নলবাৰী, 20 জুলাই : অৱশেষত চৰ্চাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে দলত্যাগ কৰাৰ বাবে সাজু হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মা৷ এলাগী হোৱাৰ অভিযোগ তুলি দলত্যাগ কৰা সন্দৰ্ভত ইংগিত প্ৰদান কৰি আহিছিল বিজেপি নেতাজনে ৷ অৱশেষত বহুচৰ্চিত ন-পুৰণি সংঘাতৰ মাজতে বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন বিধায়কজনে ৷
8 অথা 9 আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিব বুলি জানিবলৈ দিয়ে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যেষ্ঠ নেতা অশোক শৰ্মাই ৷ শনিবাৰে নলবাৰীৰ নিজা বাসভৱনত অশোক শৰ্মাই সংবাদমেল আয়োজন কৰি জনালে এই কথা ৷ পূৰ্বৰ দৰেও আজিও সংবাদমেলত ৰাজ্যিক বিজেপিৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দলত্যাগৰ কথা ঘোষণা কৰে তেওঁ ৷
সংবাদমেলত তেওঁ কয় যে, বিজেপিত এতিয়া তোষামোদকাৰীৰ ৰাজত্ব চলিছে ৷ বিজেপি দল জন্ম নিদিলেও দলটোক লালন-পালন কৰি ভাল দিন অনালৈ তেওঁৰ অৰিহণা থকা বুলি কয় শৰ্মাই ৷ অশোক শৰ্মাই কয় যে, যি সময়ত অসমত বিজেপিৰ কোনো চিনেই নাছিল সেই সময়ত দলটোৰ জিলা পৰ্যায়ৰ দায়িত্ব লৈছিল তেওঁ ৷ তেওঁৰ বিধায়কৰ কাৰ্যকালৰ দিনতে নলবাৰীৰ বৰ্তমানৰ বিজেপি কাৰ্যালয়ৰ ভূমি আৱন্টন দিছিল ৷ কিন্তু আজিৰ তোষামোদকাৰীসকলে কাৰ্যালয়টোত ফটো এখনো নলগালে বুলি অভিযোগ কৰে তেওঁ ৷ লগতে দলৰ ৰাজ্যিক নেতৃত্বই এই বিষয়ে কিয় আজিলৈ বিবেচনা নকৰিলে বুলি আজি সংবাদমেলত প্ৰশ্ন কৰে ৷
ইফালে নলবাৰীৰ হৰি মন্দিৰৰ পৰা গণেশ মন্দিৰ সংযোগী পথৰ বাবে দহ কোটি টকাও আৱন্টন দিয়া বুলিও জনাই অশোক শৰ্মাই ৷ হৰি মন্দিৰৰ পৰা ৰে’লগেটৰ ওপৰেৰে নৱনিৰ্মিত উৰণসেতুখনো অশোক শৰ্মা বিধায়ক হৈ থকা দিনতে আৱন্টিত বুলি উল্লেখ কৰে ৷ কিন্ত উৰণসেতুৰ আধাৰশিলা বৰ্তমান তোষামোদকাৰীসকলে নোহোৱা কৰি পুনৰ নতুনকৈ আধাৰশিলা কৰি তেওঁলোকে বাঃ বাঃ লোৱাৰ অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে ৷ লগতে নলবাৰীৰ পৱিত্ৰ হৰিমন্দিৰ সমিতি ৰাজনীতিকৰণ কৰি তোষামোদকাৰীসকলে অশোক শৰ্মাক বাহিৰ কৰি দিয়াৰো অভিযোগ কৰে তেওঁ ৷
লগতে পঢ়ক : অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN
এই সকলোবোৰ অভিযোগ ৰাজ্যিক নেতৃত্বক পত্ৰযোগে অভিযোগ দিছিল, কিন্তু আজিলৈ সেইসকলক তলৱ কৰি কিয় সু-বিচাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে অশোক শৰ্মাই ৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি অশোক শৰ্মালৈ আলোচনাৰ বাবে নিমন্ত্ৰণৰ কথাও ব্যক্ত কৰে তেওঁ ৷ ইমান দিনে সকলো দেখি-শুনিও কিয় পলমকৈ আলোচনালৈ মাতিছে তাকো বুজি পাইছে বুলি উল্লেখ কৰি অশোক শৰ্মাই সভাপতি ভৱেশ কলিতাক কোনোবা তোষামোদকাৰীয়ে এইখিনি কৰাবলৈ জোৰ দিয়া বাবেহে তেওঁলৈ মনত পৰিছে বুলি মন্তব্য কৰে ৷ কিন্ত এতিয়া বহু দেৰি হ’ল বুলি উল্লেখ কৰি দলে যদি সু-বিচাৰ কৰি দিব পাৰে তেতিয়াহলে দলত্যাগ নকৰো বুলিও সদৰী কৰে সংবাদমেলত ৷
আনহাতে তেওঁৰ দৰে মানুহৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব নিদিয়ে বুলিও অভিযোগ কৰে অশোক শৰ্মাই ৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহংকাৰী আখ্যা দিয়ে তেওঁ ৷ তেওঁ কয় যে, পূৰ্বেও এইবোৰ ক্ষোভ আৰু অভিযোগ কৰি আহিছিল ৷ কিন্ত ইমানৰ পিচতো যেতিয়া বিজেপি দলে তেওঁৰ দৰে মানুহক গুৰুত্ব নিদিয়ে তেতিয়া আৰু দলত থকাৰ কোনো অৰ্থই নাথাকে বুলি সংবাদমেলত প্ৰকাশ কৰে বিজেপি নেতাজনে ৷ নিজৰ ঘৰতেই যেতিয়া অত্যাচাৰ হয় তেতিয়া আৰু সেই ঘৰত থকাৰ কথাই নাহে বুলি কয় অশোক শৰ্মাই ৷
আনহাতে বিজেপি এৰি কংগ্ৰেছত যোগদানৰ কথা পোনপটীয়াকৈ নক’লেও তেনে এক ইংগিতেই দিয়ে অশোক শৰ্মাই ৷ বৰ্তমান বিজেপিত নিষ্ঠা নাই, কেৱল তোষামোদকাৰীহে আছে বুলি মন্তব্য কৰে তেওঁ ৷ তেওঁ প্ৰেৰণ কৰা ক্ষোভপত্ৰখনৰ আজিলৈকে ৰাজ্যিক নেতৃত্বই ন্যায় নিদিলে বুলি অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে ৷ লগতে বিজেপিত এতিয়া এজনৰেই ৰাজত্ব, তেওঁৰ মতেই সকলো তোষামোদকাৰীয়ে ৰাজনীতি কৰি আছে বুলি মুখ্যমন্ত্ৰীকো তীক্ষ্ণ সমালোচনা কৰে বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাই ৷
লগতে পঢ়ক : কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ? - Ashok Sarma Controversy