ETV Bharat / sports

50 টা আন্তৰ্জাতিক গ’ল প্ৰদানকাৰী প্ৰথম ভাৰতীয় মহিলাত পৰিণত মণিপুৰৰ বালা দেৱী

Footballer Bala Devi: চলিত বৰ্ষত নেপালত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপত মণিপুৰৰ মহিলা ফুটবলাৰৰ কৃতিত্ব ৷ পাকিস্তানৰ বিৰুদ্ধে গ’ল দি এই কৃতিত্ব অৰ্জন ৷

author img

By ETV Bharat Sports Team

Published : 8 hours ago

BALA DEVI
মণিপুৰৰ মহিলা ফুটবলাৰ বালা দেৱী (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: ভাৰতীয় মহিলা ফুটবলাৰ বালা দেৱীৰ বৃহৎ সাফল্য অৰ্জন ৷ বালা দেৱীক জনপ্ৰিয়ভাৱে ভাৰতীয় মহিলা ফুটবলৰ ‘গ’ল মেচিন’ বুলি জনা যায় । চলিত বৰ্ষত নেপালত অনুষ্ঠিত হোৱা ছাফ মহিলা চেম্পিয়নশ্বিপৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে খেলখনত 50 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ’ল প্ৰদানকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাসৰ পাতত নিজৰ নাম সন্নিৱিষ্ট কৰে বালা দেৱীয়ে ।

এই কৃতিত্বত উপনীত হোৱাৰ সময়ত তেওঁৰ অনুভৱৰ বিষয়ে সোধাত বালা দেৱীয়ে কয়, "ভাৰতৰ হৈ 50 টা গ’ল প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছো । মোৰ বাবে এইটো আছিল এক অতি বিশেষ মুহূৰ্ত" ।

এই কৃতিত্ব বালা দেৱীয়ে পিতৃৰ নামত উৎসৰ্গা কৰিছিল ৷ ইয়াৰ লগতে তেওঁৰ কেৰিয়াৰত পিতৃৰ প্ৰভাৱ আৰু অৱদানৰ বিষয়েও সদৰী কৰিছিল ।

তেওঁ কয় যে, "আজি মই যি হৈ আছো সেয়া মাথো দেউতাৰ কাৰণেহে । সৰুৰে পৰাই তেওঁ মোক বল, লাঠিৰ পৰা আৰম্ভ কৰি গ’ল দিয়ালৈকে সকলো শিকাইছিল । তেওঁ মোক সদায় ক্ৰীড়াৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত কৰিছিল । পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নমাৰ লগে লগে তেওঁৰ স্মৃতিবোৰ ঘূৰি আহিল আৰু মই কান্দোন বন্ধ কৰিব নোৱাৰিলো"।

"সেই মুহূৰ্তত মই তেওঁক বহুত মিছ কৰিছিলো ৷ সেই গ’লটো দিয়াৰ প্ৰেৰণা দেউতাৰ পৰা পাইছিলো আৰু তেওঁ মোক সেয়া শিকাইছিল" বুলি বালাই লগতে কয় ।

ভাৰতীয় আৰু ইউৰোপীয় ফুটবলৰ অভিজ্ঞতাৰ বিষয়ে তুলনা কৰি বালাই কয়, "ৰেঞ্জাৰছত থকা সময়ছোৱাত মই বহু কথা শিকিলো । কেনেকৈ ফিট হৈ থাকিব পাৰি, পেছাদাৰী হৈ থাকিব পাৰি আৰু ইউৰোপত ভাল অভিজ্ঞতা অৰ্জন কৰিব পাৰি । ভাৰতীয় মহিলা ফুটবলে অগ্ৰগতি লাভ কৰিছে আৰু আমি দেখিবলৈ পাওঁ যে খেলুৱৈসকল এতিয়া খেলিবলৈ বহিঃৰাজ্যলৈ গৈছে" ।

AIFF য়েও এইক্ষেত্ৰত বহুত সহায় কৰিছে আৰু মহিলাসকলেও ফুটবলৰ প্ৰসাৰৰ বাবে বহু প্ৰচেষ্টা চলাইছে । এনেধৰণৰ সমৰ্থন অব্যাহত থাকিলে ডাঙৰ ডাঙৰ কাম সাধন কৰাৰ লগতে বহু দুৰ আগুৱাই যাব পাৰিম বুলি ফুটবলাৰগৰাকীয়ে কয় । এটা শব্দত নিজৰ কেৰিয়াৰৰ বৰ্ণনা কৰিবলৈ কোৱাত বালাই "শ্বে পাৱাৰ" শব্দটো বাছি লৈছিল ।

লগতে পঢ়ক: মণিপুৰৰ হিংসাই সলনি কৰিলে ক্ৰীড়াৰ পৰিৱেশ : দুভাগত বিভক্ত ৰাজ্যিক ফুটবল দল - MANIPUR VIOLENCE ON SPORTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.