ETV Bharat / sports

কেপ্টেইন কুল ধোনীৰো আছে খং: তাৰকা ক্ৰিকেটাৰ এছ বদ্ৰীনাথ - S BADRINATH ON M S DHONI

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 2:08 PM IST

M S Dhoni: সাধাৰণতে খেলপথাৰত শান্ত আচৰণৰ বাবে জনাজাত ক্ৰিকেটাৰ এম এছ ধোনী ৷ যাৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে জনা যায় কেপ্টেইন কুল হিচাপে ৷ পিছে কেতিয়াবা বাৰু ধোনীৰো উঠে নেকি খং ? অনুৰাগীসকলে ভাবিছেনে বাৰু এই কথা ? ধোনীৰ খং সন্দৰ্ভত তাৰকা ক্ৰিকেটাৰ এছ বদ্ৰীনাথে শ্বেয়াৰ কৰিছে কিছু কথা ৷ পঢ়ক বিতং খবৰ...

S BADRINATH ON M S DHONI
কেপ্টেইন কুল খ্যাত এম এছ ধোনী (IANS Photos)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য আৰু চেন্নাই চুপাৰ কিংছৰ(চি এছ কে) বেটছমেন সুব্ৰমণিয়াম বদ্ৰীনাথে এম এছ ধোনীৰ সন্দৰ্ভত শ্বেয়াৰ কৰিছে কিছু তথ্য ৷ সততে শান্ত প্ৰকৃতি তথা বন্ধুত্বসুলভ আচৰণৰ বাবে জনাজাত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰো আছে খং ৷ "কেপ্টেইন কুল" খ্যাত ধোনীৰ সন্দৰ্ভত এই কথা প্ৰকাশ কৰে এছ বদ্ৰীনাথে ৷

প্ৰায় ছয়টাকৈ ছিজনৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত(আই পি এল) ধোনীৰ সৈতে একেটা ড্ৰেছিং ৰুম শ্বেয়াৰ কৰা বদ্ৰীনাথে ধোনীৰ সন্দৰ্ভত প্ৰকাশ কৰা এই মন্তব্যই আলোড়ন সৃষ্টি কৰিছে অনুৰাগীৰ মনত ৷ সকলোৱে জানিব বিচাৰিছে ই কেনেদৰে সম্ভৱ ৷ কিয়নো অনুৰাগীসকলে কেতিয়াও দেখা নাই ধোনীৰ এই ৰূপ ৷

এই সন্দৰ্ভত তাৰকা ক্ৰিকেটাৰ বদ্ৰীনাথে আই পি এলৰ এটা মুহূৰ্তৰ কথা ৰাজহুৱা কৰে ৷ আই পি এলৰ এখন ল’ স্কৰিং মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰ চি বি) বিৰুদ্ধে পৰাজয়বৰণ কৰিছিল চেন্নাই চুপাৰ কিংছে ৷ এই পৰাজয়ৰ পিছত দলটোৰ অধিনায়কৰ দায়িত্বত থকা ধোনীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছিল তেওঁৰ খং ৷ ধোনীয়ে ড্ৰেছিং ৰুমত থকা এটা পানীৰ বটলত ভৰিৰে আঘাত কৰি দলিয়াই নিজৰ খং প্ৰকাশ কৰিছিল ৷ ইয়াৰ লগে লগে প্ৰকাশ পাইছিল খেলৰ সৈতে থকা ক্ৰিকেটাৰগৰাকীৰ একাত্মবোধৰ কথা ৷

"চেন্নাইত আৰ চি বি-ৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত আমি 110 ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি খৰখেদাকৈ হেৰুৱাইছিলো উইকেট ৷ যাৰ বাবে আমি মেচখন হেৰুৱাইছিলো । সেই দিনটোত আমি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বৰ বেয়াকৈ হাৰিছিলো" বুলি বদ্ৰীনাথে সদৰী কৰিছিল ।

"মই অনিল কুম্বলেৰ বলত এল বি ডব্লিউ হৈ পেভিলিয়নলৈ উভতিছিলো ৷ সেই সময়তে ধোনী ড্ৰেছিং ৰুমৰ ভিতৰলৈ আহি আছিল আৰু মই তাত থিয় হৈ আছিলো ৷ মোৰ সন্মুখত এটা সৰু পানীৰ বটল আছিল আৰু এম এছে সেইটো লঠিয়াই ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিছিল ৷ ড্ৰেছিং ৰুমত থকা আমি কোনেও সেই সময়ত তেওঁৰ চকুত চকু থ’ব পৰা নাছিলো" বুলি বদ্ৰীনাথে লগতে কয় ।

উল্লেখ্য যে, ধোনী নেতৃত্বাধীন চি এছ কে-ক আই পি এলৰ অন্যতম শক্তিশালী দল হিচাপে গণ্য কৰা হয় ৷ দলটোৱে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ নেতৃত্বত পাঁচটাকৈ আই পি এলৰ খিতাপ জয় কৰিছিল ।

লগতে পঢ়ক: প্ৰথমে বিবাহ বিচ্ছেদ, এতিয়া মেচ ফিক্সিং: পাকিস্তানী অধিনায়কৰ বিৰুদ্ধে প্ৰমাণৰ সৈতে অভিযোগ - PAKISTAN CRICKETER MATCH FIXING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.