ETV Bharat / sports

দীনেশ কাৰ্তিক-এম এছ ধোনীৰ মাজত মনোমালিন্য ! কিহৰ বাবে ধোনীয়ে নাপালে প্লেয়িং-11 ত স্থান - KARTHIK ALL TIME INDIA PLAYING 11

author img

By ETV Bharat Sports Team

Published : Aug 16, 2024, 7:52 PM IST

Dinesh Karthik India Playing 11: প্ৰাক্তন ভাৰতীয় উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকে সকলো ফৰ্মেটত ভাৰতৰ প্লেয়িং-11 বাছনি কৰিছে । কিন্তু আচৰিত কথাটো হ'ল যে, এই তালিকাত স্থান লাভ কৰা নাই প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনী ৷ কিহৰ বাবে তালিকাৰ পৰা বাদ পৰিল ধোনী ? পঢ়ক বিতং খবৰ...

KARTHIK ALL TIME INDIA PLAYING 11
দীনেশ কাৰ্তিক আৰু এম এছ ধোনী (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট: ভাৰতীয় উইকেটৰক্ষক তথা প্ৰাক্তন বেটছমেন দীনেশ কাৰ্তিকে শেহতীয়াকৈ তেওঁৰ সৰ্বকালৰ ভাৰতীয় ক্ৰিকেট দলটোৰ নাম ঘোষণা কৰিছে । য’ত স্থান লাভৰ পৰা বঞ্চিত হৈছে প্ৰাক্তন অধিনায়ক এম এছ ধোনী ৷ এই সিদ্ধান্তত আচৰিত হৈ পৰিছে ধোনীৰ সমৰ্থকসকল ৷ একাংশই দুয়োগৰাকী খেলুৱৈৰ মাজত মনোমালিন্য ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

সৰ্বকালৰ ভাৰতীয় প্লেয়িং-11 বাছনি কাৰ্তিকৰ

ভাৰতৰ প্ৰাক্তন খেলুৱৈ দীনেশ কাৰ্তিকে তেওঁৰ সৰ্বকালৰ ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে । 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দীনেশে ক্ৰিকবাজত বিভিন্ন ফৰ্মেটত 11 গৰাকী খেলুৱৈৰে গঠিত তেওঁৰ দলটো ঘোষণা কৰে ৷ অৱশ্যে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে এই দলত স্থান পোৱা পৰিলক্ষিত নহ’ল ৷

কাৰ্তিকে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ জ্যেষ্ঠ দলৰ পৰা বাছনি কৰিছে 5 গৰাকী খেলুৱৈক । একে সময়তে দ্বাদশ খেলুৱৈ হিচাপে অভিজ্ঞ স্পিনাৰ হৰভজন সিঙক স্থান দিছে । অৱশ্যে এই প্লেয়িং-11 ত তেওঁ অধিনায়ক আৰু উইকেটকীপাৰৰ বিষয়ত কোনো কথা উল্লেখ কৰা নাই ।

শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড় অন্তৰ্ভুক্ত

দীনেশ কাৰ্তিকে বীৰেন্দ্ৰ সেহৱাগ আৰু ৰোহিত শৰ্মাক তেওঁৰ দলত অপেনাৰ হিচাপে বাছনি কৰিছে । ইয়াৰোপৰি ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলী তেওঁৰ দলৰ অংশ হিচাপে স্থান লাভ কৰিছে ৷ তদুপৰি যুৱৰাজ সিং আৰু ৰবীন্দ্ৰ জাদেজাক দলৰ অলৰাউণ্ডাৰ হিচাপে স্থান দিয়া দেখা গৈছিল । যদিও ৰবিচন্দ্ৰন অশ্বিন আৰু অনিল কুম্বলেক স্পিনাৰ হিচাপে বাছনি কৰা হৈছিল, যশপ্ৰীত বুমৰাহ আৰু জাহিৰ খানক দ্ৰুত বলাৰ হিচাপে দলটোত স্থান দিয়ে দীনেশ কাৰ্তিকে ৷

এই সময়চোৱাত কাৰ্তিকে কয়, "দলটোত দুজন অলৰাউণ্ডাৰ থাকিব লাগে । গতিকে মই দুজন সমান খেলুৱৈ বাছনি কৰিছিলো । দ্বাদশ খেলুৱৈজন হৈছে হৰভজন । গম্ভীৰৰ দৰে আৰু বহুতো খেলুৱৈ আছে । কিন্তু সকলোকে 11 জনীয়া দলত অন্তৰ্ভুক্ত কৰাটো কঠিন । গতিকে এইটো সকলো ফৰ্মেটত মোৰ সৰ্বশ্ৰেষ্ঠ প্লেয়িং ইলেভেন" ৷

দীনেশ কাৰ্তিকৰ সকলো ফৰ্মেটৰ সৰ্বকালৰ ভাৰতীয় প্লেয়িং 11:

বীৰেন্দ্ৰ সেহৱাগ, ৰোহিত শৰ্মা, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, যুৱৰাজ সিং, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অনিল কুম্বলে, যশপ্ৰীত বুমৰাহ আৰু জাহিৰ খান ।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা: দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতে পতন 17 টাকৈ উইকেট - WI VS SA 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.