ETV Bharat / politics

আজি দৰং-ওদালগুৰিত 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ যুঁজ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

LOK SABHA ELECTION 2024 : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ 11 টা বিধানসভা সমষ্টিত মুঠ 22,09,341 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 11 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য ৷

SECOND PHASE OF ELECTION
ভাগ্য নিৰ্ণয়ৰ যুঁজ
author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 11:45 AM IST

তেজপুৰ, ২৬ এপ্ৰিল : শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যৰ ৫ সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ 11 টা বিধানসভা সমষ্টিত মুঠ 22,09,341 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 11 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত এই সমষ্টিটোত পুৰুষ ভোটাৰ 11,08,624 গৰাকী থকাৰ 11,00,657 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ সমষ্টিটোৰ 2,622 টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷

উল্লেখ্য যে, 2024 চনৰ ভোটাৰ তালিকা অনুসৰি দৰং জিলাত সৰ্বমুঠ 6,97,958 গৰাকী ভোটাৰৰ 3,53,683 জন পুৰুষ, 3,44,260 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ লোক 15 গৰাকী আছে ৷ আনহাতে, ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলাত মুঠ 15,01,352 গৰাকী ভোটাৰ আছে ৷ ওদালগুৰি জিলাত প্ৰায় 50 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আছে ৷ লোকসভা সমষ্টিটোত স্থাপন কৰা হৈছে 22 টা আদর্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷

2023 চনৰ ভোটাৰ তালিকা অনুসৰি, পূৰ্বে দৰঙত 8,77,900 জন ভোটাৰ থকাৰ পিছত নতুন তালিকাত সন্নিৱিষ্ট তথ্য অনুসৰি বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে 6,97,958 জন ৷ উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাত পূৰ্বতকৈ দৰং জিলাত ভোটাৰৰ সংখ্যা কিছু কমিছে ৷

নতুন ভোটাৰ তালিকা অনুসৰি, 49 নং ছিপাঝাৰ সমষ্টিত ভোটাৰ আছে 2,04,749 গৰাকী, 50 নং মঙলদৈ সমষ্টিত আছে 1,95,363 গৰাকী আৰু 51 নং দলগাঁও সমষ্টিত আছে 2,97,846 গৰাকী ভোটাৰ ৷ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, দৰঙৰ গৰুখুটিৰ উচ্ছেদৰ পিছত ছিপাঝাৰ সমষ্টিৰ কিছু ভোটাৰক দলগাঁও সমষ্টিত অন্তৰ্ভূক্ত কৰাত সমষ্টিটোত বৃদ্ধি হৈছে ভোটাৰৰ সংখ্যা ৷

একেধৰণে মঙলদৈ সমষ্টিতো 2023 চনৰ তুলনাত কমিছে ভোটাৰৰ সংখ্যা ৷ তথ্য অনুসৰি, 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই মুঠ ভোট লাভ কৰিছিল 7,35,469 টা (48.83%) ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাই ভোট লাভ কৰিছিল 5,96,924 টা (39.63%) ভোট ৷ ফলস্বৰূপে দিলীপ শইকীয়াই 1,38,545 টা ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল ৷ পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিটো চাৰিবাৰকৈ বিজেপিৰ দখলত আছে ৷

পূৰ্বৰ দৰং লোকসভা সমষ্টিটো 1957 চনৰ পৰা পৰিৱৰ্তিত হয় মঙলদৈ লোকসভা সমষ্টিলৈ আৰু সেই সময়ৰ প্ৰথমগৰাকী সাংসদ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী ৷ ইয়াৰ পিছত দৰং আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ বিভাজন ঘটোৱা হয় ৷ এই বিভাজনৰ প্ৰথম বছৰৰ বিজয়ী প্ৰাৰ্থী হিচাপে 1967 চনত হেম বৰুৱাই প্ৰজা সমাজবাদী পাৰ্টিৰ পৰা জয় লাভ কৰে ৷

তাৰ পৰৱৰ্তী সময়ত ক্ৰমে 1971 চনত ধৰণীধৰ দাসে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা, 1977 চনত হিৰালাল পাটোৱাৰীয়ে জনতা পাৰ্টিৰ পৰা, 1985 চনত চৈফুদ্দিন আহমেদে অসম গণ পৰিষদ, 1991 চনত প্ৰবীণ ডেকাই ভাৰতীয় জাতীয় কংগ্ৰেছ, 1996 চনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসম গণ পৰিষদ, 1998 চনত মাধৱ ৰাজবংশীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ, 2004 চনত নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে ভাৰতীয় জনতা পাৰ্টি, ৰমেন ডেকাই 2009 চনৰ পৰা 2014 চনলৈ সাংসদ হিচাপে নিৰ্বাচিত হয় ৷

ইয়াৰ পিছত 2019 চনত দিলীপ শইকীয়া উক্ত সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ৷ শইকীয়াই দ্বিতীয়বাৰলৈ সমষ্টিটোৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবেলি পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ এই সমষ্টিটোত বৰ্তমান দৰং আৰু ওদালগুৰি জিলা সংযুক্ত কৰি এটা সমষ্টিত অন্তৰ্ভূক্ত কৰা হয় ৷ পূৰ্বতে দৰং লোকসভা সমষ্টি 10 টা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল ৷

লগতে চাওক: ৰাজ্যত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ - Lok Sabha Election 2024

ধলাই বিধানসভাৰ ১১৮ নং ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত পৰিমল শুক্লবৈদ্যৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.