ETV Bharat / politics

অসমত জিলাই জিলাই ক্ষুদ্ৰ বাংলাদেশ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা - HIMANTA BISWA SARMA

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 6:16 PM IST

Assam Politics : মুখ্যমন্ত্ৰীৰ অসমত হিন্দুৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা ৷ বৰ্ধিত মুছলমান লোকৰ জনসংখ্যাক লৈ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ চৰকাৰৰ প্ৰতি ভয় কমিলেই বাংলেদেশৰ দৰে দৃশ্য অসমত দেখাৰ আংশকা প্ৰকাশ ৷

MINI BANGLADESH CONTROVERSY
বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

গুৱাহাটী, 9 আগষ্ট : "অসমৰ প্ৰায় প্ৰতিখন জিলা এতিয়া মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে ৷ চুবুৰীয়া বাংলাদেশৰ কথা নিশ্চয় সকলোৰে অৱগত ৷ কিদৰে তাত হিন্দুৰ ওপৰত আক্ৰমণ চলিছে ৷" পুনৰ এবাৰ আজি এইদৰে হিন্দুত্ববাদী অৱতাৰেৰে সৰৱ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অসমত বৰ্ধিত মুছলমান লোকৰ সংখ্যা আৰু হিন্দুলোকৰ সংখ্যা হ্ৰাস হৈছে বুলি দাবী কৰি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বাংলাদেশৰ শেহতীয়া সাম্প্ৰদায়িক পৰিস্থিতি দেখি অসমত হিন্দুৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

অসমত হিন্দুৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

অসমত বাংলাদেশৰ দৰে পৰিৱেশ :

বাংলাদেশত হিন্দু লোক সংকটত পৰাৰ বাতৰি মাজে মাজে আহিছে ৷ তাকে দেখি ভৱিষ্যতে অসমতো একেই ঘটিব বুলি শংকিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শুকুৰবাৰে গুৱাহাটীত হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰা বহন কৰা এখন সত্ৰৰ এক অনুষ্ঠানত ধৰ্মীয় ভিত্তিত অসমত আগ্ৰাসনৰ বিষয় লৈ মুখ্যমন্ত্ৰীগৰাকী সৰৱ হৈ একাধিক বিস্ফোৰক মন্তব্য কৰে ৷ তেওঁ কয়- “অসমতো এতিয়া বাংলাদেশৰ দৰে পৰিস্থিতি দেখা পোৱা গৈছে ৷ আজি অসমত সংকটত পৰিছে মঠ-মন্দিৰ, সত্ৰ ৷ আজিয়েই হ’বলগীয়া অন্ধকাৰক আমি সংগবদ্ধভাৱে পিচুৱাই লৈ গৈ আছো ৷ কেতিয়াবা ডিলিমিটেশ্বন, কেতিয়াবা আন্দোলন আদিৰে বাধা দি এই আগ্ৰাসন আমি পিচুৱাই লৈ গৈ আছো ৷” এয়া অসমৰ বাস্তৱ বুলি আখ্যা দি মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য-“ ৰাজনৈতিকভাৱে অসমৰ হিন্দুসকল কিমান সুৰক্ষিত সেয়া অনিশ্চিত ৷ কিন্তু আমাৰ যদি সমাজখন একত্ৰিত হৈ থাকে আমি যদি আমাৰ অনুষ্ঠানসমূহৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰো আৰু আমাৰ আহিবলগীয়া প্ৰজন্মটোক যদি আমি আমাৰ মহাপুৰুষ দুগৰাকীৰ আদৰ্শৰে উজ্জীৱিত কৰি ৰাখিব পাৰো তেতিয়াহ’লে হয়তো অসমীয়া হিচাপে আমি জীয়াই থাকিব পাৰিম ৷”

অসমত জিলাই জিলাই মিনি বাংলাদেশ :

“মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলা ৷... অসমৰ বহু সত্ৰৰ মাটি এচাম লোকে দখল কৰিছে ৷” এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসমৰ বহুকেইখন জিলাত ব্যাপক হাৰত মুছলমান জনসংখ্যা বৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই আজি অসমত হিন্দুৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ৷ বাংলাদেশৰ হিন্দুৰ সংখ্যা হ্ৰাস আৰু নিৰ্যাতনৰ কথা উল্লেখ কৰি এইদৰে কয় হিমন্ত বিশ্ব শৰ্মাই- “আজি চুবুৰীয়া বাংলাদেশত হিন্দুৰ সংখ্যা 35 শতাংশৰ পৰা কমি গৈ মাত্ৰ 8 শতাংশহে হৈছেগৈ ৷ হিন্দুৰ মঠ-মন্দিৰ নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে ৷ যদি আমি অসমৰ বৰপেটা, ধুবুৰী জিলাত কল্পনা কৰো তেন্তে দেখিম ধুবুৰী জিলাত 12 শতাংশ হিন্দু লোক আছো ৷ যেনেকৈ বাংলাদেশত 12 শতাংশ হিন্দু লোক আছো, তেনেকৈ ধুবুৰীত 12 শতাংশ হিন্দু লোক আছো ৷ বৰপেটা আদি জিলাত 30 শতাংশ হিন্দু মানুহ আছো ৷ মৰিগাঁৱত আমি 35 শতাংশহে হিন্দু মানুহ আছো ৷”

লগতে পঢ়ক : সীমা সুৰক্ষিত হৈ আছে আৰু সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই : মুখ্যমন্ত্রী - Bangladesh crisis

কেৱল বৰপেটা-ধুবুৰীয়েই নহয় অসমৰ আন কেবাখনো জিলাত হিন্দু লোকৰ সংখ্যা কমি যোৱা আৰু মুছলমানলোকৰ বৰ্ধিত জংসংখ্যাৰ কথাও উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ কৰিলে অসমত মিনি বাংলাদেশ গঢ়ি উঠাৰ কথা ৷ কেৱল চৰকাৰ আৰু কাৰোবাৰ ভয়তহে মুছলমান সকল আগ্ৰাসনৰ পৰা স্থবিৰ হৈ আছে ৷ চৰকাৰৰ ভয়তহে সম্প্ৰতি অসমত হিন্দুৰ ওপৰত মুছলমানৰ আগ্ৰাসন স্তব্ধ হৈ আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়-“একো একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ জিলাই জিলাই ইতিমধ্যেই গঢ়ি তুলিছে ৷ মাত্ৰ কাৰোবাৰ ভয়ত, চৰকাৰৰ ভয়ত থিয় হৈ আছে ৷ চৰকাৰৰ লগত পুলিচ আছে, মিলিটেৰী আছে ৷ যদি আমি হিন্দু মানুহক আক্ৰমণ কৰো আমাক চৰকাৰে গ্ৰেপ্তাৰ কৰিব ৷ আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতলৈ লৈ যাব ৷ কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে ৷”

লগতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে মুছলমান সকলৰ চৰকাৰৰ ভয় কমি গ’লেই অসমৰ হিন্দু সকললৈ সংকট নামি আহিব ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ স্পষ্ট মন্তব্য-“ যিদিনাখন সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য ৷"

অসম হিন্দুৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ দিহা :

অসমত মুছলমান জনসংখ্যাৰ বৰ্ধিত আগ্ৰাসন কেনেকৈ ৰোধ কৰিবলৈ আগবাঢ়িব লাগিব তাৰো দিহা দিছে হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীজনে কয় “ইয়াক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব ? যেতিয়া নতুন চামক আমি নামঘৰসমূহক, সত্ৰসমূহক আকোঁৱালি ল’বলৈ শিকাম ৷ যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ-সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক, আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈকে ৰক্ষা কৰিব পাৰিম ৷”

বৰ্তমান বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতনৰ প্ৰসংগৰে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জিলাই জিলাই মিনি বাংলাদেশ গঢ়ি উঠা বুলি কৰা মন্তব্যই ৰাজ্য জুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ লগতে অসমত বহু কেইখনত জিলাত হিন্দু জনসংখ্যা হ্ৰাসক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি অসমতো ভৱিষ্যতে বাংলাদেশৰ বিভীষিকাৰ প্ৰতিচ্ছবি খোদ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেখাটোৱে ৰাজ্যখনৰ জনগাঁথনিগত দিশটোৰ প্ৰতি স্বাভাৱিকতে সকলোৰে দৃষ্টি নিৱদ্ধ কৰিব ৷

লগতে পঢ়ক : বাল্য বিবাহ ৰোধ হ’বই লাগিব : নাবালিকা পত্নীৰে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিয়েই গণ্য কৰা হ’ব - Assam CM on Child marriage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.