ETV Bharat / politics

তৰুণ গগৈয়ে ৰুই যোৱা বটবৃক্ষ যাতে উভালি নপৰে সেয়াই মোৰ লক্ষ্য: ভাস্কৰ বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:01 PM IST

Updated : Mar 1, 2024, 10:51 PM IST

Titabor MLA Bhaskar Baruah: ৰাণা গোস্বামীৰ বিজেপিত যোগদানত দুঃখিত তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা । তৰুণ গগৈয়ে ৰুই যোৱা কংগ্ৰেছৰ বটবৃক্ষ উভালি নপৰাটোৱে তেওঁৰ লক্ষ্য । কংগ্ৰেছ দলতে থাকিব বিধায়ক বৰুৱা ।

Titabor MLA Bhaskar Baruah
তৰুণ গগৈয়ে ৰুই যোৱা বটবৃক্ষ যাতে উভালি নপৰে সেয়ে মোৰ লক্ষ্য

যোৰহাট,১ মাৰ্চ : শেহতীয়াকৈ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতে যোৰহাট জিলা কংগ্ৰেছত অস্থিৰতাৰ সৃষ্টি হৈছে । জিলা কংগ্ৰেছৰ ভিতৰচ'ৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাণা গোস্বামীয়ে দল এৰাত তেওঁৰ ব্যক্তিগতভাৱে দুখ লাগিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁৰ মতে ৰাণা গোস্বামীয়ে সকলোখিনি দলীয় কাম চোৱাচিতা কৰিছিল । কিন্তু তেওঁ বিজেপিলৈ যোৱাৰ লগে লগে এতিয়া বিধায়কগৰাকীলৈ এই সম্পৰ্কত সকলোৰে ফোন আহিবলৈ আৰম্ভ কৰিছে । তেওঁ পূৰ্বে পুৱাৰ পৰা গধুলিলৈ কেৱল তিতাবৰ সমষ্টিৰ উন্নয়নৰ কামতে ব্যস্ত আছিল । তেওঁ কোনো দলীয় কথাত মনোযোগ দিয়া নাছিল । বিধায়কগৰাকীৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গঢ়ি যোৱা সমষ্টিটোত কিদৰে উন্নয়নৰ ধাৰা অব্যাহত ৰাখি জাকত-জিলিকা কৰিব পৰা যায় তাত তেওঁ ব্ৰতী আছিল । দলীয় কামসমূহ তিতাবৰ নিৰ্বাচিত ব্লক আৰু তৃণমূল কৰ্মীয়ে কৰি গৈছিল । তেওঁ সেই কামত সদায় সহযোগ কৰি গৈছিল আৰু তেওঁৰ ফালৰ পৰা কোনো অসুবিধা পোৱা নাছিল ।

ভাস্কৰ বৰুৱাৰ মতে কংগ্ৰেছ দলটো সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা দল । বিধায়কগৰাকীৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে যি বটবৃক্ষ ৰুই গ'ল সেই বটবৃক্ষ যাতে কেতিয়াও উভালি নপৰে সেয়াই তেওঁৰ প্ৰধান লক্ষ্য । ইফালে তিতাবৰৰ তেওঁৰ বিজেপিলৈ যোৱাৰ কথা বহুদিন ধৰি চৰ্চা চলি থকা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছ দলতে থাকিব । তেওঁৰ মতে ৰাজ্যৰ ১২৬ টা সমষ্টিয়ে যদি সৰ্বাংগ সুন্দৰ হয় আৰু তেতিয়া প্ৰত্যেক নাগৰিকে এখন ভাল অসমত থাকিবলৈ পাব ।

লগতে পঢ়ক :নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

Last Updated : Mar 1, 2024, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.