ETV Bharat / sports

বিস্ফোৰক বেটছমেনৰ প্ৰত্যাৱৰ্তনৰে গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা - BORDER GAVASKAR TROPHY

Ind vs aus 3rd test: ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে ঘোষণা কৰিছে মূল একাদশৰ নাম ৷

BORDER GAVASKAR TROPHY
অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ একাংশ (AP Photo)
author img

By ETV Bharat Sports Team

Published : Dec 13, 2024, 3:01 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট 14 ডিচেম্বৰৰ পুৱা 5:50 বজাৰ পৰা আৰম্ভ হ'ব । এই খেলখনৰ পূৰ্বে শুকুৰবাৰে অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে মূল একাদশ ৷

কেংগাৰু বাহিনীৰ প্লেয়িং-11 ত স্থান লাভ কৰিছে জছ হেজলউডে ৷ আঘাতৰ বাবে এডিলেইড টেষ্টৰ পৰা বাদ পৰা খেলুৱৈগৰাকীক ব্ৰীছবেনত ভাৰতৰ বিৰুদ্ধে খেলা দেখা যাব ।

মূল একাদশত স্থান লাভ হেজলউডৰ

তৃতীয় টেষ্টৰ বাবে অষ্ট্ৰেলিয়াই স্কট বোলেণ্ডক দলৰ পৰা বাদ দিছে । তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে জছ হেজলউডক ৷ অধিনায়ক পেট কামিন্সে নিশ্চিত কৰিছে যে হেজলউডক গাব্বাত স্কট বোলেণ্ডৰ স্থানত খেলাৰ সুযোগ প্ৰদান কৰা হৈছে ৷ ইয়াৰ বাহিৰে দলটোত আন কোনো পৰিৱৰ্তন কৰা হোৱা নাই ৷ প্ৰথম আৰু দ্বিতীয় টেষ্টত খেলা একেটা দলেই তৃতীয় টেষ্টতো খেলা দেখা যাব ।

হেজলউডৰ পাৰ্শ্বচাপৰ সমস্যা আছিল, যাক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিকিৎসা কৰ্মচাৰীসকলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ পূৰ্বে চিন্তিত আছিল । ইয়াৰ পিছত খেলুৱৈগৰাকী দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ হৈছিল ।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি কামিন্সে কয়, "তেওঁৰ কোনো সমস্যা নাছিল । তেওঁ কালি খুব ভাল বলিং কৰিছিল । তেওঁৰ লগতে চিকিৎসাৰ দায়িত্বত থকা দলটোৱে খেলুৱৈগৰাকী সম্পূৰ্ণৰূপে সুস্থ বুলি বিশ্বাসী" ৷

ভাৰতে পাৰ্থ টেষ্টত বিজয়ী হৈছিল যদিও এডিলেইড টেষ্টত পৰাজয়ৰ সন্মুখীন হয় ৷ সম্প্ৰতি টেষ্ট শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰিছে দুয়োটা দলে । এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'বলৈ ভাৰতে গাব্বাত জিকিব লাগিব । তৃতীয় টেষ্টত ভাৰতৰ প্লেয়িং-11 কেনেকুৱা হ'ব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই ।

অষ্ট্ৰেলিয়াৰ প্লেয়িং-11

ওছমান খাৱাজা, নাথান মেকচুইনি, মাৰ্নাছ লাবুচাগনে, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্শ, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স(অধিনায়ক), মিচেল ষ্টাৰ্ক, নাথান লিয়ন আৰু জছ হেজলউড ।

লগতে পঢ়ক: পাকিস্তান ক্ৰিকেটত পুনৰ ধুমুহা; পদত্য়াগৰ তালিকাত এইবাৰ কোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.