স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ ভাৰতে 150 ৰাণ সংগ্ৰহ কৰাৰ পিছত কেংগাৰু বাহিনীয়ে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 104 ৰাণ ৷
ঘৰৰ মাটিতে আয়োজক অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক দিশহাৰা কৰি তোলা ভাৰতীয় বলাৰসকলৰ প্ৰদৰ্শনত হতবাক হৈ পৰিছে ক্ৰিকেটপ্ৰেমী ৷ বলাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভাৰতে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 46 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷
104 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া
পাৰ্থ টেষ্টত আধিপত্য বিস্তাৰ কৰিছে দুয়োটা দলৰ বলাৰসকলে ৷ বিশেষকৈ ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত দিশহাৰা কৰি তোলা দেখা যায় অষ্ট্ৰেলিয়াৰ বেটছমেনক ৷ যাৰ বাবে দলটোৱে প্ৰথম ইনিংছত 104 ৰাণতে সীমাবদ্ধ থকা দেখা গৈছে ৷ মেচখনৰ প্ৰথম দিনটোত অষ্ট্ৰেলিয়াই 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 67 ৰাণ ৷ দ্বিতীয় দিনটোৰ প্ৰথম অভাৰৰ প্ৰথম বলত বুমৰাহে এলেক্স কেৰীক ব্যক্তিগত 21 ৰাণত ক্ৰিজৰ পৰা বিদায় দি অষ্ট্ৰেলিয়াৰ শিবিৰত বৃহৎ আঘাত হানে ।
India overcome Australia fightback to take a handy first-innings lead.#WTC25 | #AUSvIND 📝: https://t.co/j30yIgik8j pic.twitter.com/P9phbyyPKo
— ICC (@ICC) November 23, 2024
ষ্টাৰ্ক-হেজলউডৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব
প্ৰথমখন টেষ্ট খেলি থকা সোঁহতীয়া ফাষ্ট বলাৰ হৰ্ষিত ৰাণাই নাথান লিয়নক (5) আউট কৰাৰ সময়ত অষ্ট্ৰেলিয়াৰ দলীয় স্ক’ৰ আছিল 79 ৰাণ ৷ কিন্তু তাৰ পিছত দশম উইকেটত মিচেল ষ্টাৰ্ক (26) আৰু জছ হেজলউডে (7) 25 ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্বৰে অষ্ট্ৰেলিয়াৰ স্ক’ৰ 100 ৰ ওপৰলৈ নিয়ে ৷ ৰাণাই ঋষভ পন্তৰ হাতত ষ্টাৰ্কৰ উইকেট তুলি দি অষ্ট্ৰেলিয়াক 104 ৰাণত সীমাবদ্ধ কৰি ৰখাৰ লগতে ভাৰতক প্ৰদান কৰে 46 ৰাণৰ অগ্ৰগতি ।
Starc's resilience comes to an end as Harshit Rana picks up the final wicket.
— BCCI (@BCCI) November 23, 2024
Australia all out for 104 runs.
Scorecard - https://t.co/dETXe6cqs9… #AUSvIND pic.twitter.com/f2d62oUcVK
যশপ্ৰীত বুমৰাহৰ 5 উইকেট দখল
পাৰ্থ টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দি থকা যশপ্ৰীত বুমৰাহে মাৰাত্মক বলিং কৰি দখল কৰিছে 5 টাকৈ উইকেট ৷ বুমৰাহে টেষ্টত একাদশবাৰৰ বাবে 5 টা উইকেট দখল কৰে ৷ আনহাতে, সোঁহতীয়া ফাষ্ট বলাৰ হৰ্ষিত ৰাণাই অভিষেক টেষ্ট মেচতে 3 টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । মহম্মদ চিৰাজেও অষ্ট্ৰেলিয়াৰ দুটা উইকেট দখল কৰি প্ৰথমখন টেষ্টত দলটোক বেকফুটত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
5⃣-wicket haul! ✅
— BCCI (@BCCI) November 23, 2024
Jasprit Bumrah's 11th in Test cricket 👏 👏
A cracking start to the morning for #TeamIndia on Day 2 👌 👌
Live ▶️ https://t.co/gTqS3UPruo#AUSvIND pic.twitter.com/1YNs653kiX
প্ৰথম ইনিংছত ভাৰতৰ 150 ৰাণ
পাৰ্থত ভাৰতীয় অধিনায়ক যশপ্ৰীত বুমৰাহে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । নৱাগত নীতিশ ৰেড্ডীয়ে 6 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 59 টা বলত 41 ৰাণ সংগ্ৰহ কৰি দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হৈছে ৷
That's Stumps on what was an engrossing Day 1 of the 1st #AUSvIND Test!
— BCCI (@BCCI) November 22, 2024
7⃣ wickets in the Final Session for #TeamIndia! 👌👌
4⃣ wickets for Captain Jasprit Bumrah
2⃣ wickets for Mohammed Siraj
1⃣ wicket for debutant Harshit Rana
Scorecard ▶️ https://t.co/gTqS3UPruo pic.twitter.com/1Mbb6F6B2c
ইয়াৰ লগতে ঋষভ পন্তে 37 ৰাণ আৰু কে এল ৰাহুলে বিতৰ্কিতভাৱে আউট হোৱাৰ পূৰ্বে 26 ৰাণ সংগ্ৰহ কৰে । আনহাতে, জছ হেজলউডে অষ্ট্ৰেলিয়াৰ হৈ দখল কৰে 4 টা উইকেট । কেংগাৰুবাহিনীৰ হৈ মিচেল ষ্টাৰ্ক, পেট কামিন্স আৰু মিচেল মাৰ্শে 2 টাকৈ উইকেট দখল কৰে ৷
লগতে পঢ়ক: বিশ্বৰ সৰ্বাধিক দামী ষ্টেডিয়াম কোনখন ? যাৰ মূল্য নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতকৈ দহ গুণ বেছি