ETV Bharat / politics

প্ৰতিষ্ঠান বিৰোধী ঢৌ, প্ৰতিবাদক গুৰুত্ব নিদিয়ে ৰামেশ্বৰ তেলীয়ে ! - Rameswar Teli

Rameswar Teli : প্ৰতিষ্ঠান বিৰোধী ঢৌ, প্ৰতিবাদক গুৰুত্ব নিদিয়ে ৰামেশ্বৰ তেলীয়ে ৷ দল- সংগঠনে কৰা প্ৰতিবাদৰ পাছত মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বিজেপি দলে ডিব্ৰুগড়ৰ পৰা তেওঁকে প্ৰাৰ্থিত্ব দিব বুলি মন্তব্য ৷

Dibrugarh Lok Sabha Constituency
প্ৰাৰ্থিত্বৰ বাবে আশাবাদী ৰামেশ্বৰ তেলী
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:41 PM IST

দল- সংগঠনে কৰা প্ৰতিবাদৰ পাছত মুখ খুলিছে ৰামেশ্বৰ তেলীয়ে

মৰাণ, 29 ফেব্ৰুৱাৰী : ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলতে সৃষ্টি হৈছে প্ৰত্যাহ্বান ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰতিস্থান বিৰোধী ঢৌ ৷ চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনে ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে দলটোক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পাচতে ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে উঠা প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বিৰুদ্ধে আজি লাহোৱালত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷ চাহ জনগোষ্ঠীৰ সংগঠন আছা আৰু আটছাই তেলীয়ে প্ৰাৰ্থিত্ব পালে বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ভাবুকিৰ প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়- "এই বিলাক বিৰোধিতা, প্ৰতিবাদ হ'বই ৷ চৰকাৰখনত থাকি নিষ্ঠাৰে কাম কৰিছো ৷ মই চাহ জনগোষ্ঠীৰ পৰা অহা সাংসদ হ'লেও কেৱল চাহ জনগোষ্ঠীৰ বাবে কাম কৰিলে নহ'ব ৷ সকলো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰি আহিছো ৷"

লগতে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়- "যেতিয়া বিজেপি দলত মানুহ নাছিল তেতিয়া দুলীয়াজানৰ পৰা বিজেপিৰ বিধায়ক হৈছিলো ৷ এতিয়া দলৰ ভেটি যথেষ্ট শক্তিশালী হৈছে ৷" আগন্তুক লোকসভা নিৰ্বাচনত দলে তেওঁক প্ৰাৰ্থিত্ব দিব বুলিও দাবী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ আনহাতে ৰামেশ্বৰ তেলীয়ে 10 টা বছৰ কেৱল বিয়া খাই কটালে বুলি আছা আৰু আটছাই উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ বাবে আজি বিজেপি আৰু মিত্ৰ দলৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত হ’ল ৷ বিজেপিয়ে 11 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰ দল অগপই 2 টা আৰু ইউ পি পি এলে 1টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কিন্তু এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই বিজেপিয়ে ৷

লগতে পঢ়ক : ধুবুৰী-বৰপেটা অগপক, ইউ পি পি এলক কোকৰাঝাৰ: বাকী বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.