ETV Bharat / sports

হেনৰী ওলোংগাৰ আসুৰিক উল্লাস...নিদ্ৰাহীন শচীনৰ 36 ঘন্টীয়া অপেক্ষা আৰু এক মধুৰ প্ৰতিশোধৰ কাহিনী - Interesting cricket facts

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 4:49 PM IST

IND Vs ZIM: এগৰাকী বলাৰে 36 ঘন্টাৰ বাবে টোপনি হৰিছিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৷ খেলপথাৰত অপমানিত অনুভৱ কৰি দগ্ধ হৈছিল শচীন ৷ উপযুক্ত প্ৰত্যুত্তৰৰ বাবে ক্ষণ গণিছিল শচীন তেণ্ডুলকাৰে ৷ পঢ়ক, হেনৰী ওলোংগাক ক্ৰিকেট বেটেৰেই উত্তৰ দিয়া শচীন তেণ্ডুলকাৰৰ এক বিশেষ কাহিনী...

IND Vs ZIM
Interesting cricket facts (ETV Bharat)

নিউজ ডেস্ক, 3 জুলাই: ভাৰত আৰু জিম্বাব’ৱেৰ মাজত অহা 6 জুলাইৰ পৰা অনুষ্ঠিত হ’ব 5 খনীয়া টি-20 শৃংখলা ৷ ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দল উপস্থিত হৈছেগৈ হাৰাৰেত ৷ এই পাঁচখনীয়া টি-20 শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব শুভমন গিলে ৷ দলটোত বহুকেইজন নতুন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই দলটোত আছে অসম সন্তান ৰিয়ান পৰাগো ৷

ক্ৰিকেট বুলি ক’লেই দুটা দলৰ মাজত বিজয়ৰ তীব্ৰ যুঁজ দেখা যায় ৷ কিন্তু ইয়াৰ লগতে খেলপথাৰত আন কেতবোৰ ঘটনাও ঘটে, যি কেতিয়াবা যদি হাস্যৰস যোগায় আন কেতিয়াবা আকৌ প্ৰতিশোধ পৰায়ণ কৰি তোলে ৷ এনে বহু কাহিনী আপুনি খেলৰ মাজত ঘটা দেখা পাইছে ৷ টি-20 বিশ্বকাপ 2007 ত এন্ড্ৰিউ ফ্লিন্টফৰ সৈতে হোৱা বাক-বিতণ্ডাৰ পিচতেই ষ্টুৱাৰ্ট ব’ডৰ অভাৰত যুৱৰাজ সিঙে 6 টা ছিক্সাৰ কোবোৱাৰ দৃশ্য আজিও হয়তো আপুনি পাহৰি যোৱা নাই ৷

লগতে পঢ়ক: সুখকৰ নিদ্ৰা, নাকৰ ঘোৰ্ঘোৰণি আৰু এসোপা মিছকল : কি কাৰণে মেচৰ পৰা বাদ পৰিছিল বাংলাদেশৰ সহ অধিনায়ক তাস্কিন আহমেদ - T 20 WORLD CUP

আজি ক’বলৈ লৈছো তেনে এক কাহিনী, ভাৰত আৰু জিম্বাব’ৱেৰ মাজত টি-20 শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে দুয়োখন দেশৰ মাজত হোৱা এনে এখন খেলৰ কথা আপোনাক জনাব খুজিছো, যিখন খেলে এজন বলাৰক শিকাইছিল আনন্দ উল্লাস কেনেকৈ কৰিব লাগে, কাৰ আগত কেনেদৰে অভিব্যক্তি প্ৰকাশ কৰিব লাগে ৷ হেনৰী ওলোংগা, জিম্বাব’ৱেৰ পেচ বলাৰগৰাকীয়ে জীৱনৰ কাৰণে লাভ কৰিছিল এক শিক্ষা ৷

1998 চনৰ 13 নৱেম্বৰ স্থান শ্বাৰজাহ ষ্টেডিয়াম, ভাৰত-শ্ৰীলংকা-জিম্বাব’ৱেৰ মাজৰ ত্ৰিদেশীয় শৃংখলাৰ ফাইনেল মেচ ৷ মুখামুখি হৈছিল দুই শক্তিশালী দল ভাৰত আৰু জিম্বাব’ৱে ৷ ভাৰতীয় বলাৰে জিম্বাৱ’ৱেক 196 ৰাণতে বান্ধি ৰাখিছিল ৷ 197 ৰাণৰ বিজয় লক্ষ্য লৈ খেলপথাৰত নামিল ভাৰতৰ দুই অপেনাৰ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলী ৷

সেইদিনা তেণ্ডুলকাৰ এজাক ধুমুহা হৈ পৰিছিল জিম্বাব’ৱেৰ বলাৰৰ বাবে ৷ 36 ঘন্টীয়া অশান্তিকৰ এক পৰিৱেশ, নিদ্ৰাহীনতা, অপমান এই সকলোৰে পোতক তুলিবলৈ সেইদিনা ফিল্ডলৈ আহিছিল শচীন ৷ লক্ষ্য আছিল জিম্বাব’ৱেৰ 23 বছৰীয়া বলাৰ হেনৰী ওলোংগা ৷ সেই সময়ত ওলোংগা আছিল জিম্বাব’ৱে ক্ৰিকেটৰ পোষ্টাৰ বয় ৷

লগতে পঢ়ক: জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাত অন্তৰ্ভূক্ত সুদৰ্শন, জিতেশ, ৰাণা - Zimbabwe Tour Of Indian Team

ওলোংগাৰ প্ৰথমটো বলেই বাউণ্ডেৰীলৈ মাৰি পঠিয়ালে শচীনে ৷ তাৰ পিচত ইটোৰ পিচত সিটো বাউণ্ডেৰী ৷ শচীনৰ এই আগ্ৰাসী ৰূপে দিশহাৰা কৰি পেলালে ওলোংগাক, লগতে বাকী বলাৰকো ৷ শচীনক ৰুধিবলৈ জিম্বাব’ৱেই ওলোংগাৰ ওপৰত নিৰ্ভৰ কৰিছিল যদিও ক্ৰিকেটৰ ভগৱানৰ ক্ৰোধে ওলোংগাক উপায়হীন কৰি পেলালে ৷ সেই মেচখনত 30 অভাৰতে 197 ৰাণৰ লক্ষ্য অতিক্ৰম কৰি জয়লাভ কৰে ভাৰতে ৷ খেলখনৰ পিচত খেলপথাৰ এচুকত নিশ্চুপ হৈ বহি থাকিল ওলোংগা ৷

সেই মেচখনৰ 36 ঘন্টাৰ আগলৈ উভতি যাওঁ আহক

এই শৃংখলাটোৰ ফাইনেলৰ পূৰ্বে অন্তিমখন লীগ মেচত মুখামুখি হৈছিল ভাৰত আৰু জিম্বাব’ৱে ৷ এই মেচখনৰ অৱশ্যে ইমান গুৰুত্ব নাছিল, কিয়নো দুয়োটা দলেই ইতিমধ্যে ফাইনেলত স্থান নিশ্চিত কৰিছিল ৷ তথাপিও খেলপথাৰত নামিছিল দল দুটা ৷ প্ৰথমে বেটিং কৰি ভাৰতক 206 ৰাণৰ লক্ষ্য বান্ধি দিছিল জিম্বাব’ৱেই ৷ কিন্তু হেনৰী ওলোংগা ভাৰতীয় বেটাৰৰ ওপৰত এক কালধুমুহা হৈ পৰিছিল ৷ গাংগুলী আৰু দ্ৰাবিড়ক আউট কৰাৰ পিচত ওলোংগাৰ টাৰ্গেট আছিল শচীন ৷

সেই শচীন যাৰ নাম চেন্নাইত বলিং প্ৰশিক্ষণৰ সময়ত অলিয়ে গলিয়ে সকলোৰে মুখত ওলোংগাই শুনিছিল ৷ দুটা বলত দুবাৰকৈ শচীনক আউট কৰিছিল ওলোংগাই ৷ প্ৰথমটো শ্বৰ্ট পিচ বলত শচীনক কেচ আউট কৰি ওলোংগাই উল্লাস কৰিব খুজিছিল যদিও আম্পায়াৰে ‘ন’ বল’ ঘোষণা কৰে ৷ তাৰ পিচৰ আনটো শ্বৰ্ট পিচ বল সোমাই আহে শচীনৰ গাৰ ফালে, শচীনে নিজকে ৰক্ষা কৰিব খুজি কেচ আউট হয় ৷

সকলো ঠিকেই আছিল, শচীন আউট হৈছে বাকী বেটচমেনৰ দৰেই ৷ কিন্তু তেতিয়াই ওলোংগাই কৰিলে অভাৱনীয় কামটো ৷ শচীনলৈ চাই বিশেষ অভিব্যক্তিৰে ওলোংগাই আনন্দ কৰিবলৈ ধৰে ৷ এই কথাটোৱে শচীনক অপমানিত বোধ কৰাইছিল ৷ 36 ঘন্টা চকুত টোপনি নাছিল শচীনৰ ৷ কেৱল অনুশীলন কৰিছিল শচীনে ৷ শ্বৰ্ট পিচ বলৰ কিদৰে মুখামুখি হ’ব লাগে তাৰ বাবে কঠোৰ অনুশীলন কৰিছিল শচীনে ৷

তাৰ পিচতেই 13 নৱেম্বৰত ফাইনেল মেচখনত ওলোংগাৰ ওপৰত নিজৰ বেটেৰেই প্ৰত্যুত্তৰ দিছিল তেণ্ডুলকাৰে ৷ সাধাৰণতে খেলৰ মাজত মুখ চুপতি মৰাৰ কোনো নজিৰ নাই শচীন তেণ্ডুলকাৰৰ ৷ যি উত্তৰ দিব লাগে স্বভাৱগতভাৱে বেটেৰেই দিয়ে তেওঁ ৷ হেনৰী ওলোংগাকো সেই অভাৱনীয় আচৰণৰ উত্তৰ 36 ঘন্টাৰ পিচত ক্ৰীজতে দিলে ক্ৰিকেটৰ ভগৱানে ৷

খেলৰ শেষত নিশ্চুপ হৈ ওলোংগা বহি ৰৈছিল খেলপথাৰৰ এটা চুকত ৷ তেতিয়া হীথ ট্ৰীকে ওলোংগাক বুজাই দিছিল যে, যেতিয়া শচীনৰ দৰে বেটছমেনে কোনো বলাৰৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ মনেৰে খেলে, তেতিয়া যিকোনো বলাৰৰ হাতত ইয়াক প্ৰতিৰোধৰ একো উপায় নাথাকে ৷ তাৰ পিচতো জিম্বাব’ৱেৰ হৈ বহুকেইখন খেল খেলিছে হেনীৰ ওলোংগাই ৷ কিন্তু তেনে ধৰণৰ উল্লাস কৰা তেওঁক কেতিয়াও দেখা নগ’ল ৷

লগতে পঢ়ক: জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - ZIMBABWE TOUR OF INDIAN TEAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.