ETV Bharat / politics

মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিয়ে সহায় কৰিব নেকি বিজেপিক ! - Lok Sabha election 2024

Lok Sabha election 2024:এইবাৰ লোকসভা নিৰ্বাচনত পুৰুষৰ তুলনাত মহিলাৰ ভোটদানৰ হাৰ বেছি । পুৰুষক অতিক্ৰমী মহিলাৰ ভোটদানৰ হাৰ ৮১.৭১ শতাংশ । এই ভোট বৃদ্ধিয়ে কোন দলক বিজয়ৰ অংকত সহায় কৰিব ?

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 5:59 PM IST

Lok Sabha election 2024
মহিলাৰ ভোটদানৰ হাৰ (Google)

গুৱাহাটী, ১৯ মে' : লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য়ত ৰাজনৈতিক দলসমূহৰ মাজত চলিছে আসনৰ হিচাপ-নিকাচ । অৱশ্যে সকলো হিচাপ-নিকাচৰ প্ৰকৃত ছবিখন অহা ৪ জুনত স্পষ্ট হ'ব । এইবাৰৰ লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে মহিলা আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিভিন্ন আঁচনিৰ চমক দিছিল । লক্ষণীয় বিষয় যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত পুৰুষৰ তুলনাত মহিলাৰ ভোটদানৰ হাৰ বেছি আছিল । তেনেস্থলত মহিলা ভোটাৰৰ প্ৰসংগটো বিশেষভাৱে চৰ্চা হৈছে ।

এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰধান লক্ষ্য আছিল ৰাজ্যৰ মহিলা ভোটাৰসকল । উল্লেখ্য যে ৰাজ্যত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা কম যদিও ভোটদানৰ ক্ষেত্ৰত মহিলাসকল পুৰুষতকৈ আগত আছে । এইবাৰ ৰাজ্যখনত পুৰুষৰ ভোটদানৰ হাৰ আছিল ৮১.৪১ শতাংশ । ইয়াৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ হৈছে ৮১.৭১ শতাংশ । সেইবাবে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিয়েই অধিক আত্মবিশ্বাসী কৰিছে বিজেপিক ।

উল্লেখ্য যে মহিলা ভোটাৰক লক্ষ্য কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছিল । নগদ ধন প্ৰদান কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্রায় ২৭ লাখলৈ বৃদ্ধি কৰা চৰকাৰখনে ১৫ লাখ মহিলাক মাইক্র' ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবত ভোটৰ পূৰ্বে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছিল । আনকি মহিলা ভোটাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ দৰে আঁচনি প্ৰৱৰ্তন কৰি চমক দিছিল । এই আঁচনিৰ অধীনত প্রায় ৪৫ লাখ মহিলাক সামৰি লোৱা হ'ব বুলিও ঘোষণা কৰা হৈছিল । মুঠতে বিজেপি চৰকাৰে বিশেষভাৱে মহিলাসকলক টাৰ্গেট কৰি লৈছিল ।

কোন সমষ্টিত বেছি বৃদ্ধি হৈছে

ইফালে, ১৪ টা সমষ্টিত সামগ্ৰিকভাৱে পুৰুষৰ তুলনাত মহিলাৰ ভোটদানৰ হাৰ বেছি হোৱাৰ উপৰি বিভিন্ন সমষ্টিত যথেষ্ট বেছি । প্রথম পৰ্যায়ত নির্বাচন অনুষ্ঠিত কাজিৰঙা লোকসভা সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ ৭৮.২৯ শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ ৮০.৩৮ শতাংশ । একেদৰে শোণিতপুৰ সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ ৭৭.৪৪ শতাংশ আৰু মহিলাৰ ভোটদানৰ হাৰ হৈছে ৭৯.৪৮ শতাংশ । লখিমপুৰ লোকসভা সমষ্টিত পুৰুষৰ ৭৫.৬৫ শতাংশ আৰু মহিলাৰ ভোটদানৰ হাৰ ৭৭.১৮ শতাংশ । আনহাতে, যোৰহাটত ৭৭.৬৯ শতাংশ পুৰুষে আৰু ৭৮.৮১ শতাংশ মহিলাই, ডিফু সমষ্টিত ৭৫.৪৫ শতাংশ পুৰুষ আৰু ৭৬.০৩ শতাংশ মহিলাই, নগাঁও সমষ্টিত ৮১.১৬ শতাংশ পুৰুষ আৰু ৮১.১৮ শতাংশ মহিলাই, ধুবুৰী সমষ্টিত ৯১.৯৯ শতাংশ পুৰুষ আৰু ৯২.১৭ শতাংশ মহিলাই ভোটদান কৰিছে ।

আনহাতে, দৰং ওদালগুৰি, বৰপেটা, গুৱাহাটী, কৰিমগঞ্জ, শিলচৰ আৰু ডিব্ৰুগড় সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ সামান্য পৰিমাণে বেছি । সেই অনুসৰি দৰং ওদালগুৰি সমষ্টিত ৮২.৩৯ শতাংশ পুৰুষ আৰু ৮১.৬২ শতাংশ মহিলাই, বৰপেটাত ৮৫.৪০ শতাংশ পুৰুষ আৰু ৮৫.০৮ শতাংশ মহিলাই, গুৱাহাটীত ৮৫.৫৬ শতাংশ পুৰুষ আৰু ৮৫.৩৪ শতাংশ মহিলাই, কৰিমগঞ্জত ৮০.৫৮ শতাংশ পুৰুষ আৰু ৮০.৩৮ শতাংশ মহিলাই, শিলচৰত ৭৯.১৭ শতাংশ পুৰুষ আৰু ৭৮.৯২ শতাংশ মহিলাই, ডিব্ৰুগড়ত ৭৬.৯৬ শতাংশ পুৰুষ আৰু ৭৬.৫৫ শতাংশ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইপিনে,কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত ৯ টা সমষ্টিতে মহিলাৰ ভোটদানৰ হাৰ বেছি ।

কোন কোন বিধানসভা সমষ্টিত বাঢ়িল এই ভোট ?

আনহাতে, কাজিৰঙা সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ ভিতৰত সাতটা সমষ্টিত মহিলাই অধিক ভোট প্রদান কৰিছে । একেদৰে শোণিতপুৰ সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত একমাত্ৰ তেজপুৰ সমষ্টিৰ বাহিৰে বাকী আঠটা সমষ্টিতে মহিলাৰ ভোটদানৰ হাৰ অধিক । লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত একমাত্ৰ জোনাই সমষ্টিৰ বাহিৰে আন সকলো বিধানসভা সমষ্টিতে মহিলাই অধিক ভোটদান কৰিছে । ডিব্ৰুগড় লোকসভা সমষ্টিতো দহটা বিধানসভাৰ ভিতৰত সাতটা বিধানসভা সমষ্টিত, যোৰহাট লোকসভাৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভিতৰত পাঁচটা সমষ্টিত, দৰং-ওদালগুৰি লোকসভাৰ অন্তৰ্গত এঘাৰটা বিধানসভাৰ ভিতৰত ছয়টা বিধানসভাত, ডিফু লোকসভাৰ অন্তৰ্গত ছয়টা বিধানসভাৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিত, কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত ছয়টা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা বিধানসভা সমষ্টিত মহিলাৰ ভোটদানৰ হাৰ অধিক । একেদৰে শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিৰ ভিতৰত তিনিটা বিধানসভা সমষ্টিত, নগাঁও লোকসভাৰ অন্তৰ্গত আঠটা বিধানসভাৰ ভিতৰত ছয়টা বিধানসভা সমষ্টিত, ধুবুৰী লোকসভাৰ অন্তৰ্গত এঘাৰটা বিধানসভা সমষ্টিৰ ভিতৰত পাঁচটা বিধানসভা সমষ্টিত, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভিতৰত তিনিটা বিধানসভাতে মহিলাৰ ভোটদানৰ হাৰ অধিক ।

ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা কিমান ?

এইবাৰ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৫,০৬,২৩৬ গৰাকী । ইয়াৰে ভিতৰত ১,২২,৬২,০৯৮ জন পুৰুষ ভোটাৰ আৰু ১,২২,৪৩,৭৩৪ গৰাকী মহিলা ভোটাৰ । ইয়াৰে ভোটদান কৰিলে ৯৯,৮৩,৮৫১ জন পুৰুষ আৰু ১,০০০৪,৩৪৮ গৰাকী মহিলা ভোটাৰে । লক্ষণীয় বিষয় যে মহিলা ভোটাৰক লক্ষ্য কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটৰ হিচাপ-নিকাচ কৰিছিল । সেই অনুসৰি অংগনৱাড়ী কর্মী-সহায়িকাৰ এককালীন সাহায্যৰ পৰা আৰম্ভ কৰি অৰুণোদয়, লাখপতি বাইদেউলৈ আদি আঁচনিসমূহৰ দ্বাৰা লোকসভা নিৰ্বাচনত মহিলাসকলৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলাইছিল । নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ দৰে আঁচনি প্রৱর্তন কৰি প্রায় ৪৫ লাখ মহিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি কৰা ঘোষণাই মহিলা সকলক আকৰ্ষিত কৰিছিল ।

সেইদৰে অবিবাহিত, বিধৱা, নিম্ন উপার্জন থকা পৰিয়ালৰ মহিলাসকলক প্রতিমাহে ১২৫০ টকা আদায় দিয়া আকৰ্ষণীয় অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি মহিলাসকলক মন জয় কৰিছিল । বছৰি ৪ লাখ টকা উপাৰ্জন কৰা পৰিয়ালকো ৰেছন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ লগে লগে অংগনৱাড়ী কর্মী-সহায়িকাসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে । ফলত ১.২১ লাখ মহিলা উপকৃত হ'ব । উল্লেখ্য যে মাইক্ৰ'ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা লাখ লাখ মহিলাৰ অনাদায় ঋণ আদায় দিয়াৰ বাবত ৰাজ্যচৰকাৰে ইতিমধ্যে প্রায় ২ হাজাৰ কোটি টকা ব্যয় কৰিছে । এনে পৰিস্থিতিত মহিলাৰ ভোটদান বৃদ্ধিয়ে উৎফুল্লিত কৰি তুলিছে বিজেপিক । অৱশ্যে মহিলা ভোটাৰে বিজেপিক কিমানদূৰ সহায় কৰিলে তাৰবাবে অপেক্ষা কৰিব লাগিব ৪ জুনলৈ ।

লগতে পঢ়ক:অসমৰ আটাইকেইখন আসনেই লাভ কৰিব বিজেপি মিত্ৰজোঁটে: অতুল বৰা - Loksabha Election 2024

লোকসভা নিৰ্বাচনত ৰাজ্যৰ ৩ সমষ্টিক লৈ হাত দাঙিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.