স্পৰ্টছ ডেস্ক, ২০ মাৰ্চ: নগদ ধনেৰে সমৃদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক সংস্কৰণত দিল্লী কেপিটেলছৰ অধিনায়ক হ’ব তাৰকা উইকেট কীপাৰ, বেটছমেন ঋষভ পন্ত । ফ্ৰেঞ্চাইজীটোৱে মঙলবাৰে ঘোষণা কৰে এই কথা ৷ ১৪ মাহৰ পাচত পেছাদাৰী ক্ৰিকেটলৈ ঘূৰি অহা উইকেটকীপাৰ, বেটছমেনগৰাকীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত চলি থকা দিল্লী কেপিটেলছৰ প্ৰি-ছিজন প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰিছে ।
দিল্লী কেপিটেলছৰ অধ্যক্ষ তথা সহ-স্বত্বাধিকাৰী পাৰ্থ জিন্দালে কয়, ‘ঋষভক আমাৰ অধিনায়ক হিচাপে পুনৰ আদৰণি জনাই আমি আনন্দিত হৈছো । ধৈৰ্য আৰু সাহসিকতাৰে তেওঁ সদায় নিজৰ ক্ৰিকেট ব্ৰেণ্ডটো প্ৰদৰ্শন কৰি আহিছে ৷”
পাৰ্থ জিন্দালে লগতে কয়, ‘মই তেওঁক পুনৰ আকৌ এবাৰ আমাৰ দলটোক এৰি যোৱাটো দেখিবলৈ ৰৈ থাকিব নোৱাৰো কাৰণ আমি নৱীকৃত আবেগ, জীৱনশক্তি আৰু উৎসাহেৰে নতুন ছিজনৰ বাবে অপেক্ষা কৰি আছিলো ।
ইফালে দলৰ সহ-স্বত্বাধিকাৰী কিৰণ কুমাৰ গ্ৰান্ধীয়ে কয়, “জীৱনৰ অন্যতম প্ৰত্যাহ্বানমূলক পৰ্যায়ত ঋষভে অবিশ্বাস্যভাবে কঠোৰ পৰিশ্ৰম কৰিছে । নতুন ছিজনত তেওঁৰ সতীৰ্থসকলে তেওঁৰ পৰা অপৰিসীম প্ৰেৰণা ল’ব আৰু ইয়াত মোৰ কোনো সন্দেহ নাই । অধিনায়ক ঋষভ আৰু দলটোৰ আমাৰ শুভেচ্ছা ।’’
উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰত উত্তৰাখণ্ডৰ নিজৰ গৃহ চহৰ ৰুৰকীলৈ যোৱাৰ সময়ত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কথমপি প্ৰাণৰক্ষা পৰে ঋষভ পন্তৰ ৷ উপযুক্ত চিকিৎসাৰ পাচত বেংগালুৰুস্থিত নেশ্যনেল ক্ৰিকেট একাডেমীত তেওঁ পুনৰ্বাসন সম্পূৰ্ণ কৰে । যোৱা ১২ মাৰ্চত বিচিচিআইয়ে তেওঁক ফিট বুলি ঘোষণা কৰে ।
অহা ২৩ মাৰ্চত চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৪ৰ প্ৰথমখন মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব দিল্লী কেপিটেলছ ।
লগতে পঢ়ক: কিবা এক অদৃশ্য শক্তিয়ে মোক ৰক্ষা কৰিছে; মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট