ETV Bharat / politics

ঘৰলৈ উভতিব ৰিপুণ বৰা: অভিমান এৰি সাজু হৈছে কংগ্ৰেছত যোগদানৰ বাবে - Ripun Bora - RIPUN BORA

Ripun Bora left TMC: তৃণমূল কংগ্ৰেছত মোহভংগ ঘটাৰ পিছত ৰাজ্যিক সভাপতিৰ পদ ত্যাগ কৰি এতিয়া ঘৰৰ মানুহ ঘৰলৈ উভতি যোৱাৰ প্ৰস্তুতি চলাইছে ৰিপুণ বৰাই । অচিৰেই কংগ্ৰেছ দলত হয়তো যোগদান কৰিব প্ৰবীণ ৰাজনীতিবিদ ৰিপুণ বৰাই । ৰাজনৈতিক সিদ্ধান্ত সলনি সন্দৰ্ভত ৰিপুণ বৰাৰে ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ আছুতীয়া সাক্ষাৎকাৰ ।

Ripun Bora left TMC
ৰিপুণ বৰাৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 8:35 PM IST

Updated : Sep 3, 2024, 8:40 PM IST

গুৱাহাটী, ৩ ছেপ্তেম্বৰ : ৰাজনীতিৰ চকা সকলোফালেই ঘূৰে ৷ শেহতীয়াভাৱে অসমৰ ৰাজনীতিত যেন বতৰ সলনি হৈছে ৷ তাৰ মাজতে পুনৰ সংবাদ শিৰোনামলৈ আহিছে জ্যেষ্ঠ ৰাজনীতিক ৰিপুণ বৰা । তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে আকৌ এবাৰ চৰ্চালৈ আহিছে ৰাজনীতিকগৰাকী । ই টিভি ভাৰতৰ কেমেৰাৰ সমুখত বহু কথাই ক’লে ৰিপুণ বৰাই...

ৰিপুণ বৰাৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

তৃণমূল কংগ্ৰেছ আচলতে পশ্চিমবংগৰ এটা আঞ্চলিক দলহে !

মমতা বেনাৰ্জীৰ তৃণমূলৰ প্ৰতি মোহভংগ হ’ল কিয় ? ই টিভি ভাৰত অসমৰে হোৱা সাক্ষাৎকাৰত ৰিপুণ বৰাই কয় যে সকলো দিশ চালি-জাৰি চাইহে তেওঁ তৃণমূল কংগ্ৰেছ ত্যাগৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৰাৰ মন্তব্য, “মোৰ জীৱনজোৰা সঞ্চিত অভিজ্ঞতাৰে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কামত মই গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলো ৷ তাৰ পৰা এটাই কথা বুজিলো যে অসমবাসীয়ে তৃণমূল কংগ্ৰেছক আঁকোৱালি নলয় ৷ তৃণমূল কংগ্ৰেছ আচলতে পশ্চিমবংগৰ এটা আঞ্চলিক ৰাজনৈতিক দলহে । পশ্চিমবংগৰ বাবে ঠিকেই আছে । কিন্তু অসমৰ বাবে তৃণমূল কংগ্ৰেছ নহয় ৷”

কংগ্ৰেছত কেতিয়া যোগ দিব ৰিপুণ বৰাই ?

“২০২৬ ত ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিক ওফৰাই বিৰোধী কংগ্ৰেছৰ চৰকাৰ গঠনৰ বাবে এতিয়া জনতাই প্ৰস্তুতি চলাইছে ৷” এই বিশেষ মন্তব্য ৰিপুণ বৰাৰ ৷ তৃণমূল কংগ্ৰেছ ত্যাগ কৰি নিজৰ ৰাজনৈতিক জীৱনৰ সৰহভাগ সময় পাৰ কৰা কংগ্ৰেছ দললৈ হয়তো অচিৰেই উভতিব ৰিপুণ বৰা ৷ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব ৰিপুণ বৰাই ।

তৃণমূল এৰাৰ পিছত এতিয়া তেওঁ বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, “মই আজীৱন বিজেপি বিৰোধী স্থিতিত অটল থাকিম ৷ ক্ষমতা বিচৰা হ’লে, মই যোগদান কৰাহ’লে কেতিয়াবাই কৰিলোহেঁতেন ৷ বিজেপিৰ বিৰুদ্ধে মোৰ স্থিতিত মই এতিয়াও অটল আছো ।”

প্ৰায় ৬ বছৰতকৈ অধিক কাল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে অসমত কংগ্ৰেছক নেতৃত্ব দিয়া ৰিপুণ বৰাই আঢ়ৈ বছৰৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিছিল তণমূল কংগ্ৰেছত ৷ পুনৰ পূৰ্বৰ কংগ্ৰেছ দলত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দলটোত যোগদান কৰাৰ ইংগিত প্ৰদান কৰি ক’লে, “মই ঘৰৰ মানুহ ঘৰলৈ যাবলৈ পালে ভাল পাম ৷ কিন্তু তেওঁলোকৰোতো কথা-বতৰা মিলিব লাগিব । মোৰ ইচ্ছাৰ লগত তেওঁলোকৰো ইচ্ছা লাগিব ৷”

গৌৰৱ গগৈক লৈ উৎসাহী ৰিপুণ বৰা:

“সাম্প্ৰতিক সময়ত ২০১৬ ৰ পৰা অসমত কংগ্ৰেছৰ ধাৰাবাহিক পৰাজয়ে কংগ্ৰেছৰ কৰ্মীসকলক কিছু পৰিমাণে হতাশ কৰিলেও গৌৰৱ গগৈৰ যোৰহাটত জয়ে কংগ্ৰেছক নতুন মাত্ৰা প্ৰদান কৰিলে” বুলি মন্তব্য এ পি চি চিৰ প্ৰাক্তন সভাপতিগৰাকীৰ । লগতে তেওঁ কয়, “২০২৬ৰ বিধানসভা নিৰ্বাচনত আন বিৰোধী আৰু কংগ্ৰেছ দল কেৱল এক মাধ্যমহে হ’ব । বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ ৰাইজেই যুঁজ দিব ৷ অসমত ৰাইজ সাজু হৈছে ৷”

তাতকৈও অলপ আগুৱাই গৈ ৰিপুণ বৰাই গৌৰৱ গগৈৰ লোকসভাৰ জয় প্ৰসংগত ক’লে, “লোকসভাত অসমত বিজেপিয়ে ১১খন আসনত জয়লাভ কৰিলেও এয়া গৌৰৱ গগৈৰ এখন আসনৰ জয়ৰ সমান ৷ গৌৰৱ গগৈৰ এখন আসনেই বিজেপিৰ এঘাৰখন আসনৰ জয়ৰ আনন্দ ম্লান কৰি পেলালে । এই জয়ে অসমৰ ৰিজনীতিত কংগ্ৰেছক নতুন প্ৰাণ দিলে ৷”

গহপুৰলৈ দুবছৰ কিয় যোৱা নাছিল ৰিপুণ বৰা ?

জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ গৃহসমষ্টি হ’ল গহপুৰ ৷ মাজতে দুটা বছৰ অভিমানতে গহপুৰলৈ যোৱা নাছিল বুলি মন্তব্য কৰি দোষ স্বীকাৰ কৰি ৰিপুণ বৰাৰ মন্তব্য, “ৰাজনীতিকৰ মাজত হতাশা অহাটো উচিত নহয় । কিন্তু মাজতে হতাশা আৰু অভিমানত মই দুটা বছৰ গহপুৰলৈ যোৱা নাছিলো ৷ সেয়া মোৰ একপ্ৰকাৰ ভুল আছিল । সেয়ে এতিয়া যিসকল সামাজিকভাৱে মোৰ ওচৰৰ আছিল, সকলো সময়তে মোৰ লগত আছিল গহপুৰলৈ গৈ সেইসকলৰ আকৌ খবৰ ল’বলৈ আৰম্ভ কৰিছো । এই দুটা বছৰত যিসকলে বিপদ নাইবা বিভিন্ন বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল, সেইসকল আপোন মানুহক এষাৰ মাত লগাইছো ।” অৱশ্যে ৰিপুণ বৰাই স্পষ্টভাৱে মন্তব্য কৰে যে গহপুৰলৈ দুবছৰৰ মূৰত প্ৰত্যাগমনৰ আঁৰত তেওঁৰ কোনো নিৰ্বাচনকেন্দ্ৰিক উদ্দেশ্য নাই ৷

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ ত্যাগ : পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা ৰিপুণ বৰাৰ - Ripun Bora quit TMC

অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে: ৰিপুণ বৰা - Ripun Bora quits TMC

Last Updated : Sep 3, 2024, 8:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.