ETV Bharat / politics

সংখ্যালঘুৱে বিবেক ভোট দিলে বিজেপিয়ে ১৩ খন আসন লাভ কৰিব : ৰণজিৎ কুমাৰ দাস - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

Minister Ranjit Kumar Das:লোকসভা নিৰ্বাচনত অসমত লাভ কৰিবলগীয়া আসন সন্দৰ্ভতো মন্তব্য় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । তেওঁ চিপিআই (এম)ৰ বিৰুদ্ধেও সৰৱ হৈ কয়,"বৰপেটাত চিপিআই (এম) জয়ী হ'লে মই এখন হাত কাটি দিম । "

Barpeta Lok Sabha constituency
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 10:40 PM IST

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটাৰোড, ৩১ মাৰ্চ: " বৰপেটা লোকসভা সমষ্টিত চিপিআই (এম) জয়ী হ'লে মই এখন হাত কাটি দিম ।"এই মন্তব্য় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । আজি বৰপেটাৰোডস্থিত তেওঁৰ বাসগৃহৰ সন্মুখত বুথৰ পতাকা উত্তোলনৰ এক কাৰ্যসূচীত অংশ লৈ এইদৰে মন্তব্য় কৰে । তেওঁ চিপিআই (এম)ৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয় যে বৰপেটা লোকসভা সমষ্টিত চিপিআই (এম)এ জয়ী হ'বলৈ গছৰ পাতে ভোট দিব লাগিব । বৰপেটাত চি পি আই (এম) এক নম্বৰত থাকিবলৈ হ'লে গছৰ তামোল,নাৰিকল আৰু পাতেও ভোট দিব লাগিব বুলি কটাক্ষ কৰে ।

ইপিনে, বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত অসমত লাভ কৰিবলগীয়া আসন সন্দৰ্ভতো মন্তব্য় কৰে । তেওঁ কয় যে পূৰ্বৰ ধাৰা মতে অসমত বিজেপিয়ে ১১ খন আসনত জয়ী হোৱাটো নিশ্চিত ৷ ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও এই তিনিটাকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ মানুহে মোদীৰ বিভিন্ন উন্নয়নমূলক আচঁনি লাভ কৰিছে ৷ সেয়ে যদি মোদীৰ ' চব কা চাথ, চব কা বিকাশ',' চব কা বিশ্বাস, চব কা প্ৰয়াস'ত যদি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে মোদীৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি বিবেক ভোট দিয়ে তেন্তে বিজেপিয়ে ১৩ খন আসন লাভ কৰিব । আৰু অকৃতজ্ঞ হৈ যদি বিজেপিক ভোট নিদিয়ে তেন্তে কবলগীয়া একো নাই বুলি কয় মন্ত্ৰী গৰাকীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, "ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ তৰফৰ পৰা বিজেপিত যিমান সংখ্যকে যোগদান কৰে সেই অনুপাতে নিৰ্বাচনত সিমান সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ ভোট লাভ নকৰে ৷ "সেয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিজেপিৰ ৰাজ্যিক সভাপতি হৈ থাকোতে সংখ্যালঘু মৰ্চা নামৰ সংগঠনটো ভাঙি দিছিল বুলিও কয় । সেয়ে এইবাৰো সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ভোট বিজেপিয়ে কিমান লাভ কৰে তাৰ হিচাপ কৰিব বুলিও কয় ৰণজিৎ কুমাৰ দাসে ।

ইপিনে, ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৫ লাখ ভোটত জিকিব বুলি দাবী কৰে । যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈয়ে ২ লাখ ভোটত জিকিব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ ৩৫ গৰাকী প্ৰাৰ্থী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.