ETV Bharat / politics

হিমাচল ৰাজ্যসভা নিৰ্বাচন, বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ

author img

By ANI

Published : Feb 27, 2024, 10:21 AM IST

Himachal Rajya Sabha election: আজি হিমাচল প্ৰদেশত ৰাজ্যসভাৰ এখন আসনত ভোটগ্ৰহণ আৰম্ভ হৈছে । ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে । কংগ্ৰেছৰ হুইপক অবৈধ আখ্যা বিজেপিৰ । বিজেপিয়ে নিৰ্বাচনত হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ ।

Himachal Rajya Sabha election
বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : আজি হিমাচল প্ৰদেশৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে । কংগ্ৰেছ প্ৰাৰ্থী জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হৰ্ষ মহাজনক এই আসনখনৰ বাবে বাছনি কৰিছে । কিন্তু নিৰ্বাচনৰ পূৰ্বে সোমবাৰে বিজেপিৰ মনোনীত প্ৰাৰ্থীজনে মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত অভিযোগ কৰি কয় যে কংগ্ৰেছে বিধায়কসকলক নিৰ্বাচনৰ বাবে হুইপ জাৰি কৰিছে, যিটো তেওঁ বেআইনী বুলি দাবী কৰিছে ।

হৰ্ষ মহাজনে তেওঁৰ অভিযোগত কয় যে এনে হুইপ কেৱল অনৈতিকে নহয় ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধেও । কিয়নো ই বিধায়কসকলৰ সিদ্ধান্ত লোৱাৰ সামৰ্থ্যক প্ৰভাৱিত কৰিব ।

এই অভিযোগৰ পিচতে কংগ্ৰেছে বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে । ৰাজ্যিক মন্ত্ৰী হৰ্ষ ৱৰ্ধন চৌহানে দাবী কৰিছে যে নিৰ্বাচনী সংস্থাৰ ওচৰত দাখিল কৰা এই অভিযোগ বিজেপিৰ হতাশাৰ কাৰণ । হিমাচল প্ৰদেশৰ মন্ত্ৰী হৰ্ষ ৱৰ্ধন চৌহানে অভিযোগ কৰিছে যে বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰিছে । তেওঁৰ মতে বিজেপিৰ হতাশা কাৰণ হৈছে বহু বিধায়ক বিজেপিৰ পক্ষত নাই ।

তেওঁৰ মতে ৪০ গৰাকী বিধায়ক কংগ্ৰেছৰ সৈতে আছে আৰু ৩ জন নিৰ্দলীয় আছে । বিজেপিৰ মাত্ৰ ২৫ গৰাকী বিধায়ক আছে । ইয়াৰ পিচতো বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । যাৰ অৰ্থ হৈছে বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ পৰিকল্পনা কৰি আছে । উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী হৰ্ষ মহাজন তিনিবাৰৰ কংগ্ৰেছ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী যি ২০২২ চনৰ ছেপ্টেম্বৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ পৰা পদত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল ।

কংগ্ৰেছে দেওবাৰে দলৰ বিধায়কসকলক অভিষেক মনু সিংভিক ভোট দিবলৈ হুইপ জাৰি কৰিছিল ৷ লক্ষণীয়ভাৱে, হুইপৰ পিচত সকলো বিধায়কে কৰ্তৃত্বপ্ৰাপ্ত এজেণ্টক ভোটদান প্ৰদৰ্শন কৰিব লাগিব । যি বিধায়কে ভোটদান প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰে সেই ভোট অবৈধ ঘোষণা কৰিব পাৰে ৷ ৬৮ গৰাকী বিধায়কৰ ভিতৰত ৪০ গৰাকী আৰু ৩ গৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনৰ সৈতে কংগ্ৰেছৰ স্পষ্ট সংখ্যাগৰিষ্ঠতা আছে । ২৫ গৰাকী বিধায়ক থকা বিজেপি সংখ্যাৰ খেলখনত যথেষ্ট পিছ পৰি থকা স্বত্বেও সিংভিৰ বিৰুদ্ধে মহাজনক প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰতিদ্বন্দ্বিতাত নামিছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰতালৈ সমৰ্থন পিএলপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.