ETV Bharat / sports

জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 4:13 PM IST

Cricket Ban in Afghanistan: উত্তৰ ইটালীৰ মনফালকন চহৰৰ পিছত আন এখন দেশে নিষিদ্ধ কৰিছে ক্ৰিকেট ৷ দেশখনে ঘৰুৱা দলটোক ক্ৰিকেট খেলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে দেশখনত কোনোধৰণৰ ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷ পিছে ইয়াৰ কাৰণ কি, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

BAN ON CRICKET
আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: ক্ৰিকেট হৈছে বিশ্বৰ দ্বিতীয় জনপ্ৰিয় খেল । বিশ্বৰ প্ৰায় 100 ৰ পৰা 110 খন দেশত খেলা হয় ক্ৰিকেট । ক্ৰিকেট উপভোগকাৰী অনুৰাগীৰ সংখ্যাও যথেষ্ট বেছি । এছিয়াত যথেষ্ঠ জনপ্ৰিয় খেলবিধেই হৈছে ক্ৰিকেট । পিছে ক্ৰিকেটত অংশগ্ৰহণ কৰা এছিয়াৰ দলসমূহৰ ভিতৰৰ এটা দলক এতিয়াৰে পৰা দেখিবলৈ পোৱা নাযাব খেলপথাৰত ৷

ক্ৰিকেট অনুৰাগীসকলৰ বাবে আছে এটা বৰ বেয়া খবৰ । সপ্ৰতিভ আৰু প্ৰতিশ্ৰুতিশীল খেলুৱৈৰে পৰিপূৰ্ণ এটা ক্ৰিকেট দলক দৰ্শক তথা অনুৰাগীয়ে এতিয়াৰে পৰা দেখিবলৈ নাপাব ক্ৰিকেটৰ ময়দানত ৷ কিয়নো এই নিৰ্দিষ্ট দলটোৱে প্ৰতিনিধিত্ব কৰা দেশখনে নিষেধাজ্ঞা জাৰি কৰিছে ক্ৰিকেট খেলৰ ওপৰত ৷

এইখন দেশত ক্ৰিকেটৰ ওপৰত নিষেধাজ্ঞা জাৰি

এইটো এটা এনে দল, যিয়ে বিগত কেইবছৰমানত তেওঁলোকতকৈ ডাঙৰ দলক ক্ৰিকেটৰ ময়দানত পৰাস্ত কৰিছে । এই দলটোৱে বিশ্বকাপতো নিজৰ নাম ৰাখিছে । দলটোৱে অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে শক্তিশালী দলকো ধূলিসাৎ কৰিছে ।

এই দলটো আন কোনো নহয়, বৰং হৈছে আফগানিস্তান ক্ৰিকেট দল ৷ য’ত আছে ৰছিদ খান, ৰহমানুল্লাহ গুৰবাজ, নবীন-উল-হক, গুলবাদিন নাইব’ আৰু মহম্মদ নবীৰ তাৰকা ক্ৰিকেটাৰ ।

তালিবান চৰকাৰৰ বৃহৎ সিদ্ধান্ত

প্ৰাপ্ত তথ্য অনুসৰি, আফগানিস্তানত ক্ৰিকেট সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দিশত তালিবান চৰকাৰ । সমান্তৰালকৈ একাংশ প্ৰতিবেদনত দাবী কৰা হৈছে যে, তালিবান চৰকাৰৰ সৰ্বোচ্চ নেতাই দেশখনত ক্ৰিকেট নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে ।

তালিবান চৰকাৰে আফগানিস্তানত শাসনৰ গুৰি ধৰাৰ লগে লগে বহুতো বিষয়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ ইতিমধ্যে দেশত মহিলাসকলে ক্ৰিকেট খেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই খবৰটোৱে ক্ৰিকেট জগতত এক আলোড়নৰ সৃষ্টি কৰিছে ৷

অৱশ্যে এতিয়ালৈকে তালিবান চৰকাৰে এই সন্দৰ্ভত কোনো জাননী জাৰি কৰা নাই ৷ এই প্ৰতিবেদনবোৰৰ সত্যাসত্য কিমান, তাক এতিয়াই ক’ব নোৱাৰি ৷

সম্প্ৰতি ভাৰত ভ্ৰমণত ব্যস্ত আছে আফগানিস্তান ক্ৰিকেট দল ৷ দলটোৱে গ্ৰেটাৰ নয়দাত নিউজিলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্টত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল ৷ যিখন মেচ একেলেথাৰিয়ে হোৱা বৰষুণৰ বাবে এটাও বল নেপেলোৱাকৈ বাতিল কৰিবলগীয়া হয় ৷

এই দেশত নিষিদ্ধ ক্ৰিকেট

বি চি চি আইৰ সচিব জয় শ্বাহক আই চি চি-ৰ অধ্যক্ষ হিচাপে ইতিমধ্যে নিযুক্তি দিয়া হৈছে । এই ঘোষণাৰ পিছৰে পৰা এখন দেশত নিষিদ্ধ কৰা হৈছে ক্ৰিকেট ৷ উত্তৰ ইটালীৰ মনফালকন চহৰত ইতিমধ্যে নিষিদ্ধ কৰা হৈছে খেলবিধ ৷

দেশখনত কোনো লোকে ক্ৰিকেট খেলিলে ভৰিব লাগিব 10 হাজাৰ টকা পৰ্যন্ত জৰিমনা ৷ তেনেক্ষেত্ৰত দ্বিতীয়খন দেশত পৰিণত হ’ব পাৰে আফগানিস্তান, য’ত নিষিদ্ধ কৰা হ’ব ক্ৰিকেট ৷

অৱশ্যে এনে পৰিস্থিতিত জয় শ্বাহে বিশেষ একো কৰিব নোৱাৰে ৷ কিয়নো শ্বাহে 1 ডিচেম্বৰতহে আই চি চি-ৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিব । তেতিয়ালৈকে আই চি চি-ৰ অধ্যক্ষ হিচাপে শ্বাহৰ হাতত নাই কোনো ক্ষমতা ৷

লগতে পঢ়ক: নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.