ETV Bharat / sports

10 বছৰীয়া অভিমান; বাৰ্তালাপৰ পৰা বিৰত প্ৰাক্তন ক্ৰিকেটাৰ ধোনী-হৰভজন সিং - HARBHAJAN SINGH ON MS DHONI

Harbhajan relationship with Dhoni: হৰভজন সিঙে এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, প্ৰাক্তন ভাৰতীয় অধিনায়ক ধোনীৰ সৈতে বিগত 10 বছৰে তেওঁৰ কথা-বতৰা হোৱা নাই ৷

HARBHAJAN SINGH ON MS DHONI
হৰভজন আৰু ধোনী (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 5, 2024, 12:35 PM IST

স্প’ৰ্টছ ডেস্ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ বক্তব্যই তোলপাৰ লগাইছে ক্ৰিকেট জগতত ৷ সিঙে শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, তেওঁ আৰু এম এছ ধোনীৰ মাজত কোনোধৰণৰ কথা-বতৰা নহয় ৷

এক সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন অফ স্পিনাৰগৰাকীয়ে কয় যে, ধোনীৰ সৈতে তেওঁৰ কোনো সমস্যা নাই ৷ কিন্তু বৰ্তমান সময়ত প্ৰাক্তন অধিনায়কগৰাকীৰ সৈতে বন্ধুত্ব মসৃণ নহয় সিঙৰ ।

হৰভজন আৰু ধোনী দুয়ো আছিল বিশ্বকাপ দলৰ গুৰুত্বপূৰ্ণ অংশ

2007 চনৰ টি-20 বিশ্বকাপ আৰু 2011 চনৰ এদিনীয়া বিশ্বকাপত হৰভজন আৰু ধোনী আছিল দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ । প্ৰতিযোগিতাখনত যেনেদৰে ধোনীৰ অধিনায়কত্বৰ প্ৰশংসা কৰা হৈছিল, তেনেদৰে টি-20 ত সাতটা উইকেট আৰু এদিনীয়া বিশ্বকাপত 9 টা উইকেট দখল কৰা হৰভজন সিঙকো প্ৰশংসাৰে উপচাই দিয়া হৈছিল ৷ টীম ইণ্ডিয়াক নেতৃত্ব প্ৰদান কৰা এম এছ ধোনীৰ সময়ত হৰভজনে 133 খন মেচ খেলি 229 টা উইকেট দখল কৰিছিল ৷

হৰভজন আৰু ধোনী এতিয়া বন্ধু নহয়

হৰভজনে শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, দুয়োগৰাকীৰে মাজত এতিয়া কোনো বন্ধুত্ব নাই ৷ বহুসময় পাৰ হ’ল দুয়োগৰাকী ক্ৰিকেটাৰে কথা নপতা । তেওঁ লগতে কৈছিল যে, বিগত সময়ৰ আই পি এল ছিজনত অংশগ্ৰহণ কৰাৰ সময়তে দুয়োগৰাকীৰ মাজত বাৰ্তালাপ হৈছিল ৷ তাৰপিছৰে পৰা আৰু কোনো ধৰণৰ কথা-বতৰা হোৱা নাই খেলুৱৈ দুগৰাকীৰ মাজত ৷

তদুপৰি এই বাৰ্তালাপ বন্ধ হোৱাৰ আঁৰত খেলুৱৈগৰাকীয়ে কোনো কাৰণ নথকা বুলিও প্ৰকাশ কৰে ৷ কিন্তু আওপকীয়াকৈ ধোনীয়ে কোনো কাৰণৰ বাবেই তেওঁৰ সৈতে বাৰ্তালাপ বন্ধ কৰা বুলিও ইংগিত প্ৰদান কৰে ৷

সিঙে কয়, "যেতিয়া আমি আই পি এলত চি এছ কে-ত খেলি আছিলো, আমি কথা পাতিছিলো আৰু সেইটোও খেলপথাৰতে সীমাবদ্ধ আছিল । তাৰপিছত তেওঁ মোৰ কোঠালৈ অহা নাছিল বা মই তেওঁৰ কোঠালৈ যোৱা নাছিলো" ।

মোৰ ফোনৰ সঁহাৰি দিয়াসকলকহে ফোন কৰো: হৰভজন

প্ৰাক্তন স্পিনাৰ হৰভজনে কয়, "তেওঁৰ বিৰুদ্ধে মোৰ একো নাই । যদি তেওঁৰ কিবা ক'বলৈ আছে, তেওঁ মোক ক'ব পাৰে । কিন্তু যদি এনেকুৱা কিবা থাকিলেহেঁতেন, তেন্তে তেওঁ এতিয়ালৈকে মোক ক'লেহেঁতেন । মই কেতিয়াও তেওঁক মাতিবলৈ চেষ্টা কৰা নাছিলো কাৰণ মই ইমান উৎসাহী নহয় । মই কেৱল তেওঁলোকক ফোন কৰো, যিসকলে মোৰ ফোনটোৰ সঁহাৰি দিয়ে ৷ মোৰ ওচৰত তাৰ বাহিৰে আন সময় নাই । মই মোৰ বন্ধুসকলৰ সৈতে যোগাযোগ ৰাখো" ।

হৰভজনে লগতে কয়, "এটা সম্পৰ্ক সদায় দিয়া আৰু লোৱাৰ বিষয়ে হয় । যদি মই আপোনাক সন্মান কৰো, মই আশা কৰো আপুনিও মোক সন্মান কৰিব । কিন্তু যদি মই আপোনাক এবাৰ বা দুবাৰ ফোন কৰো আৰু কোনো উত্তৰ নিদিয়ে, তেন্তে সম্ভৱতঃ মই মোৰ প্ৰয়োজন মতেহে আপোনাক সাক্ষাৎ কৰিম" ৷

শেষবাৰৰ বাবে হৰভজন আৰু ধোনীয়ে কেতিয়া একেলগে খেলিছিল ?

2015 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত এখন এদিনীয়াত শেষবাৰৰ বাবে হৰভজন আৰু ধোনীয়ে একেলগে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল ৷ 2015 চনৰ বিশ্বকাপৰ পিছত হৰভজন আৰু যুৱৰাজ সিঙক ভাৰতীয় দলৰ পৰা বাদ দিয়া হৈছিল । হৰভজন সিঙে 2021 চনত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক: অনুশীলনত অনুৰাগীৰ অভব্য আচৰণ; টীম ইণ্ডিয়াৰ বৃহৎ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.