ETV Bharat / politics

উত্তৰ নিদিলেও জনতাৰ স্বাৰ্থত মুখ্যমন্ত্রীক পত্র লিখি যাব বিৰোধী দলপতিয়ে - Debabrata Saikia to CM

ASSAM LEADER OF OPPOSITION: নিৰ্বাচনী সভাত বিৰোধী দলপতিৰ পত্র সন্দৰ্ভত মুখ্যমন্ত্রীৰ সমালোচনা। মুখ্যমন্ত্রীক উভতি ধৰিলে বিৰোধী দলপতিয়ে। মুখ্যমন্ত্রীয়ে জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিৰ বিপৰীতে কৰা টুলুঙা মন্তব্য গণতন্ত্ৰৰ বাবে ভাবুকি । মুখ্যমন্ত্রীক প্ৰত্যাহ্বান বিৰোধী দলপতিৰ।

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 9:34 PM IST

DEBABRATA SAIKIA
মুখ্যমন্ত্রীক উভতি ধৰিলে বিৰোধী দলপতিয়ে
  • " class="align-text-top noRightClick twitterSection" data="">

গুৱাহাটী, 7 এপ্ৰিল : পত্ৰ লিখাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজিৰাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি বিৰোধী দলপতিয়ে দিয়া পত্ৰৰ প্ৰসংগত কটাক্ষ কৰি মন্তব্য কৰিছিল ৷ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে পত্ৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনসভাত অতি অশালীন মন্তব্য কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিৰ বিৰপীতে যি টুলুঙা মন্তব্য কৰিলে সেয়া গণতন্ত্ৰৰ বাবে ভাবুকি ৷ টুলুঙা মন্তব্যৰে সমালোচনা কৰিলেও মুখ্যমন্ত্ৰীলৈ আগন্তুক দিনটো পত্ৰ লিখিব বুলি বুলি সদৰী কৰি দেবব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ বিচাৰিলে নিদিয়ে যেতিয়া পত্ৰ লিখি হ'লেও নিজৰ দায়িত্ব পালন কৰিব তেওঁ৷

মুখ্যমন্ত্ৰীলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা দহখন পত্ৰৰ বিষয়বস্তু সন্দৰ্ভত তেওঁ উল্লেখ কৰে ৷ 2023 চনৰ 1 মাৰ্চত দিয়া পত্ৰখনত শিলসাঁকো বিলৰ খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদৰ প্ৰসংগত ন্যাৰ্যতা প্ৰদানৰ দাবী উত্থাপন কৰা হৈছিল ৷ সেইদৰে 2023 চনৰ 29 এপ্ৰিলত দিয়া পত্ৰখনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত হোৱা খেলিমেলিৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ বিগত বৰ্ষৰ 19 মে'ত দিয়া পত্ৰখনত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী কৰা হৈছিল ৷ আনহাতে বজৰং দলৰ ৰাজপথত মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰাৰ প্ৰসংগত দোষীৰ শাস্তিৰ দাবী কৰি বিগত বৰ্ষৰ 31 জুলাইত এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ সেইদৰে মেডিকেলৰ আসন এন আৰ আইৰ বাবে সংৰক্ষিত কৰা তথা বিক্ৰী কৰাৰ প্ৰসংগত প্ৰতিবাদ জনাই পত্ৰ দিয়া হৈছিল ৷ এনেদৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰসমূহক লৈ যদি মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে তেন্তে তাত কৰিবলগীয়া একো নাই বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে চাহ জনগোষ্ঠীৰ কৰম পূজাত চৰকাৰী বন্ধ দিয়াৰ দাবী জনাই মুখ্যমন্ত্ৰী পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ সেইদৰে শিক্ষকসকলৰ ওপৰত কামৰ বোজা জাপি দি শৈক্ষিক ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ প্ৰসংগতো পত্ৰ দিয়া হৈছিল ৷ একেদৰে নাজিৰা সমষ্টিৰ বিভিন্ন সমস্যাকে ধৰি বিভিন্ন বিষয়ত বিভিন্ন সময়ত মুখ্যমন্ত্ৰী পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ তেওঁ ৰাজহুৱা স্বাৰ্থজড়িত এই পত্ৰসমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ উত্তৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ৷ মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ অভিভাৱক বুলি সদৰী কৰি তেওঁ কয় যে কেৱল বিজেপিৰ নেতাসমূহৰ সমষ্টিত কাম কৰিব বিচাৰিলে মুখ্যমন্ত্ৰীক ব্যৰ্থ বুলি ক'বলৈ বাধ্য হ'ম ৷ তেওঁ লগতে কয় যে বিৰোধী দলপতি হিচাপে বিগত সময়ত জনতাৰ স্বাৰ্থত দিয়া এখনো পত্ৰৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে নিদিলে ৷ যিটো সংসদীয় বিধিৰ উলংঘন ৷ অসমত মুখ্যমন্ত্ৰীৰ কথাই আইন হ'ব বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ কোনো চিঠিৰ উত্তৰ আজিলৈকে মুখ্যমন্ত্ৰী দিয়া নাই ৷

লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ - INDI Alliance In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.