ETV Bharat / sports

ড্ৰাগছৰ চোৰাং ব্যৱসায় আৰু সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ হৈছিল এইসকল বিখ্যাত খেলুৱৈ... - PLAYERS ARRESTED FOR SMUGGLING - PLAYERS ARRESTED FOR SMUGGLING

Sports Persons arrested for drugs smuggling: বিশ্বৰ একাংশ খেলুৱৈয়ে নিজৰ প্ৰয়োজন পূৰণৰ বাবে আৰু অধিক ধন উপাৰ্জনৰ বাবে সময়ে সময়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ পৰে । অপৰাধৰ জগতখনত প্ৰৱেশ কৰা এই সকলো খেলুৱৈৰ বিষয়ে জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ ।

PLAYERS ARRESTED FOR SMUGGLING
ষ্টুৱাৰ্ট মেকগিল আৰু ব্ৰিটানি গ্ৰিনৰ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 9:02 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া যিকোনো খেলুৱৈৰ অভিষেক ঘটে, তেতিয়া তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে । কিন্তু বৰ্ধিত ইচ্ছা আৰু খৰচৰ বাবে কিছুমান খেলুৱৈয়ে অসৎ পথৰে ধন উপাৰ্জনৰ উদ্দেশ্যে প্ৰৱেশ কৰে অপৰাধৰ জগতখনত ৷ যাৰ বাবে বহু সময়ত তেওঁলোকৰ কেৰিয়াৰত লাগে ক’লা দাগ ৷

শেহতীয়াকৈ আৰ্চেনালৰ 33 বছৰীয়া প্ৰাক্তন খেলুৱৈ জে ইমানুৱেল থমাছৰ বিৰুদ্ধে উত্থাপন হৈছে ড্ৰাগছ সৰবৰাহৰ অভিযোগ । বেংককৰ পৰা উভতি অহাৰ সময়ত ষ্টেনষ্টেড বিমানবন্দৰত থমাছৰ পৰা জব্দ কৰা হৈছে 6 লাখ পাউণ্ড (প্ৰায় 6 কোটি 66 লাখ) মূল্যৰ গাঞ্জা ৷ এই ঘটনাৰ পিছতে অভিযানকাৰী বিষয়াসকলে খেলুৱৈগৰাকীক গ্ৰেপ্তাৰ কৰে ।

ড্ৰাগছ সৰবৰাহত খেলুৱৈ জড়িত হোৱাৰ এয়া প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও বিশ্বৰ বহু খেলুৱৈক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে । তেনে কেইগৰাকীমান খেলুৱৈ হৈছে-

PLAYERS ARRESTED FOR SMUGGLING
ক্ৰীছ লুইছ (AFP Photo)

ক্ৰীছ লুইছ (ক্ৰিকেট): 2009 চনৰ মে’ মাহত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ লুইছক 1 লাখ 40 হাজাৰ পাউণ্ড (1 কোটি 55 লাখ টকা)তকৈ অধিক মূল্যৰ লিকুইড কোকেইন ক্ৰিকেট বেগত ফলৰ ৰসৰ বাকচত লুকুৱাই বৃটেইনলৈ সৰবৰাহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল ।

টম ক্ৰেগ (হকী): 2024 চনৰ 7 আগষ্টত অষ্ট্ৰেলিয়াৰ অলিম্পিকৰ ফিল্ড হকী খেলুৱৈ টম ক্ৰেগক ফ্ৰান্সৰ আৰক্ষীয়ে আটক কৰি ৰাখিছিল ৷ আৰক্ষীয়ে সন্দেহ কৰিছিল যে, তেওঁ চেণ্ট্ৰেল পেৰিছৰ এজন সৰবৰাহকাৰীৰ পৰা কোকেইন ক্ৰয় কৰিছিল ।

PLAYERS ARRESTED FOR SMUGGLING
ফ্লয়ড মেৱেদাৰ ছিনিয়ৰ (AFP Photo)

ফ্লয়ড মেৱেদাৰ ছিনিয়ৰ (বক্সিং): 90 ৰ দশকৰ আৰম্ভণিতে কোকেইন ব্যৱহাৰ কৰি নিজৰ পুত্ৰ ফ্লয়ড মেৱেদাৰ জুনিয়ৰৰ কেৰিয়াৰ ঊৰ্ধগামী কৰাৰ বাবে পৰিচিত আছিল ফ্লয়ড মেৱেদাৰ ছিনিয়ৰ ৷ 1993 চনত প্ৰাক্তন পেছাদাৰী বক্সাৰগৰাকীয়ে লণ্ড্ৰী ডিটাৰজেণ্টৰ পাত্ৰত কোকেইন সৰবৰাহ কৰিছিল ৷ যাৰ বাবে তেওঁক বিহা হয় 5 বছৰৰ কাৰাদণ্ড ।

লুক স্কিট আৰু আন 5 গৰাকী খেলুৱৈ (ফুটবল): 2024 চনৰ 28 মে'ত 26 কোটি পাউণ্ড পৰ্যন্ত আনুমানিক বজাৰ মূল্যৰ কোকেইন বিক্ৰী কৰা ছয়জন অৰ্ধপেছাদাৰী ফুটবল খেলুৱৈক মুঠ 103 বছৰতকৈ অধিক কাৰাদণ্ড বিহা হয় ।

আৰক্ষীয়ে জনোৱা মতে, ‘ঔদ্যোগিক পৰ্যায়ত’ ক শ্ৰেণীৰ ড্ৰাগছ বিক্ৰী কৰা এটা উচ্চ পৰ্যায়ৰ গেঙৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত এই অবৈধ ব্যৱসায়ত হাহাকাৰ লাগে । 2022 চনৰ অক্টোবৰ মাহত বগা ৰঙৰ ভেন চলাই থকা অৱস্থাত লুক স্কিটক আৰক্ষীয়ে ৰখাই বাহনখনত তালাচী চলাই জব্দ কৰে 8 কিল’গ্ৰাম কোকেইন ৷ এই গেঙৰ বাকী 5 গৰাকী সদস্য আছিল ক্ৰমে:

  1. এনফিল্ড টাউনৰ প্ৰাক্তন ডিফেণ্ডাৰ এডাম পেপাৰা
  2. চেচাম ইউনাইটেডৰ প্ৰাক্তন ফৰৱাৰ্ড শ্বাকুইলি হিপলাইট-পেট্ৰিক
  3. হেৰো বড়ো এফ চিৰ প্ৰাক্তন খেলুৱৈ এণ্ড্ৰিউ হাৰউড
  4. মাৰ্গেট এফ চিৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ মেলচি এমানুৱেল-উইলিয়ামচন, 29
  5. প্ৰাক্তন এফ কে চেনিকা খেলুৱৈ জামৰাল যোচেফ, 28

ব্ৰিটনী গ্ৰিনৰ (বাস্কেটবল): 2022 চনৰ 4 আগষ্টত ৰাছিয়াৰ আদালতে ড্ৰাগছ সৰবৰাহ আৰু অবৈধভাৱে মজুত ৰখাৰ অভিযোগত দোষী সাব্যস্ত কৰে ডব্লিউ এন বি এৰ তাৰকা তথা আমেৰিকাৰ বাস্কেটবল খেলুৱৈ ব্ৰিটনী গ্ৰিনৰক । এমাহ ধৰি চলি থকা বিচাৰৰ পিছত আৰু মস্কো অঞ্চলৰ বিমানবন্দৰত বাস্কেটবল তাৰকাগৰাকীক তেওঁৰ লাগেজত গাঁজাৰ ভেপ কাৰ্ট্ৰিজৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ প্ৰায় ছয়মাহ পিছত এই ব্যাপকভাৱে প্ৰত্যাশিত ৰায়দান কৰে আদালতে ৷ বিচাৰকে গ্ৰিনৰক ন বছৰৰ কাৰাদণ্ড বিহিছিল ।

PLAYERS ARRESTED FOR SMUGGLING
ব্ৰিটনী গ্ৰিনৰ (AFP Photo)

মদিয়া গফুৰ (অলিম্পিক এথলীট): 2019 চনৰ 5 নৱেম্বৰত ডাচ অলিম্পিক খেলুৱৈ মদিয়া গফুৰক জাৰ্মানীত তেওঁৰ গাড়ীৰ বুটত 2 মিলিয়ন পাউণ্ড (2.58 নিযুত ডলাৰ) মূল্যৰ এক্সটেচি পিল আৰু স্ফটিক মেথ পোৱাৰ পিছত চাৰে আঠ বছৰৰ কাৰাদণ্ড বিহা হয় ।

মৰ্কৰী মৰিছ (ফুটবল): 1982 চনৰ 19 আগষ্টত আৰক্ষীয়ে মৰ্কৰীক আটক কৰে আৰু তেওঁৰ গোপন কক্ষত তালাচী চলায় ৷ আৰক্ষীয়ে এই অভিযানকালত বহু পৰিমাণৰ কোকেইন, তিনিখন বাহন, বৃহৎ পৰিমাণৰ নগদ ধন আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে ।

PLAYERS ARRESTED FOR SMUGGLING
ষ্টুৱাৰ্ট মেকগিল (AFP Photo)

ষ্টুৱাৰ্ট মেকগিল (ক্ৰিকেট): অষ্ট্ৰেলিয়াৰ প্ৰাক্তন টেষ্ট ক্ৰিকেট তাৰকা ষ্টুৱাৰ্ট মেকগিলক কোকেইন সৰবৰাহত থকা ভূমিকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অৱসৰপ্ৰাপ্ত লেগ স্পিনাৰজনে 2021 চনৰ এপ্ৰিলত উত্তৰ ছিডনীত তেওঁৰ এপাৰ্টমেণ্টৰ বাহিৰত সশস্ত্ৰ লোকৰ এটা দলে তেওঁক অপহৰণ কৰাৰ অভিযোগত চোৰাংচোৱাসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

ডেভিদ জেনকিন্স (ট্ৰেক এণ্ড ফিল্ড): 1987 চনৰ 18 এপ্ৰিলত অলিম্পিকৰ ৰূপৰ পদক বিজয়ী ডেভিদ জেনকিন্সে এবাৰ প্ৰদৰ্শন বঢ়োৱা ঔষধ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰে । কোনে ভাবিছিল যে, অবৈধ ঔষধৰ সৈতে তেওঁৰ দীঘলীয়া, বিশ্বাসঘাতক যাত্ৰাৰ আৰম্ভণি হ'ব ? তেওঁৰ প্ৰতিযোগিতামূলক বছৰবোৰ পাৰ হোৱাৰ পিছত জেনকিন্স মেক্সিকোলৈ যায় আৰু পৰীক্ষাগাৰৰ মালিক জুয়ান জেভিয়েৰ মেকলিছক লগ কৰে । দুয়োজনে তিজুয়ানাত ষ্টেৰইড নিৰ্মাণ কৰিবলৈ আৰু লছ এঞ্জেলছৰ পৰা মিয়ামিলৈ সকলো ঠাইতে চোৰাংকৈ ইয়াৰ সৰবৰাহ কৰিবলৈ অংশীদাৰ হয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু এফ ডি এ বিভাগে জেনকিন্সৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ 1987 চনত তেওঁক 7 বছৰৰ বাবে কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয় ৷

এভাঞ্জেলোচ গাউচিছ (কিকবক্সিং): 1989 চনত বিশ্ব চেম্পিয়ন কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে এভাঞ্জেলোছ গাউচিছক হেৰ’ইন সৰবৰাহৰ অভিযোগৰ লগতে হত্যাৰ চেষ্টা কৰাৰ দৰে অপৰাধত লিপ্ত থকাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । কিক বক্সিঙৰ পিছত তেওঁ পুনৰ অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত হয় ৷ 2004 চনত মেলব’ৰ্ণৰ গেংলেণ্ড হত্যাকাণ্ডৰ সৈতে নাম জড়িত হৈ পৰে গাউচিছৰ ৷

ডেৰিল হেনলি (ফুটবল): 1995 চনত লছ এঞ্জেলছ ৰেমছৰ হৈ কৰ্ণেবাৰ্ক খেলৰ 5 টা চিজনৰ পিছত ডেৰিল হেনলীয়ে কোকেইনৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত হোৱাৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ড ভূগিবলগীয়া হয় । পৰৱৰ্তী সময়ত এই কাৰাদণ্ডৰ ৰায় প্ৰদানকাৰী ন্যায়াধীশগৰাকীক প্ৰাণে মৰাৰ চেষ্টা চলাই হেনলিয়ে ৷ যাৰ বাবে কাৰাগাৰত থকা অৱস্থাতে তেওঁৰ শাস্তিৰ ম্যাদ পুনৰ 21 বছৰলৈ যোগ বৃদ্ধি কৰা হয় ।

টীম মণ্টগোমাৰী (ট্ৰেক এণ্ড ফিল্ড): 2008 চনৰ 10 অক্টোবৰত টীম মণ্টগোমাৰীয়ে 1996 চনত আটলাণ্টাত অনুষ্ঠিত অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল ৷ পিছলৈ ছিডনীত অনুষ্ঠিত 2000 চনৰ অলিম্পিকত সোণৰ পদক অৰ্জন কৰি প্ৰশংসা আৰু খ্যাতি অৰ্জন কৰে খেলুৱৈগৰাকীয়ে । অৱশ্যে 2005 চনলৈ প্ৰদৰ্শন বঢ়োৱা ঔষধ ব্যৱহাৰ কৰাটো ধৰা পৰাত খেলুৱৈগৰাকীৰ পৰা পদকসমূহ ঘূৰাই লোৱা হৈছিল ৷ তেওঁ ভাৰ্জিনিয়া বীচ এলেকাত 100 গ্ৰামতকৈ অধিক হেৰ’ইন বিক্ৰী কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল আৰু 5 বছৰৰ বাবে শাস্তি বিহা হৈছিল ৷

PLAYERS ARRESTED FOR SMUGGLING
ট্ৰেভিছ হেনৰী (AFP Photo)

ট্ৰেভিছ হেনৰী (ফুটবল): 2009 চনৰ 15 জুনত এন এফ এলত সাতটা ছিজন অতিবাহিত কৰা ট্ৰেভিছ হেনৰীয়ে অৱসৰৰ পিছত এক অগতানুগতিক আৰু সম্পূৰ্ণ অবৈধ পথ গ্ৰহণ কৰে । 2009 চনত হেনৰীক কল’ৰাডো আৰু মণ্টানাৰ মাজত কোকেইন পৰিবহণ কৰাৰ বাবে 3 বছৰৰ শাস্তি বিহা হৈছিল ।

লগতে পঢ়ক: ফুটবলাৰ নে মাদক দ্ৰব্য সৰবৰাহকাৰী ! 6 কোটিৰো অধিক মূল্যৰ গাঞ্জাসহ গ্ৰেপ্তাৰ তাৰকা খেলুৱৈ - SMUGGLING OF MARIJUANA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.