ETV Bharat / politics

এগজিট প’ল : অপেক্ষা এতিয়া 1 জুনৰ সন্ধিয়ালৈ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 8:25 PM IST

Exit Poll in India: সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পিচত প্ৰকাশ পাব এগজিট প’ল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ১ জুন, ২০২৪ (৬:৩০ বজা) পৰ্যন্ত এগজিট প’ল প্ৰকাশ কৰিব নোৱাৰিব । অৱশ্য়ে এই নিৰ্ধাৰিত সময়ৰ পিচত যিকোনো সময়তে এগজিট প’ল প্ৰকাশ কৰিব পাৰিব ।

EXIT POLL IN INDIA
LOK SABHA ELECTION 2024 (ETV Bharat)

নিউজ ডেস্ক, 30 মে’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ’ব । ইয়াৰ লগে লগে নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হ’ব আৰু ৪ জুনত ফলাফল ঘোষণা হ’ব । অৱশ্যে ফলাফলৰ পূৰ্বেই এগজিট প’ল প্ৰকাশ কৰা হ’ব । এইবাৰ জনসাধাৰণে ক্ষমতাৰ চাবি কাক গতাই দিব সেই বিষয়ে এই এগজিট প’লত আনুমানিক তথ্য প্ৰকাশ কৰা হ’ব ।

লগতে পঢ়ক: ৪০০ৰো অধিক আসনত জয়ী হ’ব বিজেপি; আত্মবিশ্বাসেৰে ক’লে জেপি নাড্ডাই - Lok Sabha Election 2024

নিৰ্বাচনৰ সময়ত বিভিন্ন সংবাদ মাধ্যম আৰু প’ল এজেন্সীয়ে এগজিট প’ল চলাই আৰু ফলাফলৰ বিষয়ে ভৱিষ্যদ্বাণী কৰে । এইবোৰ শেষ পৰ্যায়ৰ নিৰ্বাচনৰ পিচত প্ৰকাশ কৰিব পাৰিব । এগজিট প’লৰ অনুমান কিমান সঠিক সেয়া নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিচতহে জানিব পৰা যাব ।

কেতিয়া প্ৰকাশ পাব এগজিট প’ল ?

নিৰ্বাচন আয়োগে ২০২৪ চনৰ ২৮ মাৰ্চ তাৰিখে দিয়া আদেশত উল্লেখ কৰিছিল যে ২০২৪ চনৰ ১৯ ​​এপ্ৰিলৰ (পুৱা ৭ বজাত)ৰ পৰা ১ জুন, ২০২৪ (বিয়লি ৬:৩০ বজালৈ) এগজিট প’ল নিষিদ্ধ কৰা হ’ব । ইয়াৰ পিচতহে এগজিট প’ল প্ৰকাশ কৰিব পাৰিব ।

লগতে পঢ়ক: 8 জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ? - Lok Sabha Election 2024

প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰকাশ পাইছিল এগজিট প’ল ?

ভাৰতত এগজিট প’ল ১৯৯৬ চনত আৰম্ভ হৈছিল । ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক অ’পিনিয়নৰ মুৰব্বী এৰিক ডি’কোষ্টাই প্ৰথমবাৰৰ বাবে এই কাম কৰিছিল । ইয়াৰ পূৰ্বৰ এগজিট প’লত বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়ী হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল । লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে আৰু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণ কৰি বিজেপিয়ে জয়লাভ কৰিলে । ইয়াৰ পিচত এগজিট প’লৰ ধাৰা বৃদ্ধি পালে । ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত নিউজ চেনেলে এগজিট প’ল সম্প্ৰচাৰ কৰিছিল ।

লোকসভা নিৰ্বাচনৰ অধিক বাতৰিৰ বাবে ক্লিক্ কৰক- https://www.etvbharat.com/as/!elections/election-2024

এগজিট প’ল কেনেকৈ কৰা হয় ?

ভোটদানৰ দিনা এগজিট প’ল কৰা হয় । ভোটদাতাসকলে ভোটদান কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁলোকক প্ৰশ্ন কৰা হয় যে আপুনি কোনটো দল বা প্ৰাৰ্থীক ভোট দিছিল । ইয়াৰ পিচত ভোটাৰৰ পৰা পোৱা তথ্য বিশ্লেষণ কৰি নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী কৰা হয় ৷ অৱশ্যে কেতিয়াবা এগজিট প’ল সঠিক আৰু কেতিয়াবা ভুল বুলি প্ৰমাণিত হয় ।

লগতে পঢ়ক: চীনৰ সংবিধান কোনে বেছিকৈ পঢ়ে ? পাটনাত প্ৰচাৰ চলাই ৰাহুল-তেজস্বীক আক্ৰমণ ড৹ শৰ্মাৰ - Assam CM in Patna

নিৰ্বাচনৰ পূৰ্বে এগজিট প’ল প্ৰকাশ কৰিব পাৰিবনে ?

এগজিট প’ল চৰকাৰী বিষয়াৰ পৰিৱৰ্তে ব্যক্তিগত কোম্পানী বা সংবাদ মাধ্যমে কৰে বুলি কোৱা হয় । কেৱল এয়াই নহয়, নিৰ্বাচন শেষ হোৱাৰ আগতেই ইয়াক প্ৰকাশ কৰিব নোৱাৰি । যদি কোনো মিডিয়া হাউচ বা সংস্থাই নিৰ্বাচন শেষ হোৱাৰ আগতেই বা নিৰ্বাচনৰ সময়ত এগজিট প’ল প্ৰকাশ কৰে তেন্তে নিৰ্বাচন আয়োগে ইয়াৰ ওপৰত ব্যৱস্থা ল’ব পাৰে ।

২০১৯ চনত কৰা এগজিট প’ল কিমান সঠিক আছিল ?

প্ৰায় এগজিট প’লত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি আৰু এন ডি এৰ ব্যাপক জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল । প্ৰায়বোৰ এগজিট প’লত বিজেপি আৰু এন ডি এই ৩০০ৰো অধিক আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল । আনহাতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰজোঁটে প্ৰায় ১০০খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল । এনে পৰিস্থিতিত যোৱাবাৰ প্ৰায়বোৰ এগজিট প’ল শুদ্ধ বুলি প্ৰমাণিত হ’ল ।

লগতে পঢ়ক: অগপৰ নিৰ্বাচনী প্ৰতিবেদনত অসন্তুষ্ট মিত্ৰজোঁটৰ নেতা-কৰ্মী - AGP Election Report

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.