ETV Bharat / sports

পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শন সন্দৰ্ভত আনন্দ মহিন্দ্ৰাৰ প্ৰশ্ন - ANAND MAHINDRA ON PARIS OLYMPICS

author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 3:58 PM IST

Anand Mahindra on Paris Olympics: ভাৰতৰ বিখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই পেৰিছ অলিম্পিকত ভাৰতৰ দুৰ্বল প্ৰদৰ্শনক লৈ উত্থাপন কৰিছে কেতবোৰ প্ৰশ্ন । অৱশ্যে একে সময়তে মহিন্দ্ৰাই বিষয়টোৰ সন্দৰ্ভত সমৰ্থন কৰিছে চৰকাৰক । পঢ়ক সম্পূৰ্ণ খবৰ...

ANAND MAHINDRA ON PARIS OLYMPICS
বিখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰা (AFP and AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ তথা দেশৰ আগশাৰীৰ ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা স্বত্বেও পেৰিছ অলিম্পিক গেমছত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ অক্ষম হোৱা ভাৰতীয় খেলুৱৈসকলৰ ব্যৰ্থতাৰ সন্দৰ্ভত উত্থাপন কৰিছে কিছু প্ৰশ্ন ৷

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাত ব্যৰ্থ ভাৰতীয় খেলুৱৈসকলৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ব্যৱসায়ীগৰাকীয়ে । পেৰিছ অলিম্পিক 2024 ত ভাৰতে পদক তালিকাত লাভ কৰিছিল 71 তম স্থান, যি আছিল টকিঅ' অলিম্পিক 2020 ৰ তুলনাত নিম্নমানৰ স্থান ৷

দুৰ্বল প্ৰদৰ্শনৰ ওপৰত মহিন্দ্ৰাৰ প্ৰশ্ন

সামাজিক মাধ্যমত বাৰুকৈয়ে সক্ৰিয় হৈ থকা মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই এক্সত তেওঁৰ শেহতীয়া পোষ্টত উত্থাপন কৰিছে যে, চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা স্বত্বেও ভাৰতে কিয় অলিম্পিক গেমছত বিশ্বমানৰ প্ৰতিভা প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে ? তেওঁ প্ৰকাশ কৰে যে, "মই স্বীকাৰ কৰিব লাগিব যে, মোৰ চিন্তা কৰিবলৈ একো নাই আৰু বিভ্ৰান্ত হৈ পৰিছে" ৷

পেৰিছ অলিম্পিকত ভাৰতে পদক তালিকাৰ 71 তম স্থান লাভ কৰে, যি আছিল টকিঅ' 2020 অলিম্পিকতকৈও নিম্ন স্থান ৷ টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিছিল 48 তম স্থান ৷ এইবেলি ভাৰতে পাকিস্তানতকৈও নিম্ন স্থানত উপনীত হয় ৷ চিৰবৈৰী দেশ পাকিস্তানে তাৰকা জেভলিন থ্ৰ’য়াৰ আৰ্শাদ নাদিমৰ স্বৰ্ণ পদক জয়ৰ পিছত পদক তালিকাত 62 তম স্থান দখল কৰিছিল ৷

চৰকাৰক সমৰ্থন

মহিন্দ্ৰাই কৈছিল যে, চৰকাৰে বাৰুকৈয়ে ধন ব্যয় কৰিছে ৷ সমান্তৰালকৈ ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক দখল কৰিবলৈ খেলুৱৈসকলৰ আছে অত্যন্ত প্ৰতিভা ৷ ৰাজহুৱা আৰু ব্যক্তিগত উভয়ক্ষেত্ৰতে ক্ৰীড়া আন্তঃগাঁথনিৰ মানদণ্ড নাটকীয়ভাৱে উন্নত হৈছে বুলিও তেওঁ লগতে কয় ।

ব্যক্তিগত খণ্ডই আগবঢ়াইছে অৱদান

"ব্যক্তিগত খণ্ডৰ খেলুৱৈসকল বিশেষকৈ অজিকিউ আৰু জিন্দল স্পৰ্টছে আগবঢ়াইছে অনবদ্য অৱদান । বিদ্যালয়সমূহেও ক্ৰীড়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে," তেওঁ কয় ।

"সাধাৰণতে আমাৰ সম্ভাৱনা পূৰণ কৰিবলৈ আৰু আমাৰ জনসংখ্যাৰ বাবে সন্মানজনক সংখ্যক পদক জিকিবলৈ আমি কি কৰা উচিত, সেই বিষয়ে সকলোৰে এক মহান উদ্দেশ্য আছে" বুলিও আনন্দ মহিন্দ্ৰাই সদৰী কৰে ৷

মহিন্দ্ৰাই লগতে কয় যে, "দেশৰ মানসিকতা সলনি হৈছে, ভাৰতীয় খেলুৱৈসকলৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে । এই সকলো প্ৰচেষ্টাৰ পিছতো অলিম্পিক গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা বিশ্বমানৰ প্ৰতিভা বিচাৰি পোৱাত কিহে বাধা দিছে ?"

লগতে পঢ়ক: অৱসৰৰ প্ৰসংগত ইউ টাৰ্ণ বিনেশ ফোগাটৰ: গাঁওবাসীয়ে বিশাল আদৰণি জনোৱাৰ পিছতে কৰিলে এই মন্তব্য - VINESH PHOGAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.