ETV Bharat / politics

অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে: ৰিপুণ বৰা - Ripun Bora quits TMC

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 4:11 PM IST

Updated : Sep 1, 2024, 4:39 PM IST

Why Ripun Bora quits TMC ? : কিয় হঠাতে তৃণমূল কংগ্ৰেছ ত্যাগৰ খবৰ আহিল ৰিপুণ বৰাৰ পৰা ? অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছৰ সন্দৰ্ভত কি কয় ? তৃণমূল ত্যাগৰ পিচত পুনৰ কংগ্ৰেছত যোগদান কৰিব নেকি ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে ? এনে বহু প্ৰশ্নৰ উত্তৰ ৰিপুণ বৰাই দিলে ই টিভি ভাৰতক ৷

Why Ripun Bora quits TMC ?
অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে : ৰিপুন বৰা (ETV Bharat Assam)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : অসম চৰকাৰৰ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া আছিল ৰিপুণ বৰা ৷ সেই লোভনীয় চাকৰি এৰি হঠাতে কংগ্ৰেছ দলত যোগ দিছিল তেওঁ ৷ কংগ্ৰেছ যোগদান কৰাৰ পিচত গহপুৰ সমষ্টিৰ পৰা একাধিকবাৰ বিধায়ক হিচাবে তেওঁ নিৰ্বাচিত হয় ৷ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হৈছিল ৰিপুণ বৰা ৷ তদুপৰি তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ৷

দীৰ্ঘদিন কংগ্ৰেছ দলত থাকি প্ৰায় সকলো পৰ্যায়তে নেতৃত্ব বহন কৰা ৰিপুণ বৰাই আঢ়ৈ বছৰৰ পূৰ্বে হঠাতে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিচতে দলটোৱে তেওঁক অসমৰ দায়িত্ব দি ৰাজ্যিক সভাপতিৰ পদতো অধিষ্ঠিত কৰোৱালে ৷ কিন্তু দেওবাৰে হঠাতে আহিল এক খবৰ- তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই ৷ এই খবৰে ৰাজ্যৰ ৰাজনীতিত পুনৰ এক আলোচনাৰ বিষয়ৰ জন্ম দিলে ৷ কি কাৰণে তৃণমূল কংগ্ৰেছ এৰিবলগীয়া হ’ল ৰিপুণ বৰাই ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা গৌতম বৰুৱাই যোগাযোগ কৰে জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ লগত ৷

ৰিপুণ বৰাই হঠাতে এই সিদ্ধান্ত ল’লে নেকি ?

এই প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাই কয়, ‘‘ এই সিদ্ধান্ত হঠাতে বুলি ক’ব নোৱাৰি ৷ তৃণমূল কংগ্ৰেছ অসমৰ দায়িত্ব লোৱাৰ পিচতে যোৱা আঢ়ৈ বছৰে দলটোক শক্তিশালী কৰিবৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই ঘূৰিলোঁ ৷ মমতা বেনাৰ্জী অথবা অভিষেক বেনাৰ্জীৰ ওপৰত মোৰ কোনোধৰণৰ অভিযোগ নাই ৷ বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ যি আপোচবিহীন যুঁজ, তাৰ প্ৰতি আকৰ্ষিত হৈয়েই মই তৃণমূললৈ গৈছিলোঁ ৷ মই ভাবিছিলোঁ, মমতা বেনাৰ্জীয়ে যিদৰে পশ্চিমবংগত বিজেপিৰ লগত যুঁজিছে, তেনেদৰে অসমতো পাৰিম বুলি সপোন দেখিয়েই মই তৃণমূললৈ গৈছিলোঁ ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছ ইয়াত গ্ৰহণ নকৰে ৷ মমতা বেনাৰ্জীক ভালপায়, সন্মান কৰে, কিন্তু অসমত তৃণমূল কংগ্ৰেছক ৰাইজে গ্ৰহণ নকৰে ৷ ৰাইজে যিহেতু গ্ৰহণ নকৰে, গতিকে এই তৃণমূলৰ পৰা মই বিজেপিক প্ৰতিৰোধ কৰিব নোৱাৰোঁ ৷ গতিকে আমাৰ অযথা শক্তি আৰু সময় অপব্যৱহাৰ হোৱাৰ বাহিৰে একো নহয় ৷ বাস্তৱটো মানি লৈয়েই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলোঁ ৷’’

কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন হ’ব নেকি ৰিপুণ বৰাৰ ?

পুৰণি ঘৰখনলৈ ঘূৰি যাব নেকি বুলি সোধা প্ৰশ্নোত্তৰত ৰিপুণ বৰাই কয়, ‘‘এই বিষয়ত মই এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই ৷ এই সিদ্ধান্ত সুস্থিৰভাৱে ল’ব লাগিব ৷ এটা কথাই মই ক’ব পাৰোঁ যে- মই মোৰ পুৰণি ঘৰলৈ ঘূৰি যাওঁ বা নাযাওঁ, অথবা বেলেগ দলত যোগদান কৰোঁ বা নকৰোঁ; অনাগত দিনত মই এজন ৰাজনৈতিক ব্যক্তি হিচাবে থাকিম ৷ সমাজৰ কাম কৰি যাম ৷ 2026লৈকে যিখন বিজেপিবিৰোধী যুঁজ অসমত বিৰোধীসকলে আৰম্ভ কৰিছোঁ, সেই যুঁজৰ মই এজন সক্ৰিয় অংশীদাৰ হৈ থাকিম ৷’’

পৰৱতী সময়ত কংগ্ৰেছ অথবা কোনটো বিৰোধী দলত ৰিপুণ বৰাই যোগদান কৰিব, সেয়া জানিবলৈ দিয়া নাই যদিও বিজেপিবিৰোধী শক্তিৰ অংশীদাৰ হৈ থাকিব বুলি স্পষ্টভাৱে জানিবলৈ দিয়ে জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে ৷

লগতে পঢ়ক : মিঞা বিদ্বেষ মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষাৰ ৰাজনীতি : ৰিপুণ বৰা

বলিয়া মানুহ এজনৰ কথাত কেনেকৈ ৰাইজে বিশ্বাস কৰিব: ৰিপুণ বৰা

চৰকাৰে ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা দিব লাগে : ৰিপুণ বৰা

Last Updated : Sep 1, 2024, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.