ETV Bharat / sports

পেৰিছত অলিম্পিক গেমছত ভাৰতৰ ১০০ বছৰীয়া যাত্ৰাক প্ৰদৰ্শন - 100 years at Olympic Games

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:25 PM IST

Olympic Games: অলিম্পিক দিৱস উপলক্ষে পেৰিছত জে এছ ডব্লিউ গ্ৰুপে এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে । য'ত ভাৰতৰ ১০০ বছৰীয়া অলিম্পিক আন্দোলন আৰু ক্ৰীড়াক্ষেত্ৰত সফলতাক প্ৰদৰ্শন কৰা হৈছে । ভাৰতীয় ৰাষ্ট্ৰদূত জাৱেদ আশ্ৰফ উপস্থিত এই অনুষ্ঠানত ।

Olympic Games
পেৰিছত অলিম্পিক গেমছত ভাৰতৰ ১০০ বছৰীয়া যাত্ৰাক প্ৰদৰ্শন জেএছডব্লিউ গ্ৰুপৰ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক,২৫ জুন : অলিম্পিক দিৱস উপলক্ষে জে এছ ডব্লিউ গ্ৰুপে আয়োজন কৰা এখন প্ৰদৰ্শনী পেৰিছত উদ্বোধন কৰা হয়, য'ত ২০২৪ চনৰ অলিম্পিক আয়োজক হ'ব । অলিম্পিক আন্দোলন আৰু ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ যাত্ৰাক চিহ্নিত কৰা এই অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আইঅ'চি) অধ্যক্ষ থমাছ বাক আৰু ভাৰতীয় ৰাষ্ট্ৰদূত জাৱেদ আশ্ৰফ উপস্থিত থাকে ।

জে এছ ডব্লিউ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সংগীতা জিন্দাল আৰু ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প'ৰ্টৰ প্ৰতিষ্ঠাপক পাৰ্থ জিন্দালৰ লগতে ফ্ৰান্স চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বাখ, ফ্ৰান্স গণৰাজ্যৰ ভাৰতৰ ৰাষ্ট্ৰদূত জাৱেদ আশ্ৰফ আৰু পিয়েৰ ডি কুবেৰ্টিন ফেমিলি এছ'চিয়েশ্যনৰ সভাপতি আলেকজেন্দ্ৰা ডি নাভাচেলে এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে । প্ৰদৰ্শনীখন পেৰিছৰ সপ্তম আৰোণ্ডেজমেণ্টৰ টাউন হলত অনুষ্ঠিত হয় আৰু ই ছেপ্টেম্বৰত পেৰিছ ২০২৪ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছৰ শেষলৈকে চলিব ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি জে এছ ডব্লিউ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সংগীতা জিন্দালে কয় যে, পেৰিছত অনুষ্ঠিত জিনিয়াছ অৱ স্প'ৰ্ট প্ৰদৰ্শনীত অলিম্পিকত ভাৰতৰ ১০০ বছৰৰ যাত্ৰাক সমৰ্থন কৰি জে এছ ডব্লিউ গ্ৰুপ আনন্দিত । এই অনন্য প্ৰদৰ্শনীৰ জৰিয়তে পিয়েৰ ডি কুবেৰ্টিনৰ জীৱন আৰু উত্তৰাধিকাৰ আৰু ভাৰতৰ উল্লেখযোগ্য অলিম্পিক যাত্ৰা আৰু সফলতাৰ ১০০ বছৰ উদযাপন কৰা হৈছে । পিয়েৰ ডি কুবেৰ্টিনৰ দৃষ্টিভংগী আৰু বিশ্বাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ক্ৰীড়াৰ সীমা অতিক্ৰম কৰি শান্তি আৰু বন্ধুত্বৰ ভাৱনাৰে মানুহক একত্ৰিত কৰি পৃথিৱীখন ব্যতিক্ৰমীধৰণে সলনি কৰাৰ ক্ষমতা আছে ।

তেওঁ লগতে কয় যে, ২০২৪ চনৰ অলিম্পিক জে এছ ডব্লিউ গ্ৰুপৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । এই প্ৰদৰ্শনীৰ লগতে পেৰিছতো ভাৰতীয় দলক সমৰ্থন কৰি গ্ৰুপটো গৌৰৱান্বিত । এই প্ৰচেষ্টাৰ জৰিয়তে গ্ৰুপটোৱে ভাৰতত ক্ৰীড়া সংস্কৃতি আৰু প্ৰতিভাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছে বুলিও জিন্দালে দাবী কৰে ।

পিয়েৰ ডি কুবেৰ্টিন ফেমিলি এছ'চিয়েশ্যনৰ সহযোগত আয়োজিত এই প্ৰদৰ্শনীখনত যোৱা শতিকাত ভাৰতৰ অলিম্পিক যাত্ৰা, দেশৰ অতীতৰ সফলতা আৰু ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখি শেহতীয়া পুনৰুত্থানৰ এক বিতং বিৱৰণ দিয়া হৈছে । ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প'ৰ্টৰ প্ৰতিষ্ঠাপক পাৰ্থ জিন্দালে কয় যে, পিয়েৰ ডি কুবেৰ্টিন পৰিয়ালৰ সৈতে অংশীদাৰিত্ব কৰি তেওঁলোক আনন্দিত হৈছে ।

তেওঁ লগতে কয় যে, জে এছ ডব্লিউ স্পৰ্টছৰ লক্ষ্য হৈছে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অলিম্পিক আন্দোলনক আগুৱাই লৈ যোৱা । অহা মাহত অনুষ্ঠিত হ'বলগীয়া খেলসমূহত ভাৰতীয় দলৰ অংশ হিচাপে প্ৰায় ৩০ গৰাকী খেলুৱৈয়ে ইন্সপায়াৰ ইনষ্টিটিউট অব স্প'ৰ্টক প্ৰতিনিধিত্ব কৰিব । তেওঁৰ মতে অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ উত্থান স্পষ্ট । কিন্তু ক্ৰীড়াৰ জৰিয়তে এখন দেশৰ শক্তি প্ৰকৃততে প্ৰদৰ্শিত হয় আৰু গ্ৰুপটোৱে সেইটো উপলব্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে ভাৰতৰ ৰাষ্ট্ৰদূত জাৱেদ আশ্ৰফে প্ৰদৰ্শনীখন আয়োজন কৰাৰ বাবে জে এছ ডব্লিউ গ্ৰুপক ধন্যবাদ জনায় । প্ৰদৰ্শনীখন অহা ১০ ছেপ্টেম্বৰলৈকে চলিব ।

লগতে পঢ়ক :প্ৰাক্তন অলিম্পিয়ানক দিয়া হ'ব পেঞ্চন আৰু স্বাস্থ্য বীমা - Pension to Indian Olympian

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.