ETV Bharat / politics

এবাৰ পাতে, এবাৰ ভাঙে... অৱশেষত ঘোষণা মায়াৱতীৰ উত্তৰসূৰীৰ নাম - Mayawati and Akash Anand

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 6:52 PM IST

Uttar Pradesh Politics : বিএছপিৰ অধ্যক্ষ মায়াৱতীৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা ৷ পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি কাক নেত্ৰীগৰাকীয়ে উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে, চাওক সবিশেষ এই প্ৰতিবেদনত...

Mayawati and Akash Anand
আকাশ আনন্দক নতুন দায়িত্ব (Etv Bharat Assam)

নেশ্যনেল ডেস্ক, 23 জুন: বহুজন সমাজবাদী পাৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ঘোষণা কৰিছে উত্তৰাধিকাৰীৰ নাম ৷ নেত্ৰীগৰাকীৰ এনে সিদ্ধান্তই আচৰিত কৰি তুলিছে সকলোকে ৷ কিয়নো মায়াৱতীয়ে ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছে ভতিজাক আকাশ আনন্দৰ নাম ৷ তদুপৰি আনন্দক অৰ্পণ কৰা হৈছে দলটোৰ ৰাষ্ট্ৰীয় সমন্বয়কৰ গুৰু দায়িত্ব ৷

লক্ষ্ণৌত অনুষ্ঠিত বিএছপিৰ এক পৰ্যালোচনা বৈঠকত ৰাজনৈতিক নেত্ৰীগৰাকীয়ে ঘোষণা কৰে এই সিদ্ধান্ত, য’ত বিভিন্ন ৰাজ্যৰ দলীয় নেতৃত্বই অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: আমাৰ পৰা শিক্ষা লওক, কঠোৰ ব্যৱস্থা লওক : স্বাতী মালিৱাল সন্দৰ্ভত কেজৰিৱালক আক্ৰমণ মায়াৱতীৰ - Swati Maliwal assault case

এই ঘোষণাৰ পিছতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰে পৰা দলীয় কাৰ্যত আকাশ আনন্দে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই দলৰ কল্যাণৰ হকে কাম কৰি যাব বুলি প্ৰকাশ কৰে ৷ লগতে এইক্ষেত্ৰত দলীয় কাৰ্যকৰ্তা তথা সমৰ্থকৰ সহায়-সহযোগ কামনা কৰে ৷

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ৭ মে’ত মায়াৱতীয়ে আকাশ আনন্দক তেওঁৰ উত্তৰাধিকাৰী আৰু দলৰ ৰাষ্ট্ৰীয় সমন্বয়কৰ পদৰ পৰা আঁতৰ কৰিছিল ৷ সেই সময়ত বিএছপি নেত্ৰীগৰাকীয়ে ৰাজনৈতিক পৰিপক্কতা নোপোৱালৈকে এই দায়িত্বত আকাশক অধিষ্ঠিত কৰা নহ’ব বুলিও ঘোষণা কৰিছিল ৷ কিন্তু দেওবাৰে পুনৰ একেটা পদতে আকাশ আনন্দক অধিষ্ঠিত কৰা কাৰ্যই সকলো দলীয় কৰ্মী-সমৰ্থকৰ মাজত কৌতুহলৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: Next big face of BSP: বিএছপিৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ বাবে মায়াৱতীয়ে দায়িত্ব দিছে ভতিজাক আকাশক

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা নেত্ৰীগৰাকীৰ ভতিজা আকাশ আনন্দে তেওঁৰ উত্তৰাধিকাৰীৰ লগতে দলৰ ৰাষ্ট্ৰীয় সমন্বয়কৰ দায়িত্বত ন্যস্ত আছিল ৷ দেওবাৰৰ দলীয় বৈঠকত মায়াৱতীয়ে পূৰ্বৰ সিদ্ধান্ত সলনি কৰা বুলিও ঘোষণা কৰে ৷ নেত্ৰীগৰাকীয়ে শেহতীয়া লোকসভা নিৰ্বাচনত দলৰ বিফলতা সন্দৰ্ভত দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰে ৷ এইবেলি বহুজন সমাজবাদী পাৰ্টীয়ে মাত্ৰ এখন আসনহে লোকসভা নিৰ্বাচনত দখল কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত আকাশে আন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰৰ ভূমিকা পালন কৰিব ৷

মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰৰ লগতে হাৰিয়ানাত কিছুদিন পিছত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ এনে পৰিস্থিতিত মায়াৱতীয়ে এই ৰাজ্যসমূহত দলীয় নেতৃত্বৰ ব্যাপক সালসলনি ঘটাইছে, যাতে দলটোৱে নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে ৷ অন্যথা দলটোৱে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা হেৰুওৱাৰ সম্ভাৱনা প্ৰবল ৷

শুকুৰবাৰে বিএছপিয়ে উত্তৰাখণ্ডৰ দুখন বিধানসভা আসনত ১০ জুলাইৰ উপ নিৰ্বাচনৰ বাবে ১৩ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা প্ৰকাশ কৰে । এই তালিকাত আকাশ আনন্দৰ নামো সন্নিৱিষ্ট কৰা আছে ৷

লগতে পঢ়ক: ইণ্ডিয়াত নাথাকে মায়াৱতী; 'একলা চলো' নীতি বিএছপি প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.