৰতীয় হকী দলৰ - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.