ETV Bharat / politics

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা : অসমৰো দুখন আসনৰ বাবে হ'ব নিৰ্বাচন - Rajya Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 5:40 PM IST

ECI announces date of Rajya Sabha elections : ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন ৷ সমগ্ৰ দেশৰ ১২খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰে দুখন আসন অসমৰ ৷

Rajya Sabha elections
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ (ETV Bharat Assam)

নিউজ ডেস্ক, ৭ আগষ্ট : বুধবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে ৰাজ্যসভা নিৰ্বাচনৰ দিন ৷ উচ্চ সদনত খালী হৈ থকা দেশৰ ১২খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৩ ছেপ্টেম্বৰত ৷ ইয়াৰে দুখনকৈ আসন আছে অসম, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ ৷ আনহাতে এখনকৈ আসন ওড়িশা, তেলেংগানা, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ত্ৰিপুৰাৰ ৷

Rajya Sabha elections
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ (ECI)

উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিচতে খালী হৈ পৰিছিল অসমৰ আসন দুখন ৷ তিনিবছৰ ৰাজ্যসভাৰ সাংসদ হিচাবে থকাৰ পিচতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সৰ্বানন্দ সোণোৱালে ৷ আনহাতে কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সাংসদ হিচাবে আছিল ৪ বছৰ ১১ মাহ ২১ দিন ৷ তাৰ পিচত বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা সাংসদ হিচাবে নিৰ্বাচিত হয় ৷

আনহাতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ৰাজ্যসভাৰ খালী আসনখনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ২০২১ৰ পৰা ২০২৪ৰ ৪ জুনলৈকে ৰাজ্যসভাৰ দলপতি হিচাবে থকা পীয়ুষ গোৱেলৰ উত্তৰসূৰীৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

বুধবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰি অনুসৰি ১৪ আগষ্টত জাৰি কৰা হ’ব ৰাজ্যসভা নিৰ্বাচনৰ অধিসূচনা ৷ আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ আগষ্ট ৷ আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২৬-২৭ আগষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ আয়োগে জনোৱা মতে ৩ ছেপ্টেম্বৰত ৰাজ্যসভাৰ প্ৰতিখন খালী আসনৰ বাবে পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেই দিনটোতেই ফলাফল ঘোষণা কৰা হ’ব ৷

উল্লেখ্য যে সোণোৱাল আৰু তাছাৰ উত্তৰসূৰীক লৈ ইতিমধ্যে ব্যাপক চৰ্চা অব্যাহত আছে ৰাজ্যৰ ৰাজনীতিত ৷ এই সন্দৰ্ভত বাজপেয়ী ভৱনত চলিছে ইখনৰ পিচত সিখন বৈঠক ৷ চৰ্চা অনুসৰি সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হোৱাৰ সম্ভাৱনা আছে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ৷ যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা তপন কুমাৰ গগৈক ৰাজ্যসভালৈ পঠিয়াই উজনি অসমত বিজেপিয়ে হেৰুওৱা ভোটখিনি পুনৰুদ্ধাৰ কৰাৰ বাবে চেষ্টা চলোৱা বুলি চৰ্চা চলিছে ৷

ইফালে কামাখ্যা প্ৰসাদ তাছাৰ খালীস্থান পূৰণ কৰিবলৈ আহিব পাৰে কোনো নতুন মুখ ৷ সেয়া যিয়েই নহওক, বুধবাৰে নিৰ্বাচন আয়োগে ৰাজ্যসভা নিৰ্বাচনত সময়সূচী ঘোষণা কৰাৰ পিচতে দুখনকৈ খালী আসনক লৈ বৃদ্ধি পাইছে গুণা-গঁথা ৷

লগতে পঢ়ক : অগপৰ উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা: বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.