ETV Bharat / politics

সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ - Tejashwi Yadav - TEJASHWI YADAV

Tejashwi Yadav on Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সস্তীয়া জনপ্ৰিয়তা বিচৰা বুলি উল্লেখ কৰি তেওঁক ‘যোগীৰ চীনা সংস্কৰণ’ বুলি অভিহিত কৰিছে আৰ জে ডি নেতা তেজস্বী যাদৱে ৷ মোদী-শ্বাহৰ মনোযোগ আকৰ্ষণ কৰিবলৈকে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লক্ষ্য় কৰি লোৱা বুলি তেওঁ মন্তব্য কৰিছে ৷

Tejashwi Yadav on Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ তেজস্বী যাদৱৰ (ANI/ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 3:52 PM IST

নিউজ ডেস্ক, ৩১ আগষ্ট : অসম বিধানসভাৰ অধিৱেশনৰ সময়ত নামাজ বিৰতি কৰ্তন কৰাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দেশৰ ভিন্ন মহলে, বিশেষকৈ ৰাজনৈতিক নেতাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ড৹ শৰ্মাক কঠোৰ নিন্দা কৰাসকলৰ ভিতৰত অন্যতম বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘সস্তীয়া জনপ্ৰিয়তা’ বিচৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীগৰাকীক ‘যোগীৰ চীনা সংস্কৰণ’ হিচাবে অভিহিত কৰিছে ৷

এক্সৰ জৰিয়তে তেজস্বী যাদৱে কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে সস্তীয়া প্ৰচাৰ লাভ কৰিবলৈ আৰু ‘যোগীৰ চীনা সংস্কৰণ’ হোৱাৰ প্ৰচেষ্টাত মুছলমানসকলক হাৰাশাস্তি কৰে । বিজেপিৰ মানুহে ঘৃণা বিয়পাবলৈ, মোদী-শ্বাহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু সমাজক মেৰুকৰণ কৰিবলৈকে মুছলমান ভাতৃসকলক লক্ষ্য কৰি লৈছে ৷

আৰ এছ এছৰ বাহিৰে সকলো ধৰ্মৰ লোকৰ দেশৰ স্বাধীনতাত হাত আছে, আমাৰ মুছলমান ভাতৃসকলে দেশক স্বাধীন কৰিবলৈ ত্যাগ কৰি থৈছে আৰু যেতিয়ালৈকে আমি আছো, কোনো মাইকা লালে তেওঁলোকৰ চুলি এডালো লৰাব নোৱাৰে ।’’

এনেকুৱা নকৰিব : ফাৰুক আব্দুল্লা

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লায়ো অসম চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ কয় যে ভাৰতত বৈচিত্ৰতাৰ ঐক্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ধৰ্মৰ স্বাৰ্থ ৰক্ষা কৰাটো প্ৰয়োজনীয় ।

তেওঁ কয়, ‘‘সময় আহিলে এইবোৰ সলনি হ'ব । ভাল কথাবোৰ আকৌ ঘূৰি আহিব । এনেকুৱা নকৰিব । এই দেশৰ বৈচিত্ৰতাত ঐক্য আছে । বহুতো ভাষাৰ লোকে ইয়াত বাস কৰে । আমি ইয়াৰ প্ৰতিটো ধৰ্মক সুৰক্ষা দিব লাগিব ৷’’

অসমে ‘ডগ হুইছেল’ ৰাজনীতি নকৰিব : মনোজ ঝা

আৰ জে ডি নেতা মনোজ ঝাই হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে অসমৰ লোকসকলে এনেধৰণৰ ‘ডগ হুইছেল’ ৰাজনীতিৰ পক্ষত থিয় নহ’ব ৷ আৰ জে ডিৰ সাংসদজনে কয়, ‘‘যদি মেৰুকৰণ আৰু ডগ হুইছেল ৰাজনীতি আপোনাৰ একমাত্ৰ আহিলা হৈ পৰে, তেন্তে সমাজত উত্তেজনা অব্যাহত থাকিব ৷ তেওঁ কোনখন সমাজক উত্তেজিত কৰি ৰাখিবলৈ চেষ্টা কৰিছে সেইটো মই জানো ৷ অসমৰ লোকসকলে কেতিয়াও এনেধৰণৰ ‘ডগ হুইছেল’ ৰাজনীতিৰ পক্ষত থিয় নহ’ব ৷ এনে লোকসকল ইতিহাসৰ ডাষ্টবিনত পৰিবগৈ ৷’’

এন ডি এৰ সহযোগী জে ডি ইউৰ নেতাৰো সমালোচনা অসম চৰকাৰক :

এন ডি এৰ সহযোগী জে ডি ইউৰ নেতা নীৰজ কুমাৰেও অসম চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ৷ তেওঁ কয় যে ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ অধিকাৰ কাৰোৰে নাই । নীৰজ কুমাৰে এ এন আইক কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহখিনিক দাৰিদ্ৰতাৰ পৰা আঁতৰাই অনাতহে অধিক গুৰুত্ব দিয়াটো উচিত ৷

তেওঁ কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্ত দেশৰ সংবিধানৰ মূল নীতিৰ বিৰোধী । প্ৰতিটো ধৰ্মীয় বিশ্বাসে নিজৰ পৰম্পৰা অটুত ৰখাৰ অধিকাৰ আছে । মই মুখ্যমন্ত্ৰী শৰ্মাক সুধিব বিচাৰো- আপুনি ৰমজানৰ সময়ত শুকুৰবাৰৰ বন্ধত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু দাবী কৰিছে যে ই কৰ্মদক্ষতা বৃদ্ধি কৰিব ৷ হিন্দু পৰম্পৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে মা কামাখ্যা মন্দিৰ, আপুনি তাত বলিদানৰ প্ৰথাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব পাৰিবনে ?’’

উল্লেখ্য যে অসম বিধানসভাৰ অধিৱেশনৰ সময়ত শুকুৰবাৰে জুম্মা নামাজৰ বাবে দিয়া বিৰতি এতিয়াৰে পৰা নাথাকিব ৷ শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে ৷ ইয়াৰ পিছতে বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক : প্ৰসংগ মিঞা : সংখ্যালঘু বিধায়কৰ মাজতে মতান্তৰ

মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছে কংগ্ৰেছে: ভুবন পেগু

বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.