ETV Bharat / politics

কংগ্ৰেছৰ তিনি-চাৰি বিধায়কে শীঘ্ৰেই অগপত যোগদান কৰিব : পোণাকণ বৰুৱা - AGP oath taking

AGP meeting in Lahowal: লাহোৱাল-চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ সমষ্টি সমিতিৰ শপত গ্ৰহণ সম্পন্ন ।

AGP meeting in Lahowal
অসম গণ পৰিষদ সমষ্টি সমিতি
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:38 PM IST

অসম গণ পৰিষদ সমষ্টি সমিতি

মৰাণ, ১৯ ফ্ৰেব্ৰুৱাৰী : "কংগ্ৰেছৰ তিনি- চাৰিজন বিধায়কে অচিৰেই যোগদান কৰিব অগপত । ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছী বিধায়কে । অগপ নেতৃত্বৰ সৈতে আনুষ্ঠানিক আলোচনা হৈছে । " এই মন্তব্য় অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক পোণাকণ বৰুৱাৰ । সমাগত লোকসভা নিবাৰ্চনৰ বাবে শাসক- বিৰোধীকে আদি কৰি সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা । আৰম্ভ হৈছে দলবাগৰা পৰ্ব । পিছপৰি ৰোৱা নাই অসম গণ পৰিষদ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো অগপই সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । আজি সমষ্টি নিৰ্ধাৰণৰ ফলত নতুনকৈ গঠন হোৱা লাহোৱাল-চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ সমষ্টি সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । লাহোৱালৰ ঠাকুৰবাৰীৰ মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লাহোৱাল-চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ সমষ্টি সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক পোণাকণ বৰুৱা । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক পোণাকণ বৰুৱাই ঘটালে বিষ্ফোৰণ ।

বিধায়ক পোণাকণ বৰুৱাই কয় যে কংগ্ৰেছৰ তিনি -চাৰিজন বিধায়কে শীঘ্ৰেই অগপত যোগদান কৰিব । ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছী বিধায়কে। অগপ নেতৃত্বৰ সৈতে আনুষ্ঠানিক আলোচনা হৈছে বুলি কয় বিধায়ক গৰাকীয়ে ।

ইপিনে,আছু নেতাই অগপত যোগদান কৰা সম্পৰ্কত বিধায়ক গৰাকীয়ে কয়," আছু নেতৃত্বই অগপত যোগদান কৰাটো অৱধাৰিত। লাহোৱাল-চাবুৱাতো ইতিমধ্যে কেইবাজনো আছু নেতাই যোগদান কৰিছে ।" আগন্তুক লোকসভা নিৰ্বাচনত অগপই চাৰিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে । ৰাজ্যৰ কোন চাৰিটা সমষ্টিৰ পৰা নিবাৰ্চন খেলিব সেই কথা নিশ্চিত হোৱা নাই যদি নিবাৰ্চন খেলিব পৰাকৈ অগপ দল সাজু বুলি তেওঁ কয় ।

লগতে পঢ়ক:অনাগত দিনত অসম গণ পৰিষদ দল উজ্জিৱীত হৈ উঠিব: মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.