ETV Bharat / politics

নগাঁৱত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন, বিশাল শোভাযাত্ৰাৰে মনোনয়ন দাখিল প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 8:25 PM IST

Nogaon LS constituency : বিশাল শোভাযাত্ৰাৰে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ। মনোনয়নৰ সময়ত প্ৰদ্যুৎ বৰদলৈক সংগ দিয়ে ৰকিবুল হুছেইন, অখিল গগৈসহ বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকী নেতাই । মনোনয়নৰ সময়ত কংগ্ৰেছ নেতাক ভিতৰত প্ৰৱেশত বাধা আৰক্ষীৰ।

NAGAON LOK SABHA CONSTITUENCY
নগাঁৱত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ

নগাঁও, 4 এপ্ৰিল : বৃহস্পতিবাৰে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন দাখিল কৰাৰ পিচতেই বিশাল ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলৰ সময়ত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়নৰ বাবে উপস্থিত হোৱা কংগ্ৰেছ নেতাক আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষকৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক আৰক্ষীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰাৰ লগে লগে কংগ্ৰেছৰ একাংশ দলীয় কৰ্মী-সমৰ্থক উত্তেজিত হৈ পৰে ৷ ক্ষুব্ধ কংগ্ৰেছ কৰ্মী-সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিচত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগত ৰকিবুল হুছেইন, নুৰুল হুদাক ভিতৰত প্ৰবেশৰ অনুমতি প্ৰদান কৰে ৷ মাত্ৰ তিনিগৰাকী নেতাক মনোনয়ন দাখিলৰ সময়ত ভিতৰত প্ৰবেশৰ অনুমতি প্ৰদান কৰে যদিও ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ নজৰক জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা দিয়ে প্ৰশাসনে ৷

অখিল গগৈক ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ ইফালে মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থাকি প্ৰদ্যুৎ বৰদলৈৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ আনকি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নগাঁৱত যিমানেই আহিব সিমানেই কংগ্ৰেছৰ কাৰণে ভাল হ'ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ তেওঁ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত কৰাৰ চেষ্টা কৰিছিল বুলিও উল্লেখ কৰে ৷

ইফালে সুৰেশ বৰাৰ গাত পাপ আছে বাবেই জয়ী হ’ব পৰা নাই, কিন্তু কি পাপ আছে সেয়া ভগৱানেহে জানে বুলিও বিজেপি প্ৰাৰ্থীজনক কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ জয়ী হ'ব সেয়া মুখ দেখিলেই গম পোৱা যায় ৷ উল্লেখ্য যে, কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়নৰ পূৰ্বে নগাঁও ৰাজীৱ ভৱনত সমবেত হোৱা কেইবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক : কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.