স্প’ৰ্টছ ডেস্ক: আন্তৰ্জাতিক ফুটবল সংস্থা চমুকৈ ফিফাই বুধবাৰে ফুটবল বিশ্বকাপৰ আগন্তুক দুটা সংস্কৰণৰ বাবে আয়োজক দেশৰ নাম ঘোষণা কৰিছে ।
বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই চৌদি আৰৱক 2034 চনৰ এই মেগা ইভেণ্টৰ আয়োজকৰ দায়িত্ব অৰ্পণ কৰে ৷ আনহাতে, 2030 চনৰ ফিফা টুৰ্ণামেণ্টৰ বাবে স্পেইন, পৰ্তুগাল আৰু মৰক্কোক যুটীয়া আয়োজক হিচাপে বাছনি কৰা হয় ।
কাটাৰৰ পিছত চৌদি আৰৱক ফিফা বিশ্বকাপৰ আয়োজকৰ দায়িত্ব
চৌদি আৰৱে 2034 চনত ফিফা বিশ্বকাপৰ আয়োজন কৰিব । কাটাৰৰ পিছত ফুটবল বিশ্বকাপ আয়োজন কৰা চৌদি আৰৱ দ্বিতীয়খন মুছলমান দেশত পৰিণত হৈছে । 2034 চনৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখন চৌদি আৰৱৰ 5 খন চহৰত অনুষ্ঠিত হ'ব ৷ দেশখনৰ 15 খন বিভিন্ন ষ্টেডিয়ামত বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব ৷
Introducing the hosts for the next two editions of the @FIFAWorldCup! 🏆
— FIFA (@FIFAcom) December 11, 2024
Morocco, Portugal and Spain will host in 2030, with centenary celebration matches in Argentina, Paraguay and Uruguay.
Four years later, Saudi Arabia will host the FIFA World Cup 2034™. pic.twitter.com/WdOEdNEVxH
2030 চনৰ বিশ্বকাপ তিনিখন মহাদেশত অনুষ্ঠিত হ'ব
2030 চনৰ ফুটবল বিশ্বকাপ তিনিখন মহাদেশৰ 6 খন দেশত অনুষ্ঠিত হ'ব । মৰক্কো, পৰ্তুগাল আৰু স্পেইনে আয়োজন কৰিব 2030 চনৰ ফিফা বিশ্বকাপ । 100 বছৰীয়া প্ৰতিযোগিতাখনৰ স্মৃতিত আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেত 2030 চনৰ বিশ্বকাপৰ তিনিখন খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিফাই ।
প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন উৰুগুৱেত অনুষ্ঠিত হ'ব, যিখন দেশে 1930 চনত প্ৰথমখন ফাইনেল আয়োজন কৰিছিল ৷ পৰৱৰ্তী দুখন মেচ ক্ৰমে আৰ্জেণ্টিনা আৰু পাৰাগুৱেত অনুষ্ঠিত হ'ব, তাৰপিছত প্ৰতিযোগিতাখন তিনিখন মুখ্য সহ আয়োজক দেশত অনুষ্ঠিত হ'ব ।
দেশখনৰ মানৱ অধিকাৰ উলংঘনৰ কথিত ইতিহাসক লৈ কেইবাটাও সংগঠনে প্ৰকাশ কৰা উদ্বেগ স্বত্বেও ফিফাই চৌদি আৰৱক 2034 চনৰ বিশ্বকাপৰ আয়োজক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকত 211 খন ফিফাৰ সদস্য দেশে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল ৷
এই সিদ্ধান্তত সুখী নহয় ফিফা নেতৃত্বাধীন একাধিক সংগঠন
ফিফাই চৌদি আৰৱক এই অনুষ্ঠান আয়োজনৰ দায়িত্ব অৰ্পণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পিছত বহু সদস্য দেশে মানৱ অধিকাৰ উলংঘনৰ অভিযোগত হোৱা বিবাদৰ বাবে এই সিদ্ধান্তৰ ওপৰত হতাশা ব্যক্ত কৰিছে । নৰৱেৰ ফুটবল ফেডাৰেশ্যনে মঙলবাৰে ঘোষণা কৰে যে, তেওঁলোকে যিকোনো ভোটদানৰ পৰা বিৰত থাকিব ৷ লগতে কয় যে, 2030 আৰু 2034 চনৰ বাবে আয়োজক নিৰ্ধাৰণ কৰিবলৈ ফিফাৰ দ্বাৰা অনুসৰণ কৰা এই প্ৰক্ৰিয়াটো যথেষ্ঠ ত্ৰুটিপূৰ্ণ ৷
লগতে পঢ়ক: ফুটবল মেচত অনুৰাগীৰ মাজত সংঘৰ্ষ; ১০০ৰো অধিক লোকৰ মৃত্যু