ETV Bharat / politics

ধুবুৰীৰ ভোটকেন্দ্ৰত ৰকিবুল হুছেইনক আদৰিলে দলে-বলে; আজমলৰ কাষত সেৰেঙা সমৰ্থক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:52 PM IST

Updated : May 7, 2024, 10:01 PM IST

LS polls 2024: লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ধুবুৰী সমষ্টিৰ ভোটকেন্দ্ৰত দেখা গ'ল এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক । কিন্তু দুয়োজন নেতাৰ ক্ষেত্ৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । ভোটকেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ যোৱা আজমলক আদৰি নিবলৈ নাই জনতাৰ ভিৰ । ইফালে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুলক আদৰণি জনতাৰ ।

LS polls
third phase of LS polls (ETV Bharat Assam)
ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

গোৱালপাৰা, ৭ মে': মঙলবাৰে অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ধুবুৰীক ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ । এফালে ৰকিবুল হুছেইনক আদৰণি জনালে বহু সংখ্যক কংগ্ৰেছ সমৰ্থকে, আনফালে মৌলানা বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ নাই সমৰ্থকৰ ভিৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰে দুপৰীয়াভাগত চাপৰৰ ধীৰঘাটত একেলগে উপস্থিত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু এই আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ সৈতে সাক্ষাৎ কৰি পত্নী আৰু পুত্ৰৰ সৈতে চাহ খোৱা দেখা গ'ল । আনফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে ওচৰৰ ভোট কেন্দ্ৰটো পৰিদৰ্শন কৰে যদিও নাছিল সমৰ্থকৰ উছাহ ।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ধুবুৰী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁট হাৰিব বুলি কৰা মন্তব্য প্ৰসংগত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰদান কৰি কয় যে তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কিবা মনমালিন্য হৈছে । সেইবাবে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি এনেবোৰ মন্তব্য আগবঢ়াই আছে । পুৰণি বিজেপি কৰ্মীয়ে প্ৰায়ে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰে বুলি উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।

হুছেইনে আজমলক আদৰিবলৈ সমৰ্থক উপস্থিত নথকা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইমান দিনে ধুবুৰী জিলাৰ মানুহক কন্দুৱাই আছিল আজি ৰাইজে বদৰুদ্দিন আজমলক কন্দুৱাইছে ।

আনফালে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৰা মন্তব্য সন্দৰ্ভত বদৰুদ্দিন আজমলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিহেতু বিজেপিয়ে এই ধুবুৰী সমষ্টিটোত হাৰিব বুলি ধৰি লৈছে গতিকে সেইখিনি ভোট লাভ কৰিব এ আই ইউ ডি এফে । কাৰণ মানুহে এতিয়া আৰু জাভেদ ইছলামক ভোট নিদিয়ে আৰু কংগ্ৰেছকো নিদিয়ে । সকলোৱে আজমলকেই ভোট দিব । পুৰণি বিজেপিয়ে নিজ দলৰ বিৰুদ্ধে মাত মতা প্ৰসংগত বদৰুদ্দিন আজমলে চালে বেৰে কোবোৱা কথাৰে আন প্ৰসংগ টানি আনে ।

লগতে পঢ়ক: মোৰ কাৰণে মহিলাসকল ওলাই আহিছে: বদৰুদ্দিন আজমল - Lok Sabha Election 2024

পদুমৰ চিনত ভোট দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই - Lok Sabha Election 2024

মঙলবাৰ হোৱা বাবে ঘৰৰ পৰা নোলায় দিছপুৰৰ বিধায়ক অতুল বৰা : অজিত কুমাৰ ভূঞা - Lok Sabha election 2024

Last Updated : May 7, 2024, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.