নগাঁও, 28 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যেই সম্পন্ন হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতেই ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে নগাঁও লোকসভা সমষ্টিৰো সলনি হৈছে ভোট বিন্যাস ৷ পূৰ্বৰ হোজাই জিলাৰ লামডিং, হোজাই, যমুনামুখ, নগাঁৱৰ বঢ়মপুৰ, নগাঁও সদৰ, ৰহা, মৰিগাঁও জিলাৰ মৰিগাঁও, জাগীৰোড আৰু লাহৰীঘাট সমষ্টিক সামৰি থকা নগাঁও লোকসভা সমষ্টিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণত কৰ্তন কৰা হৈছে হোজাই জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ৷ ইয়াৰ পৰিবৰ্তে নগাঁও জিলাৰ অৰ্থাৎ পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ চামগুৰি, ৰূপহীহাট আৰু পূৰ্বৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ এটা অংশক লৈ গঠিত ধিং বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে নগাঁও লোকসভা সমষ্টিত ৷
নগাঁৱৰ পূৰ্বৰ তিনিটা বিধানসভা সমষ্টিৰ বিপৰীতে বৰ্তমানৰ মুঠ পাঁচটাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুত কৰা হৈছে নগাঁও লোকসভা সমষ্টিত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যাও সাল -সলনি হৈ পৰিছে ৷ ভোটাৰৰ সংখ্যা- নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি পূৰ্বৰ নগাঁও সদৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল 1, 91, 918 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 94,051 আৰু মহিলা ভোটাৰৰ সংখ্যা 97,867 ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ এটা অংশ নগাঁও বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰি নতুনকৈ নামাকৰণ কৰা নগাঁও-বটদ্ৰৱা বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1, 99, 688 গৰাকী ৷ অৰ্থাৎ পূৰ্বতকৈ প্ৰায় 8 হাজাৰ বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷
বৰ্তমানৰ নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,02,752 গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 96,921 গৰাকী ৷ নগাঁও- বটদ্ৰৱা বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ আছে 15 গৰাকী ৷ একেদৰে ৰহা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে মুঠ ভোটাৰৰ সংখ্যা আছিল 2, 31, 422 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা আছিল 1, 16, 883 আৰু মহিলা ভোটাৰৰ সংখ্যা আছিল 1,14,539 ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰহা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,36,797 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ 1, 17, 595 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1, 19, 186 গৰাকী ৷ ইফালে বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চামগুৰি বিধানসভা সমষ্টিত পূৰ্বৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 1,76, 571 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 90,089 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 86, 482 গৰাকী ৷
কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰ্তমান চামগুৰি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2, 11, 956 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,06, 909 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,05,036 গৰাকী ৷ চামগুৰি সমষ্টিত বৰ্তমান তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 11 গৰাকী ৷ একেদৰে ৰূপহীহাট বিধানসভা সমষ্টিত পূৰ্বৰ ভোটাৰৰ সংখ্যা আছিল 2, 15, 998 গৰাকী ৷ পুৰুষ ভোটাৰৰ সংখ্যা 1, 09, 539 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 1, 06, 459 গৰাকী ৷ বৰ্তমান ৰূপহীহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2, 15, 627 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1, 10, 155 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1, 05, 455 গৰাকী ৷ ৰূপহীহাট বিধান সভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ আছে 17 গৰাকী ৷
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভূক্ত হোৱা ধিং বিধানসভা সমষ্টিত পূৰ্বৰ ভোটাৰৰ সংখ্যা আছিল 2, 45, 067 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ 1, 26, 117 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 1, 18, 950 গৰাকী ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধিং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,20, 477 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1, 13, 240 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1,07, 225 গৰাকী ৷ অৰ্থাৎ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 13, 12, 144 গৰাকী ৷ ইয়াৰে পাঁচটা সমষ্টিৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 6, 57,768 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 6, 54, 298 গৰাকী ৷
একেদৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে মৰিগাঁও, জাগীৰোড আৰু লাহৰীঘাট বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 6, 56, 855 গৰাকী ৷ ইয়াৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা 2, 58, 922 গৰাকী ৷ মৰিগাঁও বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা 1,39, 956 গৰাকী আৰু জাগীৰোড বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2, 57, 977 গৰাকী ৷
উল্লেখযোগ্য যে, নগাঁও লোকসভা সমষ্টিৰ 8 টা বিধান সভা সমষ্টি সামৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 20 লাখ ৷ সংসদীয় সমষ্টিটোৰ মুঠ প্ৰায় 20 লাখ ভোটৰ প্ৰায় 58 শতাংশ ভোটেই সংখ্যালঘু আৰু 42 শতাংশহে সংখ্যাগুৰু ভোট থকা বুলি এক অনানুষ্ঠানিক সূত্ৰত প্ৰকাশ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগেই সমষ্টিটোক লৈ সলনি হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক সমীকৰণ ৷
সমষ্টিতটোত ইতিমধ্যেই সংখ্যালঘুৰ দল বুলি দাবী কৰা এ আই ইউ ডি এফে বিধায়ক অমিনুল ইছলামক প্ৰাৰ্থী ঘোষণা কৰি সংসদীয় সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দুই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ কিন্তু নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি হাৰিবলৈ মন নাই বুলি এটা দিন পূৰ্বে বিজেপি দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কৰা মন্তব্যই যেন নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে আত্মসমৰ্পণ কৰাৰ ইংগিত প্ৰদান কৰা কৰিছে ৷ মুঠৰ ওপৰত নগাঁও লোকসভা সমষ্টিত এইবাৰ ত্ৰিকোণীয়া যুজঁ হোৱাৰ সম্ভাৱনা আছে বুলিও ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷
লগতে পঢ়ক : লোকসভা নিৰ্বাচন : কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৰূপৰেখা