স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাজত পূৰ্বে ক্ৰিকেটপ্ৰেমীয়ে নেদেখা কিছু বাৰ্তালাপৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত ৷ এই ভিডিঅ’টোত দুয়োগৰাকীকে মুখামুখিকৈ বহি ইজনে-সিজনৰ লগত কথা পাতি থকা দেখা গৈছে, যি সাধাৰণতে তেওঁলোকৰ মাজত খুব কমেই দেখা যায় বুলিব পাৰি ।
বিৰাট-গম্ভীৰৰ বাৰ্তালাপৰ ভিডিঅ’ মুকলি
বৃহস্পতিবাৰে বি চি চি আইয়ে চেন্নাইৰ এম এ চিদাম্বৰম যাক চেপক ষ্টেডিয়াম বুলিও জনা যায়, তাৰে এটা মাত্ৰ 40 ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰে ৷ য’ত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীক বাৰ্তালাপ কৰি থকা দেখা গৈছে ৷
A Very Special Interview 🙌
— BCCI (@BCCI) September 18, 2024
Stay tuned for a deep insight on how great cricketing minds operate. #TeamIndia’s Head Coach @GautamGambhir and @imVkohli come together in a never-seen-before freewheeling chat.
You do not want to miss this! Shortly on https://t.co/Z3MPyeKtDz pic.twitter.com/dQ21iOPoLy
ভিডিঅ’টোত বিৰাট কোহলীয়ে গম্ভীৰক সুধিছিল যে, "যেতিয়া আপুনি বেটিং কৰে আৰু বিপক্ষৰ সৈতে কম-বেছি পৰিমাণে কথা-বতৰা চলে, তেতিয়া আপুনি কেতিয়াবা অনুভৱ কৰেনে যে ই আপোনাৰ মেজাজ নষ্ট কৰে ? যাৰ বাবে আপুনি সোনকালে আউট হোৱাৰ সম্ভাৱনা থাকে নে ইয়ে আপোনাক ক্ৰিজত টিকি থাকিবলৈ অধিক প্ৰেৰণা দিয়ে? "
বিগত সময়ত হোৱা বিবাদ সন্দৰ্ভত কি ক’লে ?
কোহলীয়ে সোধা প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে মুখত হাঁহি এটা লৈ ক’লে, "আপুনি মোতকৈ বেছি তৰ্ক কৰিছে" । এই কথা শুনি কোহলীয়ে হাঁহিত বাগৰি পৰে আৰু কয়, "মই ভাবো আপুনি মোতকৈ ভালকৈ এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব" ।
বিৰাটে লগতে কয়, "মই মাত্ৰ কনফৰ্মেচন বিচাৰো । মই ভুল বুলি কোৱা নাই, মাথো বিচাৰো কোনোবাই হয় বুলি কওক, এইটোৱেই সঠিক পথ" ।
ইয়াৰ পিছত ভিডিঅ'টোৰ শেষত বিৰাটে কৈছে, "আমি বহুত মছলা দিছো" । বিৰাটৰ কথা গম্ভীৰ মান্তি হৈ আৰু হাঁহিমুখে তাক স্বীকাৰ কৰা দেখা যায় ৷