বৰপেটা, ২৪ এপ্ৰিল: বৰপেটা আৰু ধুবুৰীত বলিছে কংগ্ৰেছৰ বতাহ ৷ বৰপেটাত এই মন্তব্য সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ । বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত কংগ্ৰেছৰ পৰ্যালোচনা সভাত অংশ লৈ জাকিৰ হুছেইনে কয় যে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ নিদিয়ে ভোটাৰে ৷ ধুবুৰী আৰু বৰপেটাত ৰকিবুল হুছেইন আৰু দীপ বায়ন জয়যুক্ত হ'ব বুলিও দাবী জাকিৰ হুছেইন শিকদাৰৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ কয় যে এ আই ইউ ডি এফ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ হেড যদি বিজেপি, টেইল এ আই ইউ ডি এফ ৷ বৰপেটাত বিজেপি কৰ্মীসকলে আজমলৰ বাবে প্ৰাৰ্থনা কৰে ৷ ইয়াৰ বিপৰীতে ধুবুৰীত এ আই ইউ ডি এফৰ কৰ্মীসকলে ফণীভূষণ চৌধুৰীৰ বাবে দোৱা কৰি আছে ৷ পিচে দোৱাত কাম নিদিয়ে বুলি মন্তব্য জাকিৰ হুছেইনৰ ৷
ইপিনে বাঘবৰৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক লৈ প্ৰতিক্ৰিয়া জাকিৰ হুছেইনৰ । বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নক সমৰ্থনৰ বিপৰীতে চি পি আই এম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক সমৰ্থন জনাইছে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ এই সম্পৰ্কত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে অসমৰ ৰাজনীতিত নিজৰ স্বাৰ্থৰ বাহিৰে শ্বেৰমান আলী আহমেদে আন একো বুজি নাপায় ৷ তেওঁৰ সকলো কথাতে স্বাৰ্থ লুকাই থাকে ৷ কেতিয়াবা বদৰুদ্দিন জিন্দাবাদ, কেতিয়াবা বদৰুদ্দিন মুৰ্দাবাদ বুলি ধ্বনি দিয়ে শ্বেৰমান আলীয়ে । কেতিয়াবা ৰাহুল গান্ধী জিন্দাবাদ আকৌ কেতিয়াবা মুৰ্দাবাদ বুলি কয় ৷ কেতিয়াবা এ আই ইউ ডি এফ ভাল, কেতিয়াবা বেয়া ৷ কেতিয়াবা কংগ্ৰেছ ভাল কেতিয়াবা বেয়া ৷ এই চৰিত্ৰবোৰ সকলোৱে জানে ৷
কংগ্ৰেছৰ টিকট লৈ নিৰ্বাচন খেলাৰ সময়ত কংগ্ৰেছৰ বেয়াবোৰ দেখা নাছিল নেকি বুলিও প্ৰশ্ন জাকিৰ হুছেইন শিকদাৰৰ ৷ তেওঁ কয় যে ৰাইজ ইমান বুৰ্বক নহয় ৷ শ্বেৰমান আলী আহমেদ যে এগৰাকী স্বাৰ্থপৰ মানুহ সেই কথা গোটেই অসমবাসীয়ে জানে ৷ বৰপেটাত শ্বেৰমান আলী আহমেদে চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন কৰাৰ বাবে কৰবাৰ পৰা ইংগিত আহিছে ৷ তেওঁ কংগ্ৰেছক হৰুৱাবৰ বাবে কাম কৰি আছে ৷ এইবাৰ তেওঁৰ নিজৰ সমষ্টিত কিমান ভোট পায় সেয়া লক্ষ্য ৰাখিবলৈ আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷
লগতে পঢ়ক: মোৰ চুপতি মাৰিবলৈ সময় নাই: ফণীভূষণ চৌধুৰী - LOK SABHA ELECTION