ETV Bharat / politics

দেশৰ ভিতৰতেই সৰ্বাধিক ভোটৰ ব্য়ৱধানত জয়ী ৰকিবুল হুছেইন - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:31 AM IST

Dhubri Lok Sabha constituency : ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে কিমান ভোট লাভ কৰিলে ? এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ গৰ্ব খৰ্ব হ'ল কিয় ?

Dhubri Lok Sabha constituency
কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন (ETV BHARAT ASSAM)

নিউজ ডেক্স, ৫ জুন: ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ ছুনামি । এই ছুনামিৰ প্ৰচণ্ড ঢৌত উফৰিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ গৰ্ব তথা ভোটৰ সম্ৰাজ্য় । অপৰাজেয় নায়কৰ ছন্দ পতনেই নহয়, তেওঁৰ ভোটৰ সম্ৰাজ্য়ত আঘাত হানি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন বিজয়ী হ'ল অভিলেখ সংখ্য়ক ভোটৰ ব্য়ৱধানত । ১০,১২,৪৭৬ টা ভোটৰ ব্য়ৱধানেৰে দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়ী হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । ৰকিবুল হুছেইনৰ পিচতে আছে মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শংকৰ লালৱানী । শংকৰ লালৱানীয়ে বিএছপিৰ প্ৰাৰ্থী সঞ্জয় ছোলাংকীক ১০,০৪,০৭৭টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ।

ৰাজ্যখনৰ কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইনে চামগুৰি বিধানসভা সমষ্টি এৰি এইবাৰ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দুৰ্গ খ্য়াত ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিচত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল এই সমষ্টিটোত । সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল-পাৰিব নে আজমলক পৰাজিত কৰিবলৈ ? পিচে এই সমষ্টিটোত দলীয় টিকট লাভ কৰাৰ পিচতেই বদৰুদ্দিন আজমলক হুংকাৰ দিছিল কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । এইবাৰ ১৪,৭১,৮৮৫ টা ভোট ৰকিবুল হুছেইনে লাভ কৰাৰ বিপৰীতে আজমলে ৪,৫৯,৪০৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । আনহাতে,বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰে ৪৩৮৫৯৪ টা ভোট ।

৪ জুনৰ ফলাফলত ৰকিবুল হুছেইনে অভিলেখ সংখ্য়ক ভোটৰ ব্য়ৱধানত জয়লাভ কৰাৰ পিচতেই ইয়াকে লৈ হৈছে চৰ্চা । আনকি ধুবুৰীৰ পৰা বৃহৎ বিজয় সাব্যস্ত কৰা কংগ্ৰেছৰ ৰকিবুল হুছেইনক নায়ক আখ্যা দিয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । অসমত এইবাৰ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন নায়ক হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য় কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় এয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একপ্ৰকাৰৰ ৰেকৰ্ড । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও ৰকিবুল হুছেইনৰ দৰে বহুত লাখ ভোট লাভ কৰা নাই ।

উল্লেখ্য় যে এইবাৰ এই তালিকাত দ্বিতীয় স্থানত আছে ইন্দোৰৰ শংকৰ লালৱানী । লালৱানীয়ে ১২,২৬,৭৫১ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বহুজন সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিবলৈ সক্ষম হয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক:10 লাখ ভোটৰ ব্যৱধানত জিকা ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

জয়ৰ অভিলেখ গঢ়াৰ দিশে ৰকিবুল হুছেইন: আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে সমষ্টিবাসীক ধন্যবাদ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.