ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰী প্ৰথমগৰাকী বেটছমেনত পৰিণত ষ্টিভ স্মিথ - IND VS AUS 3RD TEST

Steve smith 33rd test century: গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্টত ষ্টিভ স্মিথে কেৰিয়াৰৰ 33 তম শতকটো অৰ্জন কৰে ৷

IND VS AUS 3RD TEST
ষ্টিভ স্মিথ (AP Photo)
author img

By ETV Bharat Sports Team

Published : Dec 15, 2024, 2:35 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ ৷ এই খেলৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ কিংবদন্তী বেটছমেন ষ্টিভ স্মিথে ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট ষ্টেডিয়ামত শতক অৰ্জন কৰে ।

ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত এয়া খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ 33 তম শতক আছিল । এই শতক অৰ্জন কৰি স্মিথে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ ক্ষেত্ৰত নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছনক অতিক্ৰম কৰিছে ।

এই খেলখনত ষ্টিভ স্মিথে 185 টা বলত 12 টা চাৰিৰে শতক সম্পূৰ্ণ কৰে । স্মিথে 190 টা বলত 101 ৰাণ সংগ্ৰহ কৰিছিল । অধিনায়ক ৰোহিত শৰ্মাৰ হাতত 82 অভাৰৰ শেষ বলত কেচ তুলি দি যশপ্ৰীত বুমৰাহৰ চিকাৰ হৈছিল বেটছমেনগৰাকী ৷ এই শতকৰ সৈতে স্মিথে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক স্ক'ৰ সংগ্ৰহ কৰা খেলুৱৈত পৰিণত হৈছে ।

ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক

  • 41 টা ইনিংছত 10 টা শতক: ষ্টিভেন স্মিথ (অষ্ট্ৰেলিয়া)
  • 55 টা ইনিংছত 10 টা শতক: জ’ ৰুট (ইংলেণ্ড)
  • 30 টা ইনিংছত 8 টা শতক: গেৰী ছোবৰ্ছ (ৱেষ্ট ইণ্ডিজ)
  • 41 টা ইনিংছত 8 টা শতক: ভিভ ৰিচাৰ্ডছ (ৱেষ্ট ইণ্ডিজ)
  • 51 টা ইনিংছত 8 টা শতক: ৰিকী পণ্টিং (অষ্ট্ৰেলিয়া)

এই শতকৰ সৈতে স্মিথ এতিয়া 'ফেব ফ'ৰ' ত দ্বিতীয় সৰ্বাধিক টেষ্ট শতক সংগ্ৰহকাৰীত পৰিণত হৈছে ৷ যিখন তালিকাত ইংলেণ্ডৰ জ’ ৰুট, নিউজিলেণ্ডৰ কেন উইলিয়ামছন আৰু ভাৰতৰ বিৰাট কোহলীও অন্তৰ্ভুক্ত আছে । তালিকাত থকা জ’ ৰুটৰ নামত আছে 36 টা শতক, স্মিথৰ নামত আছে 33 টা শতক, উইলিয়ামছনৰ নামত আছে 32 টা শতক আৰু কোহলীৰ নামত আছে 30 টা শতক ৷

ভাৰতৰ বিৰুদ্ধে 200+ ৰাণৰ অংশীদাৰিত্ব আগবঢ়োৱা অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল

  • 3 ৰিকি পণ্টিং – মাইকেল ক্লাৰ্ক
  • 2 ষ্টিভেন স্মিথ – ট্ৰেভিছ হেড

ইয়াৰ পূৰ্বে 2023 চনৰ ডব্লিউ টি চি ফাইনেলত স্মিথ আৰু হেডে 76/3 ৰ পিছত যৌথভাৱে 285 ৰাণ সংগ্ৰহ কৰিছিল । গাব্বা টেষ্টত বেটছমেন দুগৰাকীয়ে 75/3 ৰ পৰা আৰম্ভ কৰি অপৰাজিত 241 ৰাণ যোগ দিয়ে ৷ এই খেলখনত স্মিথ 101 ৰাণত আউট হোৱাৰ বিপৰীতে ট্ৰেভিছ হেডে সংগ্ৰহ কৰিছিল 152 ৰাণ ৷

লগতে পঢ়ক: দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰীত পৰিণত যশপ্ৰীত বুমৰাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.