ETV Bharat / sports

পেৰিছ পেৰালিম্পিকত হুইলচেয়াৰ বাস্কেটবলক অভিবাদন গুগল ডুডলৰ - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 30, 2024, 2:46 PM IST

Google Doodle: গুগলৰ শেহতীয়া ডুডলে বৃহস্পতিবাৰে পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত হুইলচেয়াৰ বাস্কেটবল খেলক সমৰ্থন জনোৱা দেখা গৈছে ৷ এটা নীলা ৰঙৰ চৰাইয়ে সেউজীয়া নেটেৰে সমৃদ্ধ এখন জালত বাস্কেটবল দলিয়াই দিয়া ছবি উপলব্ধ হৈছে ডুডলত ৷ পঢ়ক সম্পূৰ্ণ কাহিনী ৷

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিকৰ প্ৰথম দিনা হুইলচেয়াৰ বাস্কেটবলত স্পেইনে আমেৰিকা যুক্তৰাষ্ট্ৰক 66-56 ব্যৱধানত পৰাস্ত কৰে কৰে (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: গুগলে শুকুৰবাৰে হুইলচেয়াৰ বাস্কেটবল খেলক সমৰ্থন কৰি এক অভিনৱ ডুডলৰ জৰিয়তে প্ৰদান কৰে সামাজিক বাৰ্তা ৷ শুকুৰবাৰৰ দিনটোত ডুডলত এক বিশেষ ছবি পৰিস্ফুট হৈছে, য’ত দেখা গৈছে এটা নীলা ৰঙৰ চৰাইয়ে সেউজীয়া নেটেৰে সমৃদ্ধ এখন জালত এটা বাস্কেটবল দলিয়াইছে ৷ ডুডলত ব্যৱহৃত ছবিখনত গ্ৰীষ্মকালীন গেমছক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷

খেলৰ আৰম্ভণিৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলটোৱে স্পেইনৰ বিৰুদ্ধে 66-56 ত জয়লাভ কৰে ৷ আনহাতে, স্পেইনক প্ৰতিনিধিত্ব কৰা আলাবামা পাৰালিম্পিয়ান ইগনাচিঅ’ অ’ৰ্টেগা লাফুৱেণ্টে 17 পইণ্টৰ সৈতে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে ৷

দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল হুইলচেয়াৰ বাস্কেটবল । আন্তৰ্জাতিক হুইলচেয়াৰ বাস্কেটবল ফেডাৰেচনৰ মতে, খেলখন প্ৰথমবাৰৰ বাবে 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন চিকিৎসালয়ত খেলা হৈছিল । গুগলে ডুডলত হুইলচেয়াৰ বাস্কেটবলৰ ছবিখন দেখুৱাইছে ৷ ইয়াত ক্লিক কৰি ব্যৱহাৰকাৰীসকলে চলিত পেৰিছ পেৰালিম্পিকত এই খেলৰ সময়সূচীখন চাব পাৰে ।

পেৰিছ পেৰালিম্পিকত হুইলচেয়াৰ বাস্কেটবল

1960 চনৰ ৰোম গেমছত হুইলচেয়াৰ বাস্কেটবল প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল । প্ৰতিযোগিতাখনত খেলা দুয়োটা বাস্কেটবল ইভেণ্টত আমেৰিকা যুক্তৰাষ্ট্ৰই সোণৰ পদক জিকিছিল ৷

পেৰিছ গেমছত 8 টা পুৰুষ আৰু মহিলা দলে অংশগ্ৰহণ কৰিব ৷ পূৰ্বৰ সংস্কৰণত 12 টা দলে অংশগ্ৰহণ কৰিছিল ৷ আঞ্চলিক চেম্পিয়নশ্বিপৰ দ্বাৰা ইভেণ্টটোৰ বাবে অৰ্হতা প্ৰাপ্ত কৰা হৈছিল, কিয়নো প্ৰতিটো অঞ্চলৰ শীৰ্ষ চাৰিখন দেশে স্থান লাভ কৰিছিল । আঞ্চলিক চেম্পিয়নশ্বিপত সুযোগ হেৰুওৱা দলবোৰৰ বাবে ৰিপেচেজ টুৰ্ণামেণ্টতো আন এটা সুযোগ আছিল ।

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ দৰ্শনীয় এণ্ট্ৰি: ভাগ্যশ্ৰী যাদৱ, সুমিত এণ্টিলে কঢ়িয়ালে ধ্বজা - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.