नई दिल्ली: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ সন্মুখত দেখা দিছে ডাঙৰ বিপদে ৷ দলটোৰ অন্যতম তাৰকা বেটছমেন কে এল ৰাহুলে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে কিলাকুটিত আঘাতপ্ৰাপ্ত হৈছে ৷
দৰাচলতে, অনুশীলন মেচত দ্ৰুত বাউঞ্চাৰে ৰাহুলৰ কিলাকুটিত আঘাত কৰিছিল ৷ যাৰ বাবে তেওঁ খেলপথাৰৰ বাহিৰ হ’বলগীয়া হয় ৷ এতিয়া প্ৰথমখন টেষ্টত ক্ৰিকেটাৰগৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰিবনে নাই, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷
KL Rahul left the field today as a precautionary measure, he'll be fit for the 1st Test. 🇮🇳 pic.twitter.com/syoAHU1xBy
— Mufaddal Vohra (@mufaddal_vohra) November 15, 2024
অনুশীলন মেচত আঘাতপ্ৰাপ্ত ৰাহুল
ভাৰতীয় দলটোৱে সম্প্ৰতি ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান ক্ৰিকেট এছ'চিয়েছনৰ অধীনত এখন অনুশীলন মেচ খেলি আছে । এই মেচখন ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে টীম ইণ্ডিয়াৰ প্ৰস্তুতিৰ অংশ । এই খেলখনতে ৰাহুলে আঘাতপ্ৰাপ্ত হয় ।
একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আঘাতৰ পিছত ৰাহুলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ এই আঘাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলাৰ আগতে তেওঁৰ ফৰ্মৰ বিষয়টোক লৈ উদ্বেগ বৃদ্ধি কৰিছে ।
KL Rahul was hit on his right elbow during India's match simulation session at WACA ground in Perth today and He's looking comfortable. (Express Sports).
— Tanuj Singh (@ImTanujSingh) November 15, 2024
- KL Rahul walks off the field After that..!!!! pic.twitter.com/1STtk1y2yK
ৰাহুলৰ আঘাতৰ পৰিপ্ৰেক্ষিতত অভিমন্যু ঈশ্বৰণে যশস্ৱী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে ৰাহুলৰ আঘাত কিমান গুৰুতৰ, সেই বিষয়ে কোনো কথা স্পষ্ট নহয় ৷ একাংশ প্ৰতিবেদনত ৰাহুল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে সুস্থ বুলি দাবী কৰা হৈছে ।
চৰফৰাজ খানো আঘাতপ্ৰাপ্ত
ৰাহুলৰ সৈতে ভাৰতীয় বেটছমেন চৰফৰাজ খানেও নেট অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল । এনে পৰিস্থিতিত দলটোত সালসলনি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
অৱশ্যে ৰাহুলৰ শেহতীয়া ফৰ্মে টীম ইণ্ডিয়াক চিন্তাত পেলাইছে ৷ কিয়নো খেলুৱৈগৰাকীয়ে দুটা ইনিংছত মাত্ৰ 12 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । তেওঁ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত এ দলতো খেলিছিল ৷ কিন্তু সোঁহতীয়া বেটছমেনগৰাকীয়ে মাত্ৰ 4 আৰু 10 ৰাণহে সংগ্ৰহ কৰিছিল ।
লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট; তাৰপিছতে চিৰবিদায় ক্ৰিকেটক