ETV Bharat / politics

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰ : সাধাৰণ জনতাই কি পালে, কি নাপালে ? - 3 years of CM Himanta Biswa Sarma - 3 YEARS OF CM HIMANTA BISWA SARMA

Himanta Biswa Sarma as CM: তিনি বছৰত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল ড৹ হিমন্ত বিশ্ব শৰ্মা ? চৰকাৰৰ কাম-কাজক লৈ কিমান সন্তুষ্ট সাধাৰণ জনতা ? দহৰ ভিতৰত কিমান নম্বৰ পালে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? কোনে দিলে বেপাৰী চৰকাৰ আখ্যা ? সকলো সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Himanta Biswa Sarma as CM
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীকালৰ সন্দৰ্ভত সাধাৰণ জনতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 4:16 PM IST

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ তিনি বছৰ (ETV Bharat Assam)

নগাঁও, 10 মে’: মুখ্যমন্ত্ৰী হিচাপে শুকুৰবাৰে তিনি বছৰ সম্পূৰ্ণ হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালত কি কি উন্নয়ন কৰা হ’ল ৰাজ্যবাসীৰ বাবে ? বিগত 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত সফল হ’লনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা?

এই সন্দৰ্ভত নগাঁৱৰ একাংশ সাধাৰণ লোকৰ মতামত ল’বলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা লোৱা হৈছিল এক প্ৰচেষ্টা । য’ত বিশেষকৈ মূল্যবৃদ্ধিক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে অধিকাংশ লোকে । বিপৰীতে চৰকাৰখনৰ উন্নয়নমূলক কামৰ কিছু সন্তুষ্টিও ব্যক্ত কৰি দহ নম্বৰৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পাঁচ নম্বৰহে দিব বিচাৰিলে অধিকাংশ লোকে ।

আনহাতে, চৰকাৰী আঁচনিক লৈও একাংশই সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে চৰকাৰী আঁচনিয়ে সৰ্বসাধাৰণক কৰ্মহীন কৰা বুলি অভিযোগ উত্থাপন কৰে । আঁচনিয়ে মানুহৰ একো উন্নতি সাধন কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে কিছু লোকে ৷

অৱশ্যে চৰকাৰী আঁচনিৰ নামত তৃণমূল পৰ্যায়ত একাংশই দুৰ্নীতি সংঘটিত কৰা বুলিও অভিযোগ উত্থাপন কৰে আন একাংশ লোকে ।

প্ৰতিশ্ৰুতি অনুসৰি নিবনুৱাক নিযুক্তি প্ৰদানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে একাংশ লোকে ৷ সমান্তৰালকৈ চৰকাৰখনক বেপাৰী চৰকাৰ আখ্যাও দিয়া দেখা গ’ল ৷ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰখনে বেপাৰ কৰিব জানে বুলি উল্লেখ কৰে এগৰাকী লোকে ৷

আনকি মহিলাক আঁচনি দিয়াৰ বাবে একাংশ পুৰুষ অসন্তুষ্ট বুলিও ইটিভি ভাৰতৰ সন্মুখত মত ব্যক্ত কৰে এগৰাকী ব্যক্তিয়ে ।

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.