ETV Bharat / politics

প্ৰধানমন্ত্ৰী পদৰ বাবে সমৰ্থন পায়ো কিয় প্ৰস্তাৱ অস্বীকাৰ কৰিছিল গাডকাৰীয়ে ? - Union Minister Nitin Gadkari

author img

By PTI

Published : Sep 15, 2024, 2:17 PM IST

Gadkari reagrding PM post: প্ৰধানমন্ত্ৰী পদৰ দৌৰত প্ৰৱেশ নকৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ এই পদৰ বাবে গাডকাৰীক সমৰ্থনো জনোৱা হৈছিল, কিন্তু তেওঁ একেমুখে এই প্ৰস্তাৱটো অস্বীকাৰ কৰিছে ৷ কি কয় গাডকাৰীয়ে...

OFFERED SUPPORT FOR PM POST
প্ৰধানমন্ত্ৰী পদৰ দৌৰত নানামে গাডকাৰীয়ে (ANI)

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : নৰেন্দ্ৰ মোদীৰ পাচত এইবাৰ কোন হ’ব প্ৰধানমন্ত্ৰী ? চৰ্চাত আছে বহু জ্যেষ্ঠ ৰথী-মহাৰথীৰ নাম ৷ এইবোৰৰ মাজতে বিভিন্ন সময়ত চৰ্চালৈ আহে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰসংগ ৷ শনিবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী পদৰ বাবে চৰ্চালৈ অহা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে এজন ৰাজনৈতিক নেতাই এবাৰ তেওঁক এই পদৰ বাবে সমৰ্থন কৰাৰ হেতুকো প্ৰস্তাৱ দিছিল ৷ কিন্তু তেওঁ প্ৰধানমন্ত্ৰী পদৰ এই দৌৰত প্ৰৱেশ নকৰে, তেওঁৰ এনে উচ্চাকাংক্ষা নাই বুলি মন্তব্য কৰে ৷ লগতে তেওঁ উক্ত প্ৰস্তাৱটো অস্বীকাৰ কৰাৰ কথাও কয় ।

"মোৰ এটা ঘটনা মনত আছে, মই কাৰো নাম নকওঁ, সেই ব্যক্তিজনে কৈছিল- আপুনি যদি প্ৰধানমন্ত্ৰী হ'বলৈ বিচাৰে, তেন্তে আমি আপোনাক সমৰ্থন কৰিম ৷’’ গাডকাৰীয়ে কয় ৷

লগতে তেওঁ কয়, "কিন্তু, মই সুধিলো যে আপুনি মোক কিয় সমৰ্থন কৰিব লাগে আৰু মই আপোনাৰ সমৰ্থন কিয় ল'ম ? প্ৰধানমন্ত্ৰী হোৱাটো মোৰ জীৱনৰ লক্ষ্য নহয় । মোৰ দৃঢ় বিশ্বাস আৰু মই মোৰ সংগঠনৰ প্ৰতি আনুগত্যশীল আৰু তাৰ বাবে মই আপোচ কৰিবলৈ যোৱা নাই । মই কোনো পদৰ বাবে আপোচ নকৰো, কাৰণ মোৰ বিশ্বাস মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ৷’’

উক্ত অনুষ্ঠানৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সাংবাদিকতা আৰু ৰাজনীতি উভয়তে নৈতিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । CPI ৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰি গাডকাৰীয়ে কয় যে তেওঁ কমিউনিষ্ট নেতাজনক কয় যে প্ৰয়াত এ বি বৰ্ধন নাগপুৰ আৰু বিদৰ্ভৰ আটাইতকৈ জ্যেষ্ঠ ৰাজনীতিবিদসকলৰ ভিতৰত অন্যতম ।

যেতিয়া নেতাগৰাকীয়ে বৰ্ধনক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰোধী বুলি আশ্চৰ্য প্ৰকাশ কৰে তেতিয়া গডকাৰীয়ে কয় যে সৎ বিৰোধিতাক সন্মান কৰা উচিত ।

বিজেপি নেতাগৰাকীয়ে কয় যে সততাৰে বিৰোধিতা কৰা ব্যক্তিক সন্মান কৰা উচিত ৷ কাৰণ তেওঁৰ বিৰোধিতাত সততা আছে... অসৎভাৱে বিৰোধিতা কৰাজন কোনো সন্মানৰ যোগ্য নহয় বুলিও তেওঁ কয় ।

সতীৰ্থ বৰ্ধন নিজৰ মতাদৰ্শৰ প্ৰতি বিশ্বাসী আছিল, ৰাজনীতিৰ লগতে সাংবাদিকতাতো এতিয়া এনে লোকৰ অভাৱ বুলিও গাডকাৰীয়ে কয় ৷ লগতে তেওঁ কয় যে যেতিয়া চাৰিওটা স্তম্ভ - ন্যায়পালিকা, কাৰ্যবাহী, বিধায়িনী আৰু সংবাদ মাধ্যমে নৈতিকতা অনুসৰণ কৰে, তেতিয়াহে গণতন্ত্ৰ সফল হ’ব ।

লগতে পঢ়ক: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিব কেজৰিৱালে; দুদিনৰ ভিতৰত ঘোষণা হ’ব নতুন নাম - Arvind Kejriwal resignation

ৰাহুল গান্ধীয়ে দেশবিৰোধী মন্তব্যৰে ভাৰতক বিভাজন কৰা শক্তিৰ সৈতে থিয় দিছে : অমিত শ্বাহ - Rahul Gandhi controversial remarks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.