ETV Bharat / sports

গাব্বা টেষ্টত ধাৰাসাৰ বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা - BORDER GAVASKAR TROPHY

Ind vs aus 3rd Test: গাব্বা টেষ্টত বতৰৰ বিধি-পথালিৰ সম্ভাৱনা ৷ বৰষুণ দিলে বাতিল কৰা হ’ব নেকি মেচখন ?

BORDER GAVASKAR TROPHY
গাব্বা টেষ্টৰ বতৰৰ পূৰ্বানুমান (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Dec 13, 2024, 4:04 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তৃতীয়খন টেষ্ট মেচ ব্ৰীছবেনৰ গাব্বাত অনুষ্ঠিত হ'ব । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ বাবে পাঁচখন খেলৰ শৃংখলাৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ টীম ইণ্ডিয়াৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ ৷

14 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই টেষ্টত বতৰে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে ৷ যদিহে বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত টীম ইণ্ডিয়াৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত কি হ'ব সমীকৰণ ?

গাব্বা টেষ্টৰ বতৰ কেনে হ'ব ?

বতৰ বিজ্ঞানীসকলৰ মতে, ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টেষ্ট মেচৰ প্ৰথম চাৰিদিন বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই সময়ছোৱাত তাপমাত্ৰা প্ৰায় 27 ডিগ্ৰী ছেলচিয়াছ হ'ব । যাৰ বাবে খেলুৱৈসকলে অধিক পৰিমাণে আৰ্দ্ৰতাৰ সন্মুখীন হ'ব লাগিব ।

এই খেলখনৰ প্ৰথমদিনা বিশেষকৈ পুৱা আৰু আবেলি সময়ত 65% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দ্বিতীয় আৰু তৃতীয় দিনত ক্ৰমান্বয়ে 58% আৰু 60% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, চতুৰ্থ দিনাও 55% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, চাৰিদিনৰ তুলনাত পঞ্চম দিনটোত বৰষুণ হোৱাৰ সম্ভাৱনা কিছু কম দেখা গৈছে । অন্তিম দিনটোত বৰষুণৰ সম্ভাৱনা আছে মাত্ৰ 1% ।

ক্ৰিকেট অনুৰাগীসকলে এই খেলখনৰ বতৰৰ প্ৰতিবেদন দেখি হতাশ হৈছে ৷ কিয়নো খেলখনৰ পাঁচোটা দিনতে বৰষুণ হোৱাৰ সম্ভাৱনা তেনেই প্ৰবল ৷ যাৰ বাবে প্ৰথম চাৰিদিনৰ খেল উপভোগ কৰাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব অনুৰাগীসকল ৷ ইতিমধ্যে খেলৰ টিকট ক্ৰয় কৰা অনুৰাগীসকলে বতৰৰ পূৰ্বানুমানৰ বিষয়ে জানিব পাৰি হতাশ হৈছে ৷

যদি খেলখনত বৰষুণে বাধাৰ সৃষ্টি কৰে, তেন্তে কোনটো দল লাভান্বিত হ'ব ?

যদিহে গাব্বা টেষ্টত বৰষুণ বাধা প্ৰদান কৰে, তেন্তে ভাৰতে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ৷ এই খেলখন অমীমাংসিতভাৱে সামৰণি পৰিলে ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলে 4-4 কৈ ডব্লিউ চি টি পইণ্ট লাভ কৰিব ।

এনে পৰিস্থিতিত যদি ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলে, তেন্তে তেওঁলোকে শৃংখলাটো 4-1 ত জিকিব লাগিব । যদি গাব্বা টেষ্ট বাতিল অথবা ড্ৰ’ৰে সামৰণি পৰে, তেন্তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'বলৈ ভাৰতে শৃংখলাটো 3-1 ত জিকিব লাগিব ।

যদি টীম ইণ্ডিয়াই বাকী দুখন মেচত পৰাজয়বৰণ কৰে, তেন্তে ডব্লিউ টি চি ফাইনেল খেলাৰ সুযোগ হেৰুৱাব পাৰে । কাৰণ তেতিয়া অন্য দলৰ বিজয় আৰু পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰিব এই বিষয় । ইতিমধ্যে দক্ষিণ আফ্ৰিকাই 76 পইণ্ট আৰু 63.33 পি চি টিৰ সৈতে ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে ৷

আনহাতে, অষ্ট্ৰেলিয়াই 102 পইণ্ট আৰু 60.71 পি চি টিৰ সৈতে দ্বিতীয় স্থানত আৰু ভাৰত আছে তালিকাৰ তৃতীয় স্থানত ৷ টীম ইণ্ডিয়াৰ হাতত বৰ্তমান আছে 110 পইণ্ট আৰু দলটোৱে লাভ কৰিছে 57.29 পি চি টি ৷ ফাইনেল খেলখন ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: বিস্ফোৰক বেটছমেনৰ প্ৰত্যাৱৰ্তনৰে গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.