ETV Bharat / politics

কি যাদুৰে আজমলৰ ফু-মন্ত্ৰ বশ কৰিলে ৰকিবুল হুছেইনে ? - Lok Sabha Election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 5:09 PM IST

Updated : Jun 5, 2024, 6:09 PM IST

Rakibul Hussain defeats Badruddin Ajmal: আজমলৰ জৰা-ফুকা ৰাজনীতিৰ বিপৰীতে এইবাৰ ধুবুৰীত চলিল ৰকিবুল হুছেইনৰ যাদু । নিজকে সংখ্যালঘু নেতা বুলি দাবী কৰি অহা বদৰুদ্দিন আজমলক একপ্ৰকাৰ বিধ্বস্ত কৰি দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি অভিলেখ গঢ়িলে ৰকিবুল হুছেইনে । নিজৰ ভেটিতেই নিজৰ স্থিতি হেৰুৱালে আজমলে, কিন্তু ধুবুৰীত এইবাৰ আজমলৰ বিৰুদ্ধে কি যাদু চলালে ৰকিবুল হুছেইনে ? প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ, অখিল গগৈয়ে জনসভাই ৰেকৰ্ড গঢ়াত সহায় কৰিলে নেকি ৰকিবুল হুছেইনক ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Rakibul Hussain defeats Badruddin Ajmal
LOK SABHA ELECTION RESULTS 2024 (ETV Bharat Assam)

নগাঁও, 5 জুন: দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি ৰেকৰ্ড গঢ়িলে নগাঁৱৰ ৰকিবুল হুছেইনে । নগাঁৱৰ চামগুৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ হাতত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিল এ আই ইউ ডি এফ দলৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল । ধুবুৰীৰ জনতাৰ বদৰুদ্দিন আজমলৰ প্ৰতি মোহভংগ হ’ল নে ৰকিবুল হুছেইনৰ প্ৰতি আকৰ্ষিত হ’ল ধুবুৰীৰ জনতা ? কিয় বৃহৎ ভোটত জয়ী কৰালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷

দেশৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত ৰকিবুল হুছেইনে জয়লাভ কৰাৰ কাৰণসমূহ আচলতে কি কি ? প্ৰথমে জানি লওঁ ধুবুৰী লোকসভা সমষ্টিত কিমানগৰাকী বিধায়ক আছে কংগ্ৰেছৰ আৰু কিমানগৰাকী বিধায়ক আছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ ।

লগতে পঢ়ক: দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

ধুবুৰী লোকসভা সমষ্টিৰ বিধায়ক: সৰ্বাধিক 27 লক্ষাধিক ভোটাৰ থকা ধুবুৰী লোকসভা সমষ্টিৰ অধীনত মুঠ 11 টা বিধানসভা সমষ্টি আছে । ইয়াৰে অধিকাংশ বিধানসভা সমষ্টিতেই আছে আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ বিধায়ক । ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 6 টা বিধানসভা সমষ্টিতেই আছে আজমলৰ বিধায়ক । বিধায়ক কেইজন হৈছে ধুবুৰী বিধানসভা সমষ্টিৰ নজৰুল হক, গৌৰীপুৰ বিধানসভা সমষ্টিত নিজানুৰ ৰহমান, বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিত হাফিজ বছিৰ আহমেদ কাছিমি, বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিত ছামচুল হুদা, মানকাচৰ বিধানসভা সমষ্টিত আমিনুল ইছলাম আৰু চেঙা বিধানসভা সমিষ্টিত আছে দলটোৰেই বিধায়ক আশ্ৰাফুল হুছেইন ।

ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক: ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ দখলত থকা সমষ্টিৰ বিধায়কসকল হৈছে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিত আব্দুৰ ৰছিদ মণ্ডল, জলেশ্বৰত আফটাব উদ্দিন মোল্লা, দক্ষিণ শালমাৰাত ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জত আব্দুছ ছোবাহান আলী সৰকাৰ । আনহাতে বাঘবৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ বিধায়ক আছে যদিও বিধায়ক শ্বেৰমান আলীয়ে মুকলিকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এ আই ইউ ডি এফ দলক সমৰ্থন আগবঢ়াইছে । অৰ্থাৎ ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফ দলৰ বিধায়ক অধিক থকা স্বত্বেও কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত অতি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক: যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ এই বৃহৎ জয়ৰ আঁৰৰ কাৰণসমূহ কি ? ধুবুৰীৰ বহু সাধাৰণ জনতাৰ সৈতে হোৱা আলোচনাত জানিব পৰা মতে বহুকেইটা কাৰণেই আছিল আজমলৰ অতি শোচনীয় পৰাজয়ৰ ।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ: নিজকে সংখ্যালঘুৰ নেতা বুলি দাবী কৰা এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে বিগত তিনিটা কাৰ্য্যকালত ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল। 2009 চনৰ পৰা 2019 চনৰ সাধাৰণ নিৰ্বাচনত ধুবুৰীৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ গৈছিল বদৰুদ্দিন আজমল । কিন্তু শেহতীয়াকৈ এইবাৰৰ নিৰ্বাচনৰ পূৰ্বেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে উঠিছিল ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ । তিনিটা কাৰ্যকালত ধুবুৰীৰ জনতাৰ সকলো সমৰ্থন হেৰুৱাইছিল বদৰুদ্দিন আজমলে । আনকি বিগত নিৰ্বাচনৰ সময়ত সভাই সমিতিয়ে পানী জৰা-ফুকাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বদৰুদ্দিন আজমল এইবাৰ বঞ্চিত হ’ল পানী জৰা ফুকাতো ৷

লগতে পঢ়ক: আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok sabha election results 2024

আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী: ধুবুৰীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰৱল ঢৌ অব্যাহত থকাৰ সময়তে কংগ্ৰেছ দলেও ধুবুৰীত প্ৰক্ষেপ কৰিলে শক্তিশালী প্ৰাৰ্থী । বিগত পাঁচটাকৈ বিধানসভা নিৰ্বাচনত নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা একেৰাহে বিধানসভালৈ নিৰ্বাচিত হোৱা ৰকিবুল হুছেইন বিগত কংগ্ৰেছৰ কাৰ্যকালত আছিল বহু প্ৰভাৱশালী মন্ত্ৰী । আজমলৰ ভৰিৰ তলৰ মাটি একপ্ৰকাৰ খহি যোৱাৰ সময়তে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ দৰে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাত ধৰাশায়ী হৈ পৰে বদৰুদ্দিন আজমল ।

নিৰ্বাচনী প্ৰচাৰ সভাত আজমলৰ তৰল মন্তব্য: হৈ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ধুবুৰী লোকসভা সমষ্টিৰ বাবে ৰকিবুল হুছেইনৰ নাম ঘোষণা কৰাৰ পাচৰ পৰাই কিছু তৰল মন্তব্যৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ চেষ্টা কৰিছিল বদৰুদ্দিন আজমলে । প্ৰথমাৱস্থাতেই ৰকিবুল হুছেইনক কোমল ছাগলীৰ সৈতে তুলনা কৰি আজমলে চোবাই খাব বুলি কৰা এটা মন্তব্যই ৰকিবুল হুছেইনৰ প্ৰতি সাধাৰণ জনতাৰ সমৰ্থন বৃদ্ধি কৰিছিল । কেৱল এয়াই নহয়, পৰৱৰ্তী সময়তো ৰকিবুল হুছেইনৰ একপুত্ৰ আজমলৰ সাত পুত্ৰ সন্দৰ্ভতো কৰা তৰল মন্তব্যই যেন নিজকে মৌলনাৰ শাৰীত ৰখা আজমলৰ প্ৰতি যেন ঘৃণাৰ ভাৱ সৃষ্টি কৰিছিল সাধাৰণ জনতাক । এনেদৰে আজমলৰ বহুকেইটা তৰল আৰু একপ্ৰকাৰ অশ্লীল মন্তব্যয়ো যথেষ্ট সহায় কৰিলে ৰকিবুল হুছেইনক ।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ দুটাকৈ দেশজোৰা যাত্ৰাই নিৰ্বাচনত কিদৰে সহায় কৰিলে কংগ্ৰেছক ? - Lok Sabha Election results 2024

আজমলৰ বিৰুদ্ধে জনতাক একত্ৰিত কৰিবলৈ কিদৰে সক্ষম হ’ল ৰকিবুল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ সম্পৰ্ক থকা বুলি ধুবুৰীৰ জনতাক প্ৰতীয়মান কৰিবলৈ সক্ষম হ’ল ৰকিবুল হুছেইন । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজক বিগত সময়ত কৰি অহা তাচ্ছিল্যসূচক মন্তব্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আৰক্ষীৰ এনকাউণ্টাৰ, বাল্য বিবাহৰ বন্ধ কৰাৰ নামত স্বামী গ্ৰেপ্তাৰ আদি কেবাটাও ইছ্যুৰে ধুবুৰী লোকসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰকিবুল হুছেইনে । ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংখ্যালঘু জনতাক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আজমল হিমন্তৰ মাজত থকা বুজাবুজিৰ বিষয়ে ৰাইজক বিশ্বাস কৰাবলৈ সক্ষম হৈছিল ৰকিবুল হুছেইন । আনকি আজমলক বিদায় দিলে 2026 ত হিমন্ত বিশ্ব শৰ্মাকো দিছপুৰৰ পৰা বিদায় দিয়াৰো দায়িত্ব লৈ যেন ধুবুৰীৰ জনতাক মোহাচ্ছন্ন কৰি পেলালে ৰকিবুল হুছেইনে ।

প্ৰিয়ংকা গান্ধীৰ সভা: ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমলক বিদায় দিবলৈ প্ৰিয়ংকা গান্ধীয়েও অংশগ্ৰহণ কৰিছিল নিৰ্বাচনী প্ৰচাৰ সভাত । ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীয়ে চলোৱা প্ৰচাৰে ৰকিবুল হুছেইনক যথেষ্ট সহায় কৰিলে ৰেকৰ্ড গঢ়াত ।

লগতে পঢ়ক: পাহাৰৰ সমস্যাৰাজি সংসদত সঠিকভাৱে উত্থাপন কৰিব অমৰচিং তিচ'ৱে - Lok Sabha Election Results 2024

অখিল গগৈৰ প্ৰচাৰ: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰত নামি পৰিছিল বিৰোধী ঐক্যমঞ্চৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । আজমল থকালৈকে অসমত হিমন্তৰাজ চলিব বুলি ব্যাপক প্ৰচাৰ চলাই আজমলক বিদায় দিবলৈ ধুবুৰীবাসীক শপত বাক্য পাঠ কৰাইছিল অখিল গগৈয়ে । অখিল গগৈৰ সভাতো হিলদ’ল ভাঙি ধুবুৰীৰ জনতাই কৰিছিল অংশগ্ৰহণ । ধুবুৰী লোকসভা সমষ্টিত অখিল গগৈয়ে বহুকেইখন বিশাল সভা সম্বোধন কৰাৰ উপৰিও সৰু সুৰা বহু সভাত অংশগ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে জনতাক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ।

মুঠৰ ওপৰত নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা একেৰাহে পাঁচটাকৈ নিৰ্বাচনত জয় লাভ কৰা ৰকিবুল হুছেইনৰ বিজয়ৰ যাত্ৰা ৰোধিব নোৱাৰিলে বদৰুদ্দিন আজমলেও । ইয়াৰ বিপৰীতে দেশৰ ভিতৰতে সৰ্বাধিক 10 লাখ 12 হাজাৰ 476 টা ভোটৰ ব্যৱধানত বদৰুদ্দিনক পৰাস্ত কৰি দেশৰ ভিতৰতে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল ৰকিবুল হুছেইনে । কংগ্ৰেছ হাইকমাণ্ডৰ দৃষ্টিতো অসমৰ শক্তিশালী সংখ্যালঘু নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: যোৰহাটৰ ৰাইজৰ অভিভাৱকৰ ভূমিকাৰ বাবেই এই জয় : গৌৰৱ গগৈ - Lok Sabha Election Results 2024

Last Updated : Jun 5, 2024, 6:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.