ETV Bharat / politics

টিকট নাপাই আত্মহত্যাৰ চেষ্টা কৰা সাংসদৰ মৃত্যু চিকিৎসালয়ত - MP Ganeshamoorthy died

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:15 PM IST

MP Ganeshamoorthy died: আত্মহত্যাৰ চেষ্টা কৰি চিকিৎসাধীন অৱস্থাত থকা সাংসদ গণেশমূৰ্তিৰ মৃত্যু ৷ কীটনাশক সেৱন কৰি দেওবাৰে আত্মহত্যাৰ চেষ্টা কৰিছিল সাংসদগৰাকীয়ে ৷ লোকসভা নিৰ্বাচনৰ টিকট লাভ নকৰাৰ পিচতে লৈছিল এই সিদ্ধান্ত ৷

MP Ganeshamoorthy died
আত্মহত্যাৰ চেষ্টা কৰা সাংসদৰ মৃত্যু চিকিৎসালয়ত

কোয়েম্বাটুৰ(তামিলনাডু), 28 মাৰ্চ: দেওবাৰে আত্মহত্যাৰ চেষ্টা কৰাৰ পিচত চিকিৎসাধীন অৱস্থাত থকা তামিলনাডুৰ সাংসদ অবিনাশী গণেশমূৰ্তিৰ মৃত্যু হয় বৃহস্পতিবাৰে ৷ তামিলনাডুৰ কইম্বাটুৰৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল এমডিএমকে দলৰ সাংসদগৰাকী ৷ ইৰোড সমষ্টিৰ সাংসদগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ইৰোড সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই কীটনাশক সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল এমডিএমকেৰ সাংসদজনগৰাকীয়ে ৷ উক্ত ঘটনাৰ পিচৰে পৰা চিকিৎসাধীন হৈ থকা গণেশমূৰ্তিৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত চিকিৎসালয়তে মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে ।

মৃত্যুৰ পিচত চিকিৎসালয় কৰ্তৃপক্ষই গণেশমূৰ্তিৰ মৃতদেহ আৰক্ষীলৈ হস্তান্তৰ কৰে ৷ পৰৱৰ্তী সময়ত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইনষ্টিটিউট অব্ ৰোড ট্ৰান্সপোৰ্ট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয় । মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত মৃতদেহটো সমাধিস্থ কৰাৰ বাবে ইৰোডৰ পৰা 15 কিলোমিটাৰ দূৰৰ কুমাৰৱালাচু গাঁৱলৈ লৈ যোৱা হয় ।

উল্লেখ্য যে পত্নীহীনা গণেশমূৰ্তি 2019 চনত ডিএমকেৰ দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ১৯৯৮ চনত পালানি আৰু ২০০৯ চনত ইৰোডৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল । মৃত্যুৰ সময়ত গণেশমূৰ্তিয়ে এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায় ৷ এমডিএমকেৰ প্ৰতিষ্ঠাপক ভাইকোৱে গণেশমূৰ্তিৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, ‘‘তেওঁ দলৰ টিকটৰ বিষয়টোত সুখী আছিল । তেওঁ মোক দুবাৰ সাক্ষাৎ কৰিছিল । আমি কেতিয়াও আশা কৰা নাছিলো যে তেওঁ এনে সিদ্ধান্ত ল'ব । তেওঁ ভাল মেজাজত আছিল ৷ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।"

সাংসদগৰাকীৰ মৃত্যুত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, এআইএডিএমকেৰ সাধাৰণ সম্পাদক এডাপ্পাডি পালানিস্বামী, বিজেপিৰ ৰাজ্যিক সভাপতি কান্নামালাইও শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: সুপ্ৰিয়া শ্ৰীনেত আৰু দিলীপ ঘোষক নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱা জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.