গুৱাহাটী, 5 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন 2024 ৷ অসমৰ 14 টা সমষ্টিৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ সাম্ভাব্য এখন নামৰ তালিকা এই মুহূৰ্তত আছে ব্যাপক চৰ্চাত ৷ যোৰহাটত গৌৰৱ গগৈ, নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ ৷ ইতিমধ্যে কংগ্ৰেছে অসমত দুখনৰ পৰা তিনিখন আসন বিৰোধীক এৰি দিব বুলি প্ৰায় নিশ্চিত হৈছে । ডিব্ৰুগড় আৰু বৰপেটা — এই দুখন আসন মিত্ৰ দলক এৰি দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷
নৱগঠিত কাজিৰঙাৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰ’জলীনা তিৰ্কী ৷ আনহাতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা । শোণিতপুৰত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা নৱগঠিত প্ৰেমলাল গঞ্জু । ডিফুত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব জয়ৰাম ইংলেং ।
বৰপেটা আসনখন বিৰোধীয়ে চি পি আই এমক এৰি দিয়াৰ সম্ভাৱনা । সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ বৰপেটাৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ব মীৰা বৰঠাকুৰ । আনহাতে, শিলচৰত তৃণমূল কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে কংগ্ৰেছে নিজে দিব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই ৷ কংগ্ৰেছে নিজে শিলচৰত প্ৰাৰ্থী দিলে নৈঋতা শুক্লবৈদ্যক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব ।
আনহাতে লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে উদয় শংকৰ হাজৰিকা আৰু ৰাণী নৰহৰ নাম প্ৰথম পৰ্যায়ত উচ্চাৰিত হৈছিল যদিও এতিয়াও লখিমপুৰক লৈ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছে ।
লক্ষণীয় যে, বিজেপিয়ে অসমৰ 11 টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি লোকসভা নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী ৰণত জপিয়াই পৰিছে। বিপৰীতে অসমৰ বিৰোধীয়ে এতিয়ালৈ নিজা প্ৰাৰ্থী ঘোষণা এতিয়াও কৰিব পৰা নাই । অৱশ্যে শিলচৰ আসনখন তৃণমূল কংগ্ৰেছক এৰি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছৰ ।
কংগ্ৰেছে নিজে প্ৰতিদ্বন্দিতা কৰিব 11 খন আসনত । প্ৰশ্নটো হ’ল গাঁৱে গাঁৱে এতিয়া বিজেপিয়ে নিৰ্বাচনী লহৰ তুলিবলৈ আৰম্ভ কৰিছে, কিন্তু কংগ্ৰেছে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ? কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যৰ 14 টা সমষ্টিৰ ভিতৰত 2 টা সমষ্টিক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ সেয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণাত সময় লাগিব পাৰে ।
লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ