ETV Bharat / politics

2026 ৰ বিধানসভা নিৰ্বাচন জয়ী নোহোৱা পৰ্যন্ত মোৰ কাম এতিয়াও আধৰুৱা : গৌৰৱ গগৈ - GAURAV GOGOI - GAURAV GOGOI

Gaurav Gogoi: চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ দিল্লীমুখী হ’ল গৌৰৱ গগৈ ৷ তাৰ পিচতে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে লোকসভা নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দি ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছে ফাইনেল খেলিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

Gaurav Gogoi Interview
এইবাৰ টাৰ্গেট 26 চনৰ বিধানসভা নিৰ্বাচন (ETV BHARAT ASSAM)
author img

By PTI

Published : Jun 14, 2024, 12:01 PM IST

নিউজ ডেস্ক, 14 জুন : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ ৷ যোৰহাট লোকসভা সমষ্টিৰ 10 টা বিধানসভা সমষ্টিত 1,40,234 টা ভোটৰ ব্যৱধানত জয়লাভ গৌৰৱ গগৈৰ ৷ শেহতীয়াকৈ গগৈয়ে পিটিআইৰ সৈতে এটা আছুতীয়া সাক্ষাৎকাৰত কয় যে অসমৰ প্ৰতি তেওঁৰ কৰ্তব্য মাত্ৰ আধাহে পালন কৰিছে ৷ তেওঁৰ অগ্ৰাধিকাৰ হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত কংগ্ৰেছ দলটোক শক্তিশালী কৰা ।

তেওঁ লগতে কয় যে কেৱল অসমতে নহয়, সমগ্ৰ ভাৰততে কংগ্ৰেছৰ দায়িত্ব হৈছে বিজেপি চৰকাৰৰ শাসনৰ ফলত বিৰাজ কৰা ভাবুকি, নিৰাপত্তাহীনতা, অত্যাচাৰ অথবা শ্বাসৰুদ্ধ হোৱাৰ উপক্ৰম হোৱাৰ যি পৰিস্থিতি, তাৰ পৰা পৰিত্ৰাণ দিয়া ৷

লগতে পঢ়ক: পিতৃৰ সমষ্টিৰ দলীয় সমৰ্থকৰ সৈতে বিহু নাচিলে গৌৰৱ গগৈয়ে - Lok Sabha Election Results 2024

নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয়, "আমি বিচাৰো যে ভাৰতৰ জনসাধাৰণে মুক্তভাৱে জীয়াই থাকক, যিকোনো ধৰ্ম অনুসৰণ কৰক, তেওঁলোকৰ পচন্দৰ যিকোনো দল আৰু ৰাজনৈতিক আদৰ্শক সমৰ্থন কৰক আৰু স্বাধীনভাৱে জীয়াই থাকক । মই ইতিমধ্যে নিজকে স্থিৰ কৰিছো যে যোৰহাটৰ ফলাফল যিয়েই নহওঁক, অসমত এতিয়াও বহুলোকে ভয়-সংশয়েৰে দিন পাৰ কৰিবলগীয়া হৈছে ৷ গতিকে মোৰ কাম হৈছে সকলোকে স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ দি ভয় সংশয় নোহোৱা কৰা ৷"

অসমত নেতৃত্বৰ ভূমিকা পালন কৰিবলৈ গৌৰৱ গগৈ সাজু নে বুলি সোধোতে কয় যে তেওঁ কংগ্ৰেছ নেতৃত্বৰ পৰা কোনো পদ বা ভূমিকা বিচৰা নাই ৷ কিন্তু সময় বিচাৰিছে যাতে তেওঁ দলটো শক্তিশালী কৰি ৰাজ্যিক বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ সময়ৰ সদব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

গগৈয়ে লগতে কয়, "মোৰ তাৎক্ষণিক অগ্ৰাধিকাৰ হ’ব অসমত কংগ্ৰেছক শক্তিশালী কৰা । মই পূৰ্বতেই কৈছিলো মোৰ বাবে নিৰ্বাচন এতিয়াও শেষ হোৱা নাই । মোৰ কৰ্তব্য আধাহে সমাপ্ত হৈছে । দলৰ প্ৰতি মোৰ কৰ্তব্য কেৱল যোৰহাটৰ আসনত জয়ী হোৱাই নহয়, ৰাজ্য জয় কৰা । যোৰহাটৰ ফলাফল জনসাধাৰণ অভিযান আৰু জনতাৰ জয় আছিল আৰু সেয়া ২০২৬ চনতো (বিধানসভা নিৰ্বাচন) দেখা যাব ৷"

"ৰাজ্যত দলটো শক্তিশালী কৰিবলৈ মই অসমত অধিক সময় অতিবাহিত কৰিব বিচাৰিছো । নিৰ্বাচনলৈ মাজত মাথো দুটা বছৰ ৷ মই ভাবো যে আমি এই বছৰটোত ২০২৫ আৰু ২০২৬ চনত নিৰ্বাচন হ’বলৈ যোৱা ৰাজ্যসমূহৰ অৱলোকন কৰাটো প্ৰয়োজনীয়, এই বছৰৰ পৰাই সুদৃঢ় ভেটি গঢ়ি সঠিক প্ৰস্তুতিৰে কাম কৰা উচিত ৷" গগৈয়ে কয় ।

পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনৰ পিচত কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিলে তেওঁলৈ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হ’ব বুলি নেকি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মোৰ ভৱিষ্যতৰ ক্ষেত্ৰত, মই মোৰ দলৰ সিদ্ধান্ত বাবে অপেক্ষা কৰিম আৰু নিৰ্দেশনাসমূহ মানি চলিম ।"

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

"মই কেতিয়াও ভবা নাছিলো যে মই উপ-দলপতি (লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ) হ'ম । মই কেতিয়াও পশ্চিম বংগৰ দৰে ৰাজ্যত এ আ ই চি চিৰ প্ৰভাৰী হোৱাৰ কথাও ভবা নাছিলো । মই কেতিয়াও ভবা নাছিলো যে মই মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ নেতৃত্ব দিম । গতিকে, মই অত্যধিক চিন্তা নকৰাই ভাল । মই এতিয়া কেৱল মোৰ ৰাজ্য, মোৰ মানুহ আৰু দেশৰ লোকসকলৰ কথা চিন্তা কৰিছো ৷" গগৈয়ে এইদৰে মত প্ৰকাশ কৰে ৷

"২০২৬ চনত তামিলনাডু, কেৰালা, পশ্চিম বংগ, অসমৰ দৰে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ‘বলৈ গৈ আছে। গতিকে আমি সকলোৱে ইতিমধ্যে আমাৰ মাজত সৃষ্টি হোৱা গতিশীলতা, ইতিবাচকতাক লৈ আগুৱাই যোৱা আৰু সমগ্ৰ দেশতে সেইটো বিয়পাই দিয়াৰ লগতে নিৰ্বাচন আসন্ন ৰাজ্যসমূহৰ প্ৰতি মনোনিৱেশ কৰাটো প্ৰয়োজন," তেওঁ কয়।

লগতে পঢ়ক: গৌৰৱ গগৈৰ জয়ৰ বাবে বৰভোজ পাতিলে ভোটাৰে - feast for Gaurav Gogoi victory

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.