স্প’ৰ্টছ ডেস্ক: ভাৰতৰ যুৱ দবা খেলুৱৈ ডি গুকেশে 18 বছৰ বয়সত সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ৰচিছে ইতিহাস । গুগলে খেলুৱৈগৰাকীক অভিবাদন জনাই এক দৰ্শনীয় ডুডল সৃষ্টিৰে ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰা দেখা গৈছে ।
ভাৰতীয় খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে চীনৰ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰি সৰ্বকনিষ্ঠ দবা সম্ৰাটৰ খিতাপ অৰ্জন কৰে ৷ তাৰপিছতে গুগলে ডুডলৰ জৰিয়তে হালধীয়া, ৰঙা, নীলা আৰু বগা ৰং ব্যৱহাৰ কৰি দবাত ব্যৱহৃত সঁজুলিবোৰ গ্ৰাফিক্সৰ সহায়ত উপস্থাপন কৰি চেম্পিয়নগৰাকীক সন্মান জনায় ৷
Celebrating Chess Google Doodle is Incredible 👏#GoogleDoodle #Chess https://t.co/q938DbXimg pic.twitter.com/6houBhuN07
— Randhir Mishra (@18ViratC) December 13, 2024
ডুডলত ক্লিক কৰাৰ পিছত ইউজাৰ্ছসকলক 'দবা উদযাপন' পৃষ্ঠালৈ লৈ যোৱা হয় । বৃহস্পতিবাৰৰ সন্ধিয়াৰ এই খেলখনত ভংগ হৈছিল বহুতো অভিলেখ । বিশ্ব চেম্পিয়নশ্বিপৰ 138 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়াৰ দুগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । ইয়াত প্ৰাক্তন বিশ্ব চেম্পিয়ন ডিং লিৰেন আৰু ভাৰতৰ প্ৰত্যাহ্বানকাৰী ডোমৰাজু গুকেশে অংশগ্ৰহণ কৰিছিল ৷ গুকেশৰ পূৰ্বে ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ গেৰী কাস্পাৰোভ আছিল সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়ন ৷ তেওঁ 1985 চনত 22 বছৰ বয়সত এই খিতাপ জয় কৰিছিল ।
18 বছৰীয়া গুকেশ তৃতীয়গৰাকী সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ । বিশ্বনাথন আনন্দৰ পিছত তেওঁ প্ৰতিযোগিতাখনত জয়লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় ৷ সমান্তৰালকৈ তেওঁ বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখলকাৰী বিশ্বৰ 18 নং খেলুৱৈ ।
Stunning emotions as Gukesh cries after winning the World Championship title! #DingGukesh pic.twitter.com/E53h0XOCV3
— chess24 (@chess24com) December 12, 2024
বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেল মেচখন অমীমাংসিতভাৱে সামৰণি পৰাৰ দিশে আগবঢ়াইছিল ৷ কিন্তু চীনা গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে কৰা এটা সামান্য ভুলৰ বাবে ভাৰতীয় খেলুৱৈগৰাকীৰ জয়ৰ পথ প্ৰশস্ত হৈ পৰে ৷ এই যুঁজখন প্ৰায় চাৰি ঘণ্টা ধৰি চলিছিল ৷ এই চমকপ্ৰদ বিজয়ৰ পিছত গুকেশে 11.45 কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰে । আনহাতে, চীনৰ ডিঙে পুৰস্কাৰ হিচাপে লাভ কৰে 9.75 কোটি টকা ৷
18 সংখ্যক বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰা গুকেশে এনেদৰে কয়, "মই যোৱা 10 বছৰ ধৰি এই মুহূৰ্তটোৰ সপোন দেখি আহিছো । সেই সপোনটো বাস্তৱলৈ পৰিৱৰ্তন কৰাটো অবিশ্বাস্য যেন অনুভৱ হৈছে । মই জিকিম বুলি আশা কৰা নাছিলো আৰু এই মুহূৰ্তটোৱে মোৰ বাবে সকলো বুজাইছে" ৷
লগতে পঢ়ক: ইতিহাস ৰচি বিশ্ব দবা চেম্পিয়নশ্বিপৰ নতুন সম্ৰাট ডি গুকেশ