ETV Bharat / sports

এটা ৰূপ আৰু 5 টা ব্ৰঞ্জ: পেৰিছত সামৰণি পৰিল ভাৰতীয় খেলুৱৈৰ যাত্ৰা - PARIS OLYMPICS 2024

author img

By ANI

Published : Aug 12, 2024, 1:39 PM IST

India's medals at olympics 2024: দেওবাৰে সামৰণি পৰিল 2024 বৰ্ষৰ অলিম্পিক গেমছৰ ৷ 117 গৰাকী ভাৰতীয় খেলুৱৈয়ে এইবাৰ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন সন্দৰ্ভত এই প্ৰতিবেদনযোগে চমু আলোকপাত ৷

Indian contingent for Olympics
পেৰিছত অনুষ্ঠিত অলিম্পিক গেমছ 2024 (ANI)

স্প’ৰ্টছ ডেস্ক, 12 আগষ্ট: 26 জুলাইৰ পৰা 11 আগষ্ট পৰ্যন্ত চলা পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰিবলৈ সক্ষম হয় মাত্ৰ 6 টা পদক ৷ ইয়াৰে এটা ৰূপ আৰু 5 টা ব্ৰঞ্জৰ পদক ৷ মুঠ 117 গৰাকী ভাৰতীয় খেলুৱৈক প্ৰেৰণ কৰা হৈছিল পেৰিছ অলিম্পিকলৈ ।

পেৰিছ অলিম্পিকৰ পদকৰ হিচাপত ভাৰতে 71 নম্বৰ স্থান দখল কৰাৰ বিপৰীতে, আমেৰিকা যুক্তৰাষ্ট্ৰই মুঠ 126 টা পদক লাভ কৰি শীৰ্ষস্থান দখল কৰে । পদক তালিকাৰ দ্বিতীয় স্থানত থাকে চীন ৷

পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে মনু ভাকেৰে । ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় শ্বুটাৰগৰাকীয়ে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় । ইয়াৰ পিছত 22 বছৰীয়া সৰৱজিৎ সিঙৰ সৈতে মিক্সড টীম 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ একক সংস্কৰণত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসত নিজৰ নাম খোদিত কৰে মনুৱে ।

পেৰিছ অলিম্পিকত শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ আৰু এটি পদকৰ সংখ্যা বৃদ্ধি কৰে স্বপ্নীল কুছালে । ভাৰতীয় হকী(পুৰুষ) দলটোৱে 2024 চনৰ পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত ৰূপৰ পদক লাভ কৰি নীৰজ চোপ্ৰা আটাইতকৈ সফল ব্যক্তিগত অলিম্পিয়ান হিচাপে পৰিগণিত হয় ।

Indian contingent for Olympics
ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰা (ANI)

আনহাতে, অলিম্পিক গেমছত ভাৰতীয় মল্লযুঁজাৰু অমন শ্বেহৰাৱটে মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী হিচাপে পৰিগণিত হয় ।

উল্লেখ্য যে, নুন্যতম ব্যৱধানৰ বাবে ভাৰতে বহুকেইটা পদক লাভৰ পৰাও বঞ্চিত হয় ৷ ভাৰতে ছটাকৈ সম্ভাৱ্য পদক নুন্যতম ব্যৱধানৰ বাবে হেৰুৱাই পেলায় ৷ খেলুৱৈসকলে নিজ নিজ ইভেণ্টত চতুৰ্থ স্থান দখল কৰে । ইয়াৰ ভিতৰত আছিল লক্ষ্য সেন, মীৰাবাঈ চানু আৰু মনু ভাকেৰ । ঐতিহাসিক ফাইনেলৰ পূৰ্বে বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাটোও ভাৰতৰ বাবে আছিল আন এক হৃদয় বিদাৰক খবৰ ৷

উল্লেখ্য যে, অলিম্পিকত আজিপৰ্যন্ত ভাৰতে লাভ কৰিছে 41 টা পদক । আমোদজনক কথাটো হ’ল, 1900 চনত নৰ্মান প্ৰিচাৰ্ডৰ দ্বৈত ৰূপৰ পদটোৱেই আছিল ভাৰতৰ বাবে অলিম্পিকত লাভ কৰা ভাৰতৰ বাবে প্ৰথমটো পদক ৷ সেইবাৰো পেৰিছতে অনুষ্ঠিত হৈছিল অলিম্পিক ।

অলিম্পিক পদক বিজয়ীৰ তালিকাত স্থান লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমজন ব্যক্তিগত খেলুৱৈ আছিল কে ডি যাদৱ । 1952 চনত হেলচিংকিত অনুষ্ঠিত হোৱা অলিম্পিকত মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰে যাদৱে । 2000 চনত ছিডনীত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় ভাৰোত্তোলক কৰ্ণম মালেশ্বৰী ।

লগতে পঢ়ক: ১৩ আগষ্টতহে ঘোষণা হ'ব বিনেশৰ আবেদনৰ বহু প্ৰত্যাশিত সিদ্ধান্ত - Paris Olympics 2024

ভাৰতৰ ডাবল অলিম্পিক পদক বিজয়ী : কোন কোন আছে এই তালিকাত - Paris Olympics 2024

কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত মল্লযুঁজাৰু ঋতিকা হুদা, পেৰিছ অলিম্পিকত ভাৰতৰ অভিযান সমাপ্ত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.