ETV Bharat / sports

পেৰিছ অলিম্পিক : নিৰাপত্তাৰ দায়িত্ব দুৰ্ধৰ্ষ কে-৯ স্নিফাৰ ডগৰ সৈতে ভাৰতীয় নিৰাপত্তা বাহিনীক - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:32 PM IST

Paris Olympics 2024 : ফ্ৰান্স চৰকাৰৰ অনুৰোধমৰ্মে পেৰিছ অলিম্পিকত নিৰাপত্তা প্ৰদান কৰিবলৈ পেৰিছত উপস্থিত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ দল । ভাৰতে পেৰিছলৈ প্ৰেৰণ কৰে 10 কে-9 স্কোৱাডৰ এটা দল । ইতিমধ্যে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ ২ আইচি (ভেট) ড৹ মঞ্জুৰ আহমেদৰ নেতৃত্বত আই টি বি পি, চি আৰ পি এফ, এছ এছ বি, এ আৰ আৰু এন এছ জিৰ কে৯এছ দলটো ১১ জুলাইত পেৰিছত উপস্থিত হয় । কে-৯ এ অলিম্পিকৰ সময়ছোৱাত অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত সুৰক্ষা প্ৰদান কৰিব । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক গৌতম দেৱৰয়ৰ এক প্ৰতিবেদন ।

10 K9s From India Among Security Squad For Paris Olympic
পেৰিছত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ দলটো (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১৯ জুলাই : ২৬ জুলাইৰ আৰম্ভ হ'ব পেৰিছ অলিম্পিক । এই ক্ৰীড়া মহাৰণ অহা ১১ আগষ্টলৈ চলিব । পেৰিছ অলিম্পিকৰ বাবে এতিয়া সাজু হৈ উঠিছে প্ৰতিখন দেশ । ইয়াৰ মাজতে আহিছে ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ । পেৰিছ অলিম্পিকত নিৰাপত্তাৰ দায়িত্বত থাকিব ভাৰতৰ ১০ কে-৯ নিৰাপত্তাৰক্ষী দল । ইতিমধ্যে আই টি বি পিৰ ২আইচি (ভেট) ড৹ মঞ্জুৰ আহমেদৰ নেতৃত্বত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, সশস্ত্ৰ সীমা বল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, এ আৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ কে৯ এছ দলটো ১১ জুলাইত পেৰিছলৈ উৰা মাৰে ।

এই সন্দৰ্ভত আই টি বি পিৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "ফ্ৰান্স চৰকাৰৰ অনুৰোধমৰ্মে ভাৰত চৰকাৰে কূটাঘাতমূলক কাৰ্যকলাপৰ বিৰুদ্ধে দায়িত্ব পালন কৰিবলৈ কে-৯ ৰ এটা দল পেৰিছলৈ প্ৰেৰণ কৰা হৈছে । ভাৰতীয় কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ), বিশেষকৈ ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) কে৯ গোটৰ অনবদ্য খ্যাতিৰ বাবে এই অনুৰোধ কৰা হৈছিল । এই বাহিনীটোৱে জি-২০ সন্মিলনৰ সময়ত তেওঁলোকৰ নিখুঁত প্ৰদৰ্শন আৰু ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকান নৌসেনাৰ সৈতে তেওঁলোকৰ সহযোগিতাৰ বাবে জনাজাত ।"

লগতে বিষয়াজনে কয়, "আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ফ্ৰান্সৰ অনুৰোধ গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছিল । এক বৈঠকৰ পিচত, চি এ পি এফে সঞ্চালকসকলৰ সৈতে ১০ কে-৯ দলটো প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।"

পেৰিছত উপস্থিত হোৱাৰ লগে লগে কে-৯ দলে পেৰিছ অলিম্পিকৰ নিৰাপত্তা প্ৰস্তুতিৰ অংশ হিচাপে আইফেল টাৱাৰৰ চৌদিশে কূটাঘাতমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । বিষয়াগৰাকীৰ মতে, ফৰাচী কৰ্তৃপক্ষই ড৹ মঞ্জুৰ আহমেদক অতি স্পৰ্শকাতৰ এলেকাসমূহত ভাৰতীয় কে-৯ সেনাসকলক নিয়োজিত কৰিবলৈ অনুৰোধ জনাইছে, যাতে চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি উঠে ।

বিষয়াগৰাকীয়ে লগতে কয়, "এনে স্পৰ্শকাতৰ নিৰাপত্তা অভিযানৰ বাবে ফ্ৰান্সত প্ৰথমবাৰৰ বাবে ভাৰতীয় চি এ পি এফ দল মোতায়েন কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ অভিযানত এই বিস্তৃত অভিজ্ঞতা অৰ্জনৰ ক্ষেত্ৰত আই টি বি পিৰ মুখ্য কাৰ্যালয়ে এই নিযুক্তিত এক পৰামৰ্শদাতাৰ ভূমিকা পালন কৰিছে । আই টি বি পিৰ ডি আই জিৰ (ভেট) নেতৃত্বত কে-৯ মূল্যায়ন বোৰ্ডে (কে এ বি) এই অভিযানৰ বাবে কে৯ আৰু হেণ্ডলাৰৰ সকলো ফিটনেছ প্ৰমাণিত কৰিছে ।"

যদিওবা এই বিষয়ত আন্তঃজাৰ্তিক নিৰাপত্তাৰ দিশটো অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে, কিন্তু চি এ পি এফ কে-৯ ৰ উচ্চ গুণমানৰ প্ৰশিক্ষণে ফ্ৰান্সত নিৰাপত্তা প্ৰদানৰ বাবে দলটো সু-সজ্জিত বুলি বিষয়াজনে উল্লেখ কৰে । ১০ টা স্নিফাৰ ডগৰ সৈতে সঞ্চালকগৰাকীও কঠোৰ প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকে ফৰাচী ভাষাৰ সৈতে মৌলিক আনুষ্ঠানিকতা ইতিমধ্যে সম্পন্ন কৰিছে ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো... - Paris Olympics 2024

ভাৰতৰ বাবে পৰৱৰ্তী ডাঙৰ আশা- অধিক সোণ, অধিক ৰূপ আৰু অধিক ব্ৰঞ্জ: অলিম্পিক খেলুৱৈলৈ কোহলীৰ শুভেচ্ছা - Paris Olympics 2024

পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.